--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দাঁতৰ বিষ অসহনীয়৷ কেতিয়াবা ঘৰুৱা চিকিৎসাৰেও  দাঁত সম্পৰ্কীয় সমস্যাবোৰ আৰোগ্য হয় যদিও কেতিয়াবা চিকিৎসকৰ ওচৰলৈও যাবলগীয়া  হয়।   কিন্তু যুৱকজনে জনা নাছিল যে দন্ত চিকিৎসকৰ কাষলৈ যোৱাটোৱেই তেওঁৰ বাবে কাল হৈ পৰিব৷  দাঁতৰ বিষৰ বাবে চিকিৎসকৰ ওচৰলৈ যোৱা যুৱক জনে অৱশেষত মৃত্যুক সাৱটি ল’বলগীয়া হৈছে৷ ঘটনাটো ঘটিছে আমাৰ চুবুৰীয়া দেশ চীনত৷ কিন্তু দাঁতৰ বিষৰ চিকিৎসাৰ ক্ষেত্ৰত অত্যধিক সাৱধানতা অৱলম্বনৰ সজাগতা সৃষ্টিৰ বাবেই এই খবৰ প্ৰচাৰ কৰা হৈছে৷ 

 ঘটনাটো চীনৰ হুনান প্ৰদেশত সংঘটিত হৈছে৷ শ্বেনঝেনৰ ৱাং নামৰ এজন ২৩  বছৰীয়া যুৱকে  দাঁতৰ বিষৰ বাবে চিকিৎসকৰ ওচৰলৈ  গৈছিল।চিকিৎসাৰ বাবে কুইয়ং পিপ’লছ হস্পিটেললৈ যোৱা ৱাঙক দন্ত চিকিৎসকে কৈছিল যে তেওঁৰ দুটা দাঁত তুলি পেলাব  লাগিব।  সেইমতে তেওঁৰ দুটা দাঁত তুলিছিল৷ ইয়াৰ পিছত শুই থকাৰ পৰা উঠাৰ লগে লগে যুৱক জন মজিয়াত ঢলি পৰে আৰু সংজ্ঞাহীন হৈ পৰে৷  তেওঁক লগে লগে জৰুৰীকালীন চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়৷ কিন্তু তেওঁ ক’মা অৱস্থালৈ গুছি যায় আৰু অৱশেষত মৃত্যুক সাৱটি লয়৷ জানিব পৰা মতে  ৱাঙৰ দাঁত আঁতৰ কৰাৰ সময়তে  তেওঁৰ মগজুৰ ৰক্তক্ষৰণ আৰম্ভ হৈছিল। ৱাং ১৪ দিন ক’মাত আছিল আৰু অৱশেষত মৃত্যুবৰণ কৰে৷ 

ৱাঙৰ   পৰিয়ালে ঘটনাটোৰ বাবে চিকিৎসালয়খনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰু চিকিৎসা কৰ্মীসকলৰ অৱহেলাৰ  বাবেই ৱাঙৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে৷ ইপিনে এই ঘটনাৰ পিছতে বহু বিশেষজ্ঞই  দাঁতৰ বিষৰ চিকিৎসা কৰাৰ আগতে সকলোকে সাৱধান হ'বলৈ পৰামৰ্শ দিছে। পৰিয়ালটোৱে  চিকিৎসালয়ৰ পৰা ২,০৮,৩২,৮৮৭ চীনা মুদ্ৰাৰ ক্ষতিপূৰণ দাবী কৰিছে, কিন্তু চিকিৎসালয়খনে ৬৯,৭১,৯৬২ চীনা মুদ্ৰা পৰিয়ালটোক অৰ্পন কৰি বিষয়টো  নিষ্পত্তি কৰিব বিচাৰে। এনে ঘটনাক্ৰমৰ মাজতে গোচৰটো মীমাংসা নোহোৱালৈকে   ৱাঙৰ মৃতদেহ পাঁচ মাহৰ বাবে সংৰক্ষণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷  যাতে সৈতে চিকিৎসকে কৰা গাফিলতিৰ প্ৰমাণ ৰাখিব পৰা যায়৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ