--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দাঁতৰ বিষ অসহনীয়৷ কেতিয়াবা ঘৰুৱা চিকিৎসাৰেও  দাঁত সম্পৰ্কীয় সমস্যাবোৰ আৰোগ্য হয় যদিও কেতিয়াবা চিকিৎসকৰ ওচৰলৈও যাবলগীয়া  হয়।   কিন্তু যুৱকজনে জনা নাছিল যে দন্ত চিকিসকৰ কাষলৈ যোৱাটোৱেই তেওঁৰ বাবে কাল হৈ পৰিব৷  দাঁতৰ বিষৰ বাবে চিকিৎসকৰ ওচৰলৈ যোৱা যুৱক জনে অৱশেষত মৃত্যুক সাৱটি ল’বলগীয়া হৈছে৷ ঘটনাটো ঘটিছে আমাৰ চুবুৰীয়া দেশ চীনত৷ কিন্তু দাঁতৰ বিষৰ চিকিসাৰ ক্ষেত্ৰত অত্যধিক সাৱধানতা অৱলম্বনৰ সজাগতা সৃষ্টিৰ বাবেই এই খবৰ প্ৰচাৰ কৰা হৈছে৷ 

 ঘটনাটো চীনৰ হুনান প্ৰদেশত সংঘটিত হৈছে৷ শ্বেনঝেনৰ ৱাং নামৰ এজন ২৩  বছৰীয়া যুৱকে  দাঁতৰ বিষৰ বাবে চিকিৎসকৰ ওচৰলৈ  গৈছিল।চিকিৎসাৰ বাবে কুইয়ং পিপ’লছ হস্পিটেললৈ যোৱা ৱাঙক দন্ত চিকিৎসকে কৈছিল যে তেওঁৰ দুটা দাঁত তুলি পেলাব  লাগিব।  সেইমতে তেওঁৰ দুটা দাঁত তুলিছিল৷ ইয়াৰ পিছত শুই থকাৰ পৰা উঠাৰ লগে লগে যুৱক জন মজিয়াত ঢলি পৰে আৰু সংজ্ঞাহীন হৈ পৰে৷  তেওঁক লগে লগে জৰুৰীকালীন চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়৷ কিন্তু তেওঁ ক’মা অৱস্থালৈ গুছি যায় আৰু অৱশেষত মৃত্যুক সাৱটি লয়৷ জানিব পৰা মতে  ৱাঙৰ দাঁত আঁতৰ কৰাৰ সময়তে  তেওঁৰ মগজুৰ ৰক্তক্ষৰণ আৰম্ভ হৈছিল। ৱাং ১৪ দিন ক’মাত আছিল আৰু অৱশেষত মৃত্যুবৰণ কৰে৷ 

ৱাঙৰ   পৰিয়ালে ঘটনাটোৰ বাবে চিকিৎসালয়খনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰু চিকিৎসা কৰ্মীসকলৰ অৱহেলাৰ  বাবেই ৱাঙৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে৷ ইপিনে এই ঘটনাৰ পিছতে বহু বিশেষজ্ঞই  দাঁতৰ বিষৰ চিকিৎসা কৰাৰ আগতে সকলোকে সাৱধান হ'বলৈ পৰামৰ্শ দিছে। পৰিয়ালটোৱে  চিকিৎসালয়ৰ পৰা ২,০৮,৩২,৮৮৭ চীনা মুদ্ৰাৰ ক্ষতিপূৰণ দাবী কৰিছে, কিন্তু চিকিৎসালয়খনে ৬৯,৭১,৯৬২ চীনা মুদ্ৰা পৰিয়ালটোক অৰ্পন কৰি বিষয়টো  নিষ্পত্তি কৰিব বিচাৰে। এনে ঘটনাক্ৰমৰ মাজতে গোচৰটো মীমাংসা নোহোৱালৈকে   ৱাঙৰ মৃতদেহ পাঁচ মাহৰ বাবে সংৰক্ষণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷  যাতে সৈতে চিকিৎসকে কৰা গাফিলতিৰ প্ৰমাণ ৰাখিব পৰা যায়৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
'ককাদেউতা নাতি আৰু হাতী ২'ৰ প'ষ্টাৰ-ল'গ' মুকলি
ভাৰতৰ বিৰুদ্ধে এইবাৰ ৫০ শতাংশ শুল্ক ঘোষণা ট্রাম্পৰ
অসমীয়া জাতিক নিঃশেষ কৰিব খুজিলে পৰিস্থিতি বেয়া হ'ব, মুখ্যমন্ত্ৰীৰ পুনৰ সকীয়নি
৭ বছৰৰ মূৰত চীনলৈ যাব মোদী
'উচ্ছেদৰ পাছতে আমাক লাগিব নেঘেৰিবিল, পূৰ্বপুৰুষৰ ভূমি ঘূৰাই লাগিবই': অসমক হুংকাৰ দিলে নগাই
মোদীৰ প্ৰতিচ্ছবিৰে হাতেৰে সজ্জিত কৰিলে অংগবস্ত্ৰ! প্ৰধানমন্ত্ৰীলৈ বিশেষ সন্মান অসমৰ প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ
শ্রীহৰিকোটাৰ পৰা উৎক্ষেপণ বিশ্বৰ ব্যয়বহুল আর্থ ইমেজিং ছেটেলাইট
হাস্পতালৰ ৱাৰ্ডগাৰ্লৰ সৈতে অসংযত অৱস্থাত ধৰা পৰিল ASI সঞ্জীৱ গয়াৰী
অবৈধ কয়লাৰ কোটি কোটি টকাৰ ব্যৱসায় চলি আছে অসমত
তিনিচুকীয়া ৰে’লৱে ষ্টেচনত উদ্ধাৰ মানৱ সৰবৰাহকাৰীৰ ভয়ংকৰ ৰেকেট
বড়োলেণ্ড এফ চিৰ জয়, বিদায় কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ
মেঘালয়ৰ হত্যাকাণ্ডৰ পটভূমিত নির্মাণ হ'ব 'হনিমুন ইন শ্বিলং'
এইবোৰ কাৰণত ঘৰত সৃষ্টি হ’ব পাৰে বাস্তু দোষ! এইদৰে কৰক চিনাক্ত
বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ঘোষণা