--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আছাদুদ্দিন ওৱেইছি আৰু বিজেপি নেতাৰ মাজৰ বাকযুদ্ধ কোনো নতুন খবৰ নহয়। শেহতীয়াকৈ তেওঁক ‘ভাইৰাছ’ বুলি কটাক্ষ কৰিলে বিজেপি নেতা ৰধামোহন সিঙে। বৰ্ষীয়ান বিজেপি নেতাগৰাকীৰ দাবী, বিজেপিৰ সংখ্যালঘু মৰ্চাই হ’ল আছাদুদ্দিন ওৱেইছি নামৰ ভাইৰাছবিধৰ ভেকচিন।


উল্লেখ্য যে উত্তৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচন সমাগত। এনে সময়ত এফালে যোগী আদিত্যনাথে ৰাজ্যখনত দলৰ আধিপত্য ধৰি ৰখাৰ চেষ্টা চলাই আছে, আনপিনে আছাদুদ্দিন ওৱেইছিয়েও ৰাজ্যখনত নিজৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। বিহাৰত প্ৰয়োগ কৰা সূত্ৰই যে এ আই এম আই এম প্ৰধান ওৱেইছিয়ে উত্তৰ প্ৰদেশতো প্ৰয়োগ কৰিব বিচাৰিছে সেয়া নিশ্চিত।খবৰ অনুসৰি, ৰাজ্যখনৰ অতি কমেও ১০০ টা সমষ্টিত দলীয় প্ৰাৰ্থী থিয় কৰোৱাৰ পৰিকল্পনা কৰিছে তেওঁ।


ৰাজ্যখনত ওৱেইছিৰ এই তৎপৰতাক মুঠেও ভাল দৃষ্টিৰে লোৱা নাই গেৰুৱা শিবিৰে।সেইবাবেই শুক্ৰবাৰে বিহাৰৰ মোতিহাৰি অঞ্চলত দলৰ সংখ্যালঘু মৰ্চাৰ এখনি সভাত ভাষণ প্ৰদান কৰি অক্ৰমণাত্মক হৈ পৰে নেতা ৰাধামোহন সিঙ আৰু তেওঁক আখ্যা দিয়ে ‘ভাইৰাছ’ বুলি।
উল্লেখ্য যে বিহাৰ বিধানসভা নিৰ্বাচনত ওৱেইছিৰ দল এ আই এম আই এমে লাভ কৰিছিল ৫ খন আসন। উত্তৰ প্ৰদেশত তাতকৈও ভাল ফল আশা কৰা ওৱেইছিয়ে শেহতীয়াকৈ আক্ৰমণৰ লক্ষ্য কৰি লৈছিল যোগী আদিত্যনাথকো। যি নহওঁক, ওৱেইছি আৰু আদিত্যনাথৰ এই সংঘাতে ৰাজ্যখ্নৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিক কি পৰ্যায়লৈ লৈ যায় সেয়াহে লক্ষ্যণীয় হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ