--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আছাদুদ্দিন ওৱেইছি আৰু বিজেপি নেতাৰ মাজৰ বাকযুদ্ধ কোনো নতুন খবৰ নহয়। শেহতীয়াকৈ তেওঁক ‘ভাইৰাছ’ বুলি কটাক্ষ কৰিলে বিজেপি নেতা ৰধামোহন সিঙে। বৰ্ষীয়ান বিজেপি নেতাগৰাকীৰ দাবী, বিজেপিৰ সংখ্যালঘু মৰ্চাই হ’ল আছাদুদ্দিন ওৱেইছি নামৰ ভাইৰাছবিধৰ ভেকচিন।


উল্লেখ্য যে উত্তৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচন সমাগত। এনে সময়ত এফালে যোগী আদিত্যনাথে ৰাজ্যখনত দলৰ আধিপত্য ধৰি ৰখাৰ চেষ্টা চলাই আছে, আনপিনে আছাদুদ্দিন ওৱেইছিয়েও ৰাজ্যখনত নিজৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। বিহাৰত প্ৰয়োগ কৰা সূত্ৰই যে এ আই এম আই এম প্ৰধান ওৱেইছিয়ে উত্তৰ প্ৰদেশতো প্ৰয়োগ কৰিব বিচাৰিছে সেয়া নিশ্চিত।খবৰ অনুসৰি, ৰাজ্যখনৰ অতি কমেও ১০০ টা সমষ্টিত দলীয় প্ৰাৰ্থী থিয় কৰোৱাৰ পৰিকল্পনা কৰিছে তেওঁ।


ৰাজ্যখনত ওৱেইছিৰ এই তৎপৰতাক মুঠেও ভাল দৃষ্টিৰে লোৱা নাই গেৰুৱা শিবিৰে।সেইবাবেই শুক্ৰবাৰে বিহাৰৰ মোতিহাৰি অঞ্চলত দলৰ সংখ্যালঘু মৰ্চাৰ এখনি সভাত ভাষণ প্ৰদান কৰি অক্ৰমণাত্মক হৈ পৰে নেতা ৰাধামোহন সিঙ আৰু তেওঁক আখ্যা দিয়ে ‘ভাইৰাছ’ বুলি।
উল্লেখ্য যে বিহাৰ বিধানসভা নিৰ্বাচনত ওৱেইছিৰ দল এ আই এম আই এমে লাভ কৰিছিল ৫ খন আসন। উত্তৰ প্ৰদেশত তাতকৈও ভাল ফল আশা কৰা ওৱেইছিয়ে শেহতীয়াকৈ আক্ৰমণৰ লক্ষ্য কৰি লৈছিল যোগী আদিত্যনাথকো। যি নহওঁক, ওৱেইছি আৰু আদিত্যনাথৰ এই সংঘাতে ৰাজ্যখ্নৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিক কি পৰ্যায়লৈ লৈ যায় সেয়াহে লক্ষ্যণীয় হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু