--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিদ খানৰ এক কাৰ্যই জিনিছে সকলোৰে হৃদয়৷ আফগানিস্তানৰ তাৰকা স্পিনাৰ ৰছিদ খানে নিজৰ সমগ্ৰ বিশ্বকাপৰ পাৰিতোষিক ভূমিকম্পত আক্ৰান্তসকলক দান কৰাৰ সিদ্ধান্ত লৈছে। ৭ অক্টোবৰত আফগানিস্তানৰ পশ্চিম প্ৰদেশত ভূমিকম্পই ব্যাপক বিধ্বংসী ৰূপ ধাৰণ কৰে। ভূমিকম্পত শ শ লোকে প্ৰাণ হেৰুৱাইছে। বহু লোক গুৰুতৰভাৱে আহত হৈছে। ভূমিকম্পৰ ফলত পশ্চিম হেৰাট, ফাৰাহ আৰু বদঘিছ আদি অঞ্চলৰ বিস্তৰ ক্ষতিসাধন হৈছে। ৰছিদ খানে এক্স একাউণ্ট (টুইটাৰ)ৰ জৰিয়তে জনাইছে যে তেওঁ সমগ্ৰ বিশ্বকাপৰ মাচুল ভূমিকম্পত ক্ষতিগ্ৰস্তসকলক দান কৰিব।

ৰাছিদে এক্সত লিখিছে, ‘আফগানিস্তানৰ পশ্চিম প্ৰদেশ (হেৰাট, ফাৰাহ আৰু বদঘীছ)ত হোৱা ভূমিকম্পৰ বিষয়ে মই অতি দুখেৰে জানিব পাৰিলোঁ। মই বিশ্বকাপ ২০২৩ত পাবলগীয়া সমগ্ৰ মাচুল দুখীয়া লোকসকলক সহায় কৰিবলৈ দান কৰিছো।” তেওঁ আৰু কয় যে তেওঁ অতি সোনকালে প্ৰজন্মৰ বাবে ধন সংগ্ৰহৰ অভিযান আৰম্ভ কৰিব। এই পোষ্টটোৰ কমেণ্টৰ জৰিয়তে ৰাইজে ৰছিদ খানক বহুত প্ৰশংসা কৰিছে।

ভূমিকম্পৰ ফলত হোৱা ধ্বংসলীলাৰ কথা ক’বলৈ গ’লে এতিয়ালৈকে ২০০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে। লগতে ১০ হাজাৰ লোক আহত হোৱাৰ খবৰ আহি পৰিছে৷ ভূমিকম্পৰ কম্পন ইমানেই প্ৰবল হৈ পৰিছিল যে দেশখনৰ কিছু গাঁও সম্পূৰ্ণৰূপে ধ্বংস হৈছিল। ভূমিকম্পৰ তীব্ৰতা আছিল ৬.৩।

উল্লেখযোগ্য যে আফগানিস্তান ক্ৰিকেট দলে বিশ্বকাপৰ প্ৰথমখন মেচত পৰাস্ত হৈছে। প্ৰথমখন খেলত বাংলাদেশৰ বিৰুদ্ধে ৬ উইকেটত পৰাস্ত হৈছিল দলটো। ধৰমশালাত দুয়োৰে মাজত খেলখন অনুষ্ঠিত হয়। এতিয়া আফগানিস্তানৰ দ্বিতীয়খন খেল ১১ অক্টোবৰত দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত ভাৰতৰ বিৰুদ্ধে হ’ব, যিখন বিশ্বকাপৰ নৱমখন খেল হ’ব। এই প্ৰতিযোগিতাত ভাৰত আৰু আফগানিস্তানৰ মাজত দ্বিতীয়খন খেল অনুষ্ঠিত হ’ব। প্ৰথমখন খেলত জয়লাভ কৰিছে টীম ইণ্ডিয়াই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু