--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি নেদাৰলেণ্ডক পৰাস্ত কৰিলে কিৱিবাহিনীয়ে৷ চলি থকা বিশ্বকাপত সোমবাৰে হায়দৰাবাদৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা দিনটোৰ একমাত্ৰ খেলখনত নেদাৰলেণ্ডক ৯৯ ৰানত পৰাস্ত কৰি নিউজিলেণ্ডে দ্বিতীয়টো জয় পঞ্জীয়ন কৰে। নেদাৰলেণ্ডৰ পূৰ্বে বেটিং কৰিবলৈ নিমন্ত্ৰণ পোৱাৰ পাছত যেতিয়া নিউজিলেণ্ডে প্ৰথম ইনিংছত ৩৩২ ৰান সংগ্ৰহ কৰিছিল, তেতিয়া মেচখনৰ ফলাফল বহু পৰিমাণে স্পষ্ট হৈ পৰিছিল। অৱশ্যে নেদাৰলেণ্ডৰ আৰম্ভণি বৰ ভাল নাছিল। ভাৰতীয় মূলৰ বিক্ৰমজিৎ সিং (১২) আৰু মেক্স ডাউড (১৬) আউট হৈছিল। ইয়াৰ পৰা কলিন একাৰমেনে (৬৯) এটা মূৰ ধৰি ভাল ইনিংছ খেলিছিল যদিও আনটো মূৰত উইকেট তললৈ নামি গৈ থাকিল। স্কট এডৱাৰ্ডছ (৩০) আৰু চাইব্ৰাণ্ড এংলেব্ৰেচ্টে (২৯) নিশ্চিতভাৱে চেষ্টা কৰিছিল যদিও এই অৱদান সামান্য আছিল। সমগ্ৰ দলটোৱে ৪৬.৩ অভাৰত ২২৩ ৰান সংগ্ৰহ কৰি অল আউট হয়। বাওঁফালৰ স্পিনাৰ চেণ্টাৰে ৫টা উইকেট দখল কৰে।

নেদাৰলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ খেলখনত নিউজিলেণ্ডে ৭ উইকেটৰ বিনিময়ত ৩২২ ৰান সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ হৈ উইল ইয়ঙে ৭০ ৰান, টম লেথামে ৫৩ ৰান, ৰাচিন ৰবীন্দ্ৰই ৫১ ৰাণ কৰাৰ বিপৰীতে ডেৰিল মিচেলে ৪৮ ৰান সংগ্ৰহ কৰে। নেদাৰলেণ্ডৰ হৈ পল ভান মীকেৰেন, আৰিয়ান দত্ত আৰু ৰ’লফ ভান ডেৰ মেৰৱে দুটাকৈ উইকেট দখল কৰে।

ইয়াৰ পূৰ্বে নেদাৰলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়।উল্লেখযোগ্য যে শেষৰখন খেলত নিউজিলেণ্ডে দলে ইংলেণ্ডক পৰাস্ত কৰিছে। এনে পৰিস্থিতিত নিউজিলেণ্ডৰ দলটোৰ মনোবল বৃদ্ধি পাইছে। আনহাতে নেদাৰলেণ্ড পাকিস্তানৰ হাতত পৰাস্ত হয়।

নিউজিলেণ্ড (প্লেয়িং একাদশ): ডেভন কনৱে, উইল ইয়ং, ৰাছিন ৰবীন্দ্ৰ, ডেৰিল মিচেল, টম লেথাম (উইকেটকীপাৰ), গ্লেন ফিলিপছ, মাৰ্ক চেপমেন, মিচেল ছাণ্টনাৰ, মেট হেনৰী, লকি ফাৰ্গুচন, ট্ৰেণ্ট ব’ল্ট।

নেদাৰলেণ্ড (প্লেয়িং একাদশ): বিক্ৰমজিৎ সিং, মেক্স অ’ডাউড, কলিন একাৰমেন, বাছ ডি লিডে, তেজা নিদামানুৰু, স্কট এডৱাৰ্ডছ (উইকেটকীপাৰ), ছিব্ৰাণ্ড এংগেলব্ৰেচ্ট, ৰ’লফ ভান ডেৰ মেৰৱে, ৰিয়ান ক্লাইন, আৰিয়ান দত্ত, পল ভান মীকেৰেন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু