--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি নেদাৰলেণ্ডক পৰাস্ত কৰিলে কিৱিবাহিনীয়ে৷ চলি থকা বিশ্বকাপত সোমবাৰে হায়দৰাবাদৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা দিনটোৰ একমাত্ৰ খেলখনত নেদাৰলেণ্ডক ৯৯ ৰানত পৰাস্ত কৰি নিউজিলেণ্ডে দ্বিতীয়টো জয় পঞ্জীয়ন কৰে। নেদাৰলেণ্ডৰ পূৰ্বে বেটিং কৰিবলৈ নিমন্ত্ৰণ পোৱাৰ পাছত যেতিয়া নিউজিলেণ্ডে প্ৰথম ইনিংছত ৩৩২ ৰান সংগ্ৰহ কৰিছিল, তেতিয়া মেচখনৰ ফলাফল বহু পৰিমাণে স্পষ্ট হৈ পৰিছিল। অৱশ্যে নেদাৰলেণ্ডৰ আৰম্ভণি বৰ ভাল নাছিল। ভাৰতীয় মূলৰ বিক্ৰমজিৎ সিং (১২) আৰু মেক্স ডাউড (১৬) আউট হৈছিল। ইয়াৰ পৰা কলিন একাৰমেনে (৬৯) এটা মূৰ ধৰি ভাল ইনিংছ খেলিছিল যদিও আনটো মূৰত উইকেট তললৈ নামি গৈ থাকিল। স্কট এডৱাৰ্ডছ (৩০) আৰু চাইব্ৰাণ্ড এংলেব্ৰেচ্টে (২৯) নিশ্চিতভাৱে চেষ্টা কৰিছিল যদিও এই অৱদান সামান্য আছিল। সমগ্ৰ দলটোৱে ৪৬.৩ অভাৰত ২২৩ ৰান সংগ্ৰহ কৰি অল আউট হয়। বাওঁফালৰ স্পিনাৰ চেণ্টাৰে ৫টা উইকেট দখল কৰে।

নেদাৰলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ খেলখনত নিউজিলেণ্ডে ৭ উইকেটৰ বিনিময়ত ৩২২ ৰান সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ হৈ উইল ইয়ঙে ৭০ ৰান, টম লেথামে ৫৩ ৰান, ৰাচিন ৰবীন্দ্ৰই ৫১ ৰাণ কৰাৰ বিপৰীতে ডেৰিল মিচেলে ৪৮ ৰান সংগ্ৰহ কৰে। নেদাৰলেণ্ডৰ হৈ পল ভান মীকেৰেন, আৰিয়ান দত্ত আৰু ৰ’লফ ভান ডেৰ মেৰৱে দুটাকৈ উইকেট দখল কৰে।

ইয়াৰ পূৰ্বে নেদাৰলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়।উল্লেখযোগ্য যে শেষৰখন খেলত নিউজিলেণ্ডে দলে ইংলেণ্ডক পৰাস্ত কৰিছে। এনে পৰিস্থিতিত নিউজিলেণ্ডৰ দলটোৰ মনোবল বৃদ্ধি পাইছে। আনহাতে নেদাৰলেণ্ড পাকিস্তানৰ হাতত পৰাস্ত হয়।

নিউজিলেণ্ড (প্লেয়িং একাদশ): ডেভন কনৱে, উইল ইয়ং, ৰাছিন ৰবীন্দ্ৰ, ডেৰিল মিচেল, টম লেথাম (উইকেটকীপাৰ), গ্লেন ফিলিপছ, মাৰ্ক চেপমেন, মিচেল ছাণ্টনাৰ, মেট হেনৰী, লকি ফাৰ্গুচন, ট্ৰেণ্ট ব’ল্ট।

নেদাৰলেণ্ড (প্লেয়িং একাদশ): বিক্ৰমজিৎ সিং, মেক্স অ’ডাউড, কলিন একাৰমেন, বাছ ডি লিডে, তেজা নিদামানুৰু, স্কট এডৱাৰ্ডছ (উইকেটকীপাৰ), ছিব্ৰাণ্ড এংগেলব্ৰেচ্ট, ৰ’লফ ভান ডেৰ মেৰৱে, ৰিয়ান ক্লাইন, আৰিয়ান দত্ত, পল ভান মীকেৰেন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ