--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আছিল তেওঁৰ ৰাধা হোৱাৰ মন। মনৰ বাসনা পূৰাবলৈ ৰাধাৰ বেশেৰে নাচোনো জুৰিলে। পিছে তাতেই ঘটিল অথন্তৰ। এইবাৰ দেশৰ মনোৰঞ্জন জগতৰ এগৰাকী প্ৰতিনিধি ছানী লিঅ’নীৰ বিৰু্দ্ধে গৰজি উঠিছে সাধু-সন্ত। প্ৰতিভা নহ’লেও দেহৰ জ্যোতিৰে অসংখ্যজনৰ মন মুহিবলৈ সক্ষম হোৱা ছানী লিঅ’নীৰ শেহতীয়া মিউজিক ভিডিঅ’ এটাক লৈ চলিছে বিতৰ্ক। মথুৰাৰ পুৰোহিতে এতিয়া ছানীৰ এই মিউজিক ভিডিঅ’ নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰিছে। ‘মধুবন মে ৰাধিকা নাচে’ শীৰ্ষক কালজয়ী গীতটোত ছানীয়ে অৰুচিকৰ নৃত্য কৰা বুলি অভিযোগ কৰিছে সাধু-সন্তসকলে। এই কাৰ্যৰ জৰিয়তে ছানীয়ে তেওঁলোকৰ ধৰ্মীয় অনুভূতিত আঘাত হনা বুলিও তেওঁলোকে অভিযোগ কৰিছে।

উল্লেখ্য যে, এই ১৯৬০চনত ‘কহিনুৰ’ ছবিৰ বাবে এই গীতটো গাইছিল মহম্মদ ৰফীয়ে। এই গীতটোত মিউজিক ভিডিঅ’ত ছানীয়ে কৰা নৃত্যক লৈ আপত্তি দৰ্শাই বৃন্দাবনৰ সন্ত নৱল গিৰি মহাৰাজে এই মিউজিক ভিডিঅ’ নিষিদ্ধ কৰাৰ দাবী জনাইছে। তেওঁ কয়, ‘চৰকাৰে যদিহে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে আৰু তেওঁৰ মিউজিক ভিডিঅ’ বন্ধ নকৰে তেন্তে আমি আদালতলৈ যাম।’ তেওঁ লগতে হুংকাৰ দিয়ে যে, যদিহে আপত্তিজনৰ অংশখিনি বাতিল কৰি ছানী লিঅ’নীয়ে ৰাজহুৱাকৈ ক্ষমা প্ৰাৰ্থনা নকৰে তেন্তে তেওঁক ভাৰতত থাকিবলৈ দিয়া নহ’ব বুলিও হুংকাৰ দিয়ে সন্তগৰাকীয়ে।


অখিল ভাৰতীয় তীৰ্থ পুৰোহিত মহাসভাৰ ৰাষ্ট্ৰীয় সভাপতি মহেশ পাঠকেও ছানীৰ এই ভিডিঅ’ক লৈ আপত্তি দৰ্শাইছে। গীতটোক অতি অৰুচিকৰভাৱে উপস্থাপন কৰি তেওঁ ব্ৰীজভূমিৰ মৰ্যাদা লাঘৱ কৰিছে বুলিও তেওঁ অভিযোগ কৰিছে। উল্লেখ্য যে, সাৰেগামা মিউজিকে বুধবাৰে ‘মধুবন’ শীৰ্ষক ছানীৰ শেহতীয়া মিউজিক ভিডিঅ’ মুকলি কৰিছিল। কণিকা কাপুপ আৰু অৰিন্দম চক্ৰৱৰ্তীয়ে গোৱা গীতটোত নৃত্য আৰু অভিনয় কৰিছিল ছানী লিঅ’নীয়ে। ৰাধা-কৃষ্ণৰ প্ৰেমৰ বৰ্ণনা থকা গীতটোত উত্তেজক আৰু অশালীন নৃত্য কৰা বুলি নেটিজেনেও তীব্ৰ সমালোচনা কৰিছে ছানীক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ