--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আছিল তেওঁৰ ৰাধা হোৱাৰ মন। মনৰ বাসনা পূৰাবলৈ ৰাধাৰ বেশেৰে নাচোনো জুৰিলে। পিছে তাতেই ঘটিল অথন্তৰ। এইবাৰ দেশৰ মনোৰঞ্জন জগতৰ এগৰাকী প্ৰতিনিধি ছানী লিঅ’নীৰ বিৰু্দ্ধে গৰজি উঠিছে সাধু-সন্ত। প্ৰতিভা নহ’লেও দেহৰ জ্যোতিৰে অসংখ্যজনৰ মন মুহিবলৈ সক্ষম হোৱা ছানী লিঅ’নীৰ শেহতীয়া মিউজিক ভিডিঅ’ এটাক লৈ চলিছে বিতৰ্ক। মথুৰাৰ পুৰোহিতে এতিয়া ছানীৰ এই মিউজিক ভিডিঅ’ নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰিছে। ‘মধুবন মে ৰাধিকা নাচে’ শীৰ্ষক কালজয়ী গীতটোত ছানীয়ে অৰুচিকৰ নৃত্য কৰা বুলি অভিযোগ কৰিছে সাধু-সন্তসকলে। এই কাৰ্যৰ জৰিয়তে ছানীয়ে তেওঁলোকৰ ধৰ্মীয় অনুভূতিত আঘাত হনা বুলিও তেওঁলোকে অভিযোগ কৰিছে।

উল্লেখ্য যে, এই ১৯৬০চনত ‘কহিনুৰ’ ছবিৰ বাবে এই গীতটো গাইছিল মহম্মদ ৰফীয়ে। এই গীতটোত মিউজিক ভিডিঅ’ত ছানীয়ে কৰা নৃত্যক লৈ আপত্তি দৰ্শাই বৃন্দাবনৰ সন্ত নৱল গিৰি মহাৰাজে এই মিউজিক ভিডিঅ’ নিষিদ্ধ কৰাৰ দাবী জনাইছে। তেওঁ কয়, ‘চৰকাৰে যদিহে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে আৰু তেওঁৰ মিউজিক ভিডিঅ’ বন্ধ নকৰে তেন্তে আমি আদালতলৈ যাম।’ তেওঁ লগতে হুংকাৰ দিয়ে যে, যদিহে আপত্তিজনৰ অংশখিনি বাতিল কৰি ছানী লিঅ’নীয়ে ৰাজহুৱাকৈ ক্ষমা প্ৰাৰ্থনা নকৰে তেন্তে তেওঁক ভাৰতত থাকিবলৈ দিয়া নহ’ব বুলিও হুংকাৰ দিয়ে সন্তগৰাকীয়ে।


অখিল ভাৰতীয় তীৰ্থ পুৰোহিত মহাসভাৰ ৰাষ্ট্ৰীয় সভাপতি মহেশ পাঠকেও ছানীৰ এই ভিডিঅ’ক লৈ আপত্তি দৰ্শাইছে। গীতটোক অতি অৰুচিকৰভাৱে উপস্থাপন কৰি তেওঁ ব্ৰীজভূমিৰ মৰ্যাদা লাঘৱ কৰিছে বুলিও তেওঁ অভিযোগ কৰিছে। উল্লেখ্য যে, সাৰেগামা মিউজিকে বুধবাৰে ‘মধুবন’ শীৰ্ষক ছানীৰ শেহতীয়া মিউজিক ভিডিঅ’ মুকলি কৰিছিল। কণিকা কাপুপ আৰু অৰিন্দম চক্ৰৱৰ্তীয়ে গোৱা গীতটোত নৃত্য আৰু অভিনয় কৰিছিল ছানী লিঅ’নীয়ে। ৰাধা-কৃষ্ণৰ প্ৰেমৰ বৰ্ণনা থকা গীতটোত উত্তেজক আৰু অশালীন নৃত্য কৰা বুলি নেটিজেনেও তীব্ৰ সমালোচনা কৰিছে ছানীক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু