--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ উৎসৱৰ বতৰ ৷ নৱবৰ্ষ আৰু খ্ৰীষ্টমাছৰ আনন্দত এতিয়া সকলো হৈ পৰিছে আত্মহাৰা৷ নিজৰ প্ৰিয়জনৰ সৈতে কোনোবা যদি পছন্দৰ ঠাইখনলৈ ফুৰিবলৈ গৈছে আন কোনোৱে আকৌ পৰিয়ালৰ সৈতে সুন্দৰ মুহুৰ্তবোৰ উপভোগ কৰিছে৷ পিছপৰি ৰোৱা নাই বলীউডৰ তাৰকাসকলো৷ কিছুদিনৰ আগলৈকে বিকি-কেটৰ বিয়াই সৰ্বাধিক চৰ্চা লাভ কৰাৰ পাছতে এতিয়া নিক-প্ৰিয়ংকাৰ খ্ৰীষ্টমাছ উদযাপনৰ আলোকচিত্ৰ চৰ্চিত হৈছে অনুৰাগীৰ মাজত৷

সাধাৰণতে তেওঁলোকে যথেষ্ট ব্যস্ত কাৰ্যসূচীৰ মাজত খাকিব লগা হয়৷ অনিচ্ছাস্বত্বেও শ্বুটিংৰ ব্যস্ততাৰ বাবে তেওঁলোক পৰিয়ালৰ পৰা বহু সময় আঁতৰিয়েই থাকিব লগা হয়৷ কিন্তু, উৎসৱ-পাৰ্বণৰ সময়ত তেওঁলোক হাজাৰ ব্যস্ততাৰ মাজতো পৰিয়ালৰ সৈতে উপভোগ কৰে সুন্দৰ মুহুৰ্তবোৰ৷ শেহতীয়াকৈ নিক আৰু প্ৰিয়ংকা চোপ্ৰাই খ্ৰীষ্টমাছ উপলক্ষে অনুৰাগীৰ মাজত শ্বেয়াৰ কৰিছে সুন্দৰ আলোকচিত্ৰ৷ অনুৰাগীসকললৈ তেওঁলোকৰ পৰা খ্ৰীষ্টমাছৰ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰি, নিকে পত্নী প্ৰিয়ংকা চোপ্ৰা আৰু তেওঁলোকৰ ঘৰুৱা কুকুৰকেইটাৰ সৈতে এক সুন্দৰ আলোকচিত্ৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে৷

ফটোখনত প্ৰিয়ংকাক নিকৰ কোলাত বহি থকা দেখা গৈছিল আৰু সুন্দৰ খ্ৰীষ্টমাছ ট্ৰী মাজত নিকে প্ৰিয়ংকাৰ গালত এটা মিঠা চুমা আঁকি দিছে৷ ফটোখনত দম্পতীহালৰ সৈতে তেওঁলোকৰ তিনিটা কুকুৰ, ডায়েনা, গিনো আৰু পাণ্ডাও আছিল। ফটোখন শ্বেয়াৰ কৰি নিকে কেপশ্বন দিছিল, "মেৰী খ্ৰীষ্টমাছ এভৰিৱান। আমাৰ পৰিয়ালৰ পৰা আপোনালোকলৈ।"

শেহতীয়াকৈ, তেওঁৰ প্ৰিয়ংকাৰ চলচ্চিত্ৰ দ্য মেট্ৰিক্স প্ৰচাৰৰ সময়ত, প্ৰিয়ংকাক নিকৰ সৈতে তেওঁৰ খ্ৰীষ্টমাছ পৰিকল্পনাৰ বিষয়ে সোধা হৈছিল আৰু তেতিয়া অভিনেত্ৰীগৰাকীয়ে কৈছিল যে তেওঁলোকৰ ব্যস্ত কামৰ সময়সূচীয়ে তেওঁলোকক সদায়েই পৃথক কৰি ৰাখে, আৰু খ্ৰীষ্টমাছত দুয়োৱে একেলগে কটোৱাৰ পৰিকল্পনা আছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু