--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ উৎসৱৰ বতৰ ৷ নৱবৰ্ষ আৰু খ্ৰীষ্টমাছৰ আনন্দত এতিয়া সকলো হৈ পৰিছে আত্মহাৰা৷ নিজৰ প্ৰিয়জনৰ সৈতে কোনোবা যদি পছন্দৰ ঠাইখনলৈ ফুৰিবলৈ গৈছে আন কোনোৱে আকৌ পৰিয়ালৰ সৈতে সুন্দৰ মুহুৰ্তবোৰ উপভোগ কৰিছে৷ পিছপৰি ৰোৱা নাই বলীউডৰ তাৰকাসকলো৷ কিছুদিনৰ আগলৈকে বিকি-কেটৰ বিয়াই সৰ্বাধিক চৰ্চা লাভ কৰাৰ পাছতে এতিয়া নিক-প্ৰিয়ংকাৰ খ্ৰীষ্টমাছ উদযাপনৰ আলোকচিত্ৰ চৰ্চিত হৈছে অনুৰাগীৰ মাজত৷

সাধাৰণতে তেওঁলোকে যথেষ্ট ব্যস্ত কাৰ্যসূচীৰ মাজত খাকিব লগা হয়৷ অনিচ্ছাস্বত্বেও শ্বুটিংৰ ব্যস্ততাৰ বাবে তেওঁলোক পৰিয়ালৰ পৰা বহু সময় আঁতৰিয়েই থাকিব লগা হয়৷ কিন্তু, উৎসৱ-পাৰ্বণৰ সময়ত তেওঁলোক হাজাৰ ব্যস্ততাৰ মাজতো পৰিয়ালৰ সৈতে উপভোগ কৰে সুন্দৰ মুহুৰ্তবোৰ৷ শেহতীয়াকৈ নিক আৰু প্ৰিয়ংকা চোপ্ৰাই খ্ৰীষ্টমাছ উপলক্ষে অনুৰাগীৰ মাজত শ্বেয়াৰ কৰিছে সুন্দৰ আলোকচিত্ৰ৷ অনুৰাগীসকললৈ তেওঁলোকৰ পৰা খ্ৰীষ্টমাছৰ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰি, নিকে পত্নী প্ৰিয়ংকা চোপ্ৰা আৰু তেওঁলোকৰ ঘৰুৱা কুকুৰকেইটাৰ সৈতে এক সুন্দৰ আলোকচিত্ৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে৷

ফটোখনত প্ৰিয়ংকাক নিকৰ কোলাত বহি থকা দেখা গৈছিল আৰু সুন্দৰ খ্ৰীষ্টমাছ ট্ৰী মাজত নিকে প্ৰিয়ংকাৰ গালত এটা মিঠা চুমা আঁকি দিছে৷ ফটোখনত দম্পতীহালৰ সৈতে তেওঁলোকৰ তিনিটা কুকুৰ, ডায়েনা, গিনো আৰু পাণ্ডাও আছিল। ফটোখন শ্বেয়াৰ কৰি নিকে কেপশ্বন দিছিল, "মেৰী খ্ৰীষ্টমাছ এভৰিৱান। আমাৰ পৰিয়ালৰ পৰা আপোনালোকলৈ।"

শেহতীয়াকৈ, তেওঁৰ প্ৰিয়ংকাৰ চলচ্চিত্ৰ দ্য মেট্ৰিক্স প্ৰচাৰৰ সময়ত, প্ৰিয়ংকাক নিকৰ সৈতে তেওঁৰ খ্ৰীষ্টমাছ পৰিকল্পনাৰ বিষয়ে সোধা হৈছিল আৰু তেতিয়া অভিনেত্ৰীগৰাকীয়ে কৈছিল যে তেওঁলোকৰ ব্যস্ত কামৰ সময়সূচীয়ে তেওঁলোকক সদায়েই পৃথক কৰি ৰাখে, আৰু খ্ৰীষ্টমাছত দুয়োৱে একেলগে কটোৱাৰ পৰিকল্পনা আছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ