--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহেন্দ্ৰ সিং ধোনী আৰু তেওঁৰ পত্নী সাক্ষীৰ প্ৰেম কাহিনী সকলোৰে মুখে মুখে। মহেন্দ্ৰ আৰু সাক্ষীয়ে ইজনে সিজনৰ লগত এটা দশকৰো অধিক সময় কটালে। কিন্তু সাক্ষীৰ লগত প্ৰেম কৰাৰ আগতে ধোনীৰ মনত বালিউডৰ বহু অভিনেত্ৰীয়ে লুকা ভাকু খেলিছিল। কেতিয়াবা ধোনীৰ নাম দীপিকা পাডুকনৰ লগত, কেতিয়াবা আছিনৰ লগত জড়িত হৈ পৰিছিল।

২০০৯ চনত ধোনীয়ে দক্ষিণৰ চলচ্চিত্ৰ অভিনেত্ৰী ৰায় লক্ষ্মীৰ সৈতে সম্পৰ্ক স্থাপন কৰে। ধোনীৰ সৈতে প্ৰায়ে দেখা গৈছিল অভিনেত্ৰীগৰাকীক। আই পি এলৰ খেলৰ পিছত খেলুৱৈসকলে যোৱা পাৰ্টিবোৰত ৰায় লক্ষ্মীক ধোনিৰ অংশীদাৰ হিচাপে দেখা গৈছিল। কিন্তু ধোনিৰ সৈতে ৰায় লক্ষ্মীৰ সম্পৰ্ক বেছি দিন নাথাকিল। ধোনিৰ বিয়াৰ চাৰি বছৰৰ পাছত এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে ধোনিৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে মুকলিকৈ কয়। ৰায় লক্ষ্মীয়ে কয়- ''ধোনিৰ সৈতে মোৰ এনে সম্পৰ্ক আছিল যিটো দীৰ্ঘদিনলৈ চলিব। দাগ এটাৰ দৰে, যিটো সহজে নাযায়।''

ৰায় লক্ষ্মীৰ সৈতে বিচ্ছেদ ঘটাৰ পিছত ধোনীয়ে প্ৰিয়ংকা ঝাৰ সৈতে সম্পৰ্ক স্থাপন কৰে। বহুদিন ধৰি দুয়োৰে সম্পৰ্ক আছিল। কিন্তু ২০০২ চনত দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল প্ৰিয়ংকাই। ২০১৬ চনৰ ‘এম এছ ধোনি: দ্য আনটল্ড ষ্ট’ৰী’ ছবিখনৰ চিত্ৰনাট্যত ধোনী আৰু প্ৰিয়ংকাৰ সম্পৰ্কক আলোকপাত কৰা হৈছিল। বলীউডৰ অভিনেত্ৰী দিশা পাটানীক ধোনিৰ প্ৰেমিকাৰ চৰিত্ৰত অভিনয় কৰা দেখা গ’ল।

প্ৰিয়ংকাৰ মৃত্যুৰ পিছত ধোনীৰ মানসিক ভাৱে ভাঙি গৈছিল। প্ৰেমিকাক হেৰুৱাৰ কেইমাহমানৰ ভিতৰতে ধোনীক টেলিভিছন প্ৰযোজক প্ৰীতি ছিমোছৰ সৈতে দেখা গ’ল। প্ৰীতিয়ে ৰিয়েলিটি শ্ব’ ‘কমেডী নাইটছ উইথ কপিল’ৰ সৃষ্টিশীল পৰিচালক হিচাপে কাম কৰিছিল। ধোনী আৰু প্ৰীতিক কেইবাবাৰো একেলগে দেখা পোৱাৰ ফলত দুয়োৰে মাজত সম্পৰ্ক থকা বুলি উৰাবাতৰিৰ সৃষ্টি হৈছে। কিন্তু কোনো পক্ষৰ পৰা তেওঁলোকৰ সম্পৰ্কৰ কথা ঘোষণা কৰা হোৱা নাছিল। ২০২০ চনত অৱশ্যে ধোনিৰ জন্মদিন উপলক্ষে প্ৰীতিয়ে ছচিয়েল মিডিয়াত এটা পোষ্ট কৰিছিল। তেওঁ এই ছবিখন পোষ্ট কৰি ধোনিৰ সৈতে ১৪ বছৰীয়া বন্ধুত্বৰ কথা শ্বেয়াৰ কৰে।

শ্বাহৰুখ খান আৰু দীপিকা পাডুকন অভিনীত ‘ওম শান্তি ওম’ ছবিখন ২০০৭ চনত মুক্তি লাভ কৰিছিল। প্ৰথমখন ছবিত অভিনয় কৰিয়েই দীপিকাই বিখ্যাত হৈছিল। সেই সময়ত অভিনেত্ৰীগৰাকীৰ নাম ধোনিৰ লগতো জড়িত আছিল। সংবাদ সংস্থাৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ২০০৭ চনৰ পৰা ধোনী আৰু দীপিকাৰ সম্পৰ্ক আছিল। আনকি দুয়োজনে ৰেম্পত শ্ব’ৰ বাবে খোজ কাঢ়ি যোৱাও দেখা গৈছিল। অৱশ্যে দীপিকা বা ধোনীয়ে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে মুকলিকৈ আলোচনা কৰা নাই। দীপিকাৰ বাবে ধোনীয়ে দীঘল চুলিখিনি কাটি পেলোৱা বুলি কোৱা হয়। কিন্তু তেওঁলোকৰ সম্পৰ্ক বেছি দিন নাথাকিল। এটা অংশই দাবী কৰে যে ধোনিৰ সৈতে ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ সৈতে দীপিকাৰ সম্পৰ্ক বাঢ়িছিল।

সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি ধোনীৰ অভিনেত্ৰী আছিনৰ সৈতেও সম্পৰ্কত আছিল। আছিন আৰু ধোনী দুয়োজনেই আছিল এটা বিখ্যাত কাপোৰৰ কোম্পানীৰ মুখ। আনকি ২০১০ চনত আই পি এলৰ ছেমি ফাইনেলৰ সময়ত ধোনীয়ে আছিনৰ ঘৰলৈ গৈছিল বুলিও চৰ্চা চলিছে। কিন্তু ধোনীয়ে সেই বছৰতে সাক্ষীক বিয়া কৰাইছিল। ২০১১ চনত পুনৰ আছিনক ধোনিৰ সৈতে দেখা গ’ল। অৱশ্যে এই প্ৰসংগত অভিনেত্ৰীগৰাকীয়ে কয় যে ধোনীক সম্ভাষণ জনাবলৈ গৈছিল। কিন্তু এটা অংশই দাবী কৰিছিল যে ধোনিৰ আছিনৰ সৈতে গোপন সম্পৰ্ক আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement