--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুৱাহাটী দবা একাডেমীয়ে ১০  ডিচেম্বৰ, ২০২৩ত  আৰ জি বৰুৱা পথত অৱস্থিত একাডেমী চৌহদত আয়োজন কৰা দেওবৰীয়া ৰেপিড দবাত (১৯ সংখ্যক সংস্কৰণ) কমল  ডেকাই বিজয়ীৰ সন্মান লাভ কৰিছে। কমলে ৬ ৰাউণ্ডৰ খেলত অবিজিত থাকি ৬ পইণ্ট  সংগ্ৰহ কৰি খিতাপ অৰ্জন কৰে।  প্ৰিয়ানুজ দাসে সম সংখ্যক ৰাউণ্ডৰ পৰা ৫ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে। দেবব্ৰত নাথেও  ৫ পইণ্ট  সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত তৃতীয় স্থান লাভ কৰে।  ভৌমিক কিশোৰ দাসে ৪.৫ পইণ্ট সংগ্ৰহ কৰি চতুৰ্থ স্থান লাভ কৰে। শিৱানুজ ভট্টাচাৰ্যয়ো  পইণ্ট ৪.৫ লাভ কৰি  পঞ্চম স্থান লাভ কৰে। 

ধান্যতা গোস্বামীক প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ছোৱালী  ঘোষণা কৰা হয়।  ধান্যতাই  ৩.৫  পইণ্ট সংগ্ৰহ কৰিছিল।   চাৰ্ভী শ্ৰী বৰ্মন আৰু শ্ৱানায়া ভৌমিকে ২ পইণ্টকৈ সংগ্ৰহ কৰি ছোৱালী শাখাত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে।
অনুৰ্দ্ধ ৭ বছৰ শাখাত হৃয়াংশ ডেকাই ৩.৫ পইণ্ট অৰ্জন কৰি প্ৰথম স্থান অধিকাৰ কৰে।  আদ্বিক বনিকে ২.৫ পইণ্ট  সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে।  আকাঙ্খা কলিতাই ২ পইণ্ট সংগ্ৰহ কৰি তৃতীয় স্থান লাভ কৰে।

অনুৰ্দ্ধ ৯ বছৰ শাখাত বৰ্ণিল বৈশ্যই ৪ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে। অৰ্ণৱ চেতিয়াই ৩.৫  সংগ্ৰহ কৰি দ্বিতীয় স্থান  লাভ কৰে। নাভান্যু কামানে ৩  পইণ্ট  সংগ্ৰহ কৰি তৃতীয় স্থান লাভ কৰে।অনুৰ্দ্ধ ১১ বছৰ শাখাত  চাণক্য মেধিয়ে  ৪ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে। নীহাৰ দাসে আৰু দিব্যাংশ শইকীয়াইও ৪ পইণ্ট সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। 

অনুৰ্দ্ধ ১৩ বছৰ শাখাত শুভাংগ প্ৰাণ  কাশ্যপে ৪  পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে।  ফাৰহান তনবীৰেও ৪ পইণ্ট সংগ্ৰহ কৰি যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত দ্বিতীয়  স্থান লাভ কৰে।  অঙ্কীপন কলিতাই  ৩.৫ পইণ্ট সংগ্ৰহ কৰি তৃতীয় স্থান লাভ কৰে। 
অনুৰ্দ্ধ ১৫ বছৰ শাখাত তন্ময় সুতে ৪ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে। নীৰ চাৰ্মিং ঠাকুৰীয়াই আৰু প্ৰায়ুষ  পাঠক উভয়ে ৩  পইণ্ট   সংগ্ৰহ কৰি দ্বিতীয়  স্থান লাভ কৰে। 

প্ৰতিযোগিতাখনত মূঠ ৪৫ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল।  প্ৰতিযোগিতাখন চুইছ লীগ পদ্ধতিত ৬ ৰাউণ্ডৰ বাবে অনুষ্ঠিত হৈছিল।  প্ৰতিযোগিতাত প্ৰথম ৫টা স্থান লাভ কৰা খেলুৱৈ সকলক ট্ৰফী আৰু নগদ ধন পুৰস্কাৰ প্ৰদান কৰা হৈছিল।  ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে প্ৰতিযোগিতাখন মূখ্য আৰ্বিটাৰ হিচাপে পৰিচালনা কৰে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement