--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুৱাহাটী দবা একাডেমীয়ে ১০  ডিচেম্বৰ, ২০২৩ত  আৰ জি বৰুৱা পথত অৱস্থিত একাডেমী চৌহদত আয়োজন কৰা দেওবৰীয়া ৰেপিড দবাত (১৯ সংখ্যক সংস্কৰণ) কমল  ডেকাই বিজয়ীৰ সন্মান লাভ কৰিছে। কমলে ৬ ৰাউণ্ডৰ খেলত অবিজিত থাকি ৬ পইণ্ট  সংগ্ৰহ কৰি খিতাপ অৰ্জন কৰে।  প্ৰিয়ানুজ দাসে সম সংখ্যক ৰাউণ্ডৰ পৰা ৫ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে। দেবব্ৰত নাথেও  ৫ পইণ্ট  সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত তৃতীয় স্থান লাভ কৰে।  ভৌমিক কিশোৰ দাসে ৪.৫ পইণ্ট সংগ্ৰহ কৰি চতুৰ্থ স্থান লাভ কৰে। শিৱানুজ ভট্টাচাৰ্যয়ো  পইণ্ট ৪.৫ লাভ কৰি  পঞ্চম স্থান লাভ কৰে। 

ধান্যতা গোস্বামীক প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ছোৱালী  ঘোষণা কৰা হয়।  ধান্যতাই  ৩.৫  পইণ্ট সংগ্ৰহ কৰিছিল।   চাৰ্ভী শ্ৰী বৰ্মন আৰু শ্ৱানায়া ভৌমিকে ২ পইণ্টকৈ সংগ্ৰহ কৰি ছোৱালী শাখাত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে।
অনুৰ্দ্ধ ৭ বছৰ শাখাত হৃয়াংশ ডেকাই ৩.৫ পইণ্ট অৰ্জন কৰি প্ৰথম স্থান অধিকাৰ কৰে।  আদ্বিক বনিকে ২.৫ পইণ্ট  সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে।  আকাঙ্খা কলিতাই ২ পইণ্ট সংগ্ৰহ কৰি তৃতীয় স্থান লাভ কৰে।

অনুৰ্দ্ধ ৯ বছৰ শাখাত বৰ্ণিল বৈশ্যই ৪ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে। অৰ্ণৱ চেতিয়াই ৩.৫  সংগ্ৰহ কৰি দ্বিতীয় স্থান  লাভ কৰে। নাভান্যু কামানে ৩  পইণ্ট  সংগ্ৰহ কৰি তৃতীয় স্থান লাভ কৰে।অনুৰ্দ্ধ ১১ বছৰ শাখাত  চাণক্য মেধিয়ে  ৪ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে। নীহাৰ দাসে আৰু দিব্যাংশ শইকীয়াইও ৪ পইণ্ট সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। 

অনুৰ্দ্ধ ১৩ বছৰ শাখাত শুভাংগ প্ৰাণ  কাশ্যপে ৪  পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে।  ফাৰহান তনবীৰেও ৪ পইণ্ট সংগ্ৰহ কৰি যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত দ্বিতীয়  স্থান লাভ কৰে।  অঙ্কীপন কলিতাই  ৩.৫ পইণ্ট সংগ্ৰহ কৰি তৃতীয় স্থান লাভ কৰে। 
অনুৰ্দ্ধ ১৫ বছৰ শাখাত তন্ময় সুতে ৪ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে। নীৰ চাৰ্মিং ঠাকুৰীয়াই আৰু প্ৰায়ুষ  পাঠক উভয়ে ৩  পইণ্ট   সংগ্ৰহ কৰি দ্বিতীয়  স্থান লাভ কৰে। 

প্ৰতিযোগিতাখনত মূঠ ৪৫ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল।  প্ৰতিযোগিতাখন চুইছ লীগ পদ্ধতিত ৬ ৰাউণ্ডৰ বাবে অনুষ্ঠিত হৈছিল।  প্ৰতিযোগিতাত প্ৰথম ৫টা স্থান লাভ কৰা খেলুৱৈ সকলক ট্ৰফী আৰু নগদ ধন পুৰস্কাৰ প্ৰদান কৰা হৈছিল।  ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে প্ৰতিযোগিতাখন মূখ্য আৰ্বিটাৰ হিচাপে পৰিচালনা কৰে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক