--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শোৱাৰ পৰা সাৰ পাই উঠি যদি আপুনি দেখে যে আপোনাৰ কাষত এডাল প্ৰচণ্ড সাপেও শুই আছে, কেনে লাগিব আপোনাৰ? নিশ্চয় হতবাক হৈ পৰিব! কিন্তু এই অভিজ্ঞতা লাভ কৰিছে এজন ব্যক্তিয়ে। ইতিমধ্যে সামাজিক মাধ্যমত এখনি ফটো ভাইৰেল হৈ পৰিছে।

থাইলেণ্ডৰ দাচা ব্যক্তিজনে এখন জংঘলৰ মাজত কেম্পিং কৰি আছিল। এদিন শুই উঠি সাৰ পাই তেওঁ দেখে যে তম্বুৰ পৰা এডাল প্ৰকাণ্ড সাপ উলাই গৈছে। তেওঁ সাপটোৰ এখন ফটো তুলি ছচিয়েল মিডিয়াত প্ৰকাশ কৰিলে। সেই ছবিখন দেখি নেটিজেনসকল অবাক হৈ পৰিল! নেটিজেনসকলৰ মতে, এই সাপটো অতি বিষাক্ত প্ৰজাতিৰ! ভাগ্যক্ৰমেহে ব্যক্তিজনে সাপটোৰ পৰা বাচি আহিল।

সাপটো  সাধাৰণ প্ৰজাতিৰ নাছিল। নেটিজেনসকলৰ মতে, সাপটো এটা অত্যন্ত বিষাক্ত স্পিটিং কোব্ৰা। ইয়াক কোব্ৰা প্ৰজাতিৰ ভিতৰত আটাইতকৈ বিষাক্ত বুলি গণ্য কৰা হয়। এই সাপৰ এটা কামোৰত যিকোনো জন্তুৰ মৃত্যু অনিবাৰ্য। কেৱল কামোৰাই নহয়, দূৰৰ পৰাও ই বিহ নিক্ষেপ কৰিব পাৰে। এই ভয়ানক সাপটোৱে থুই পেলোৱাৰ দৰে বিহ ছটিয়াব পাৰে।

কিন্তু দাচা নামৰ ব্যক্তিজনৰ ভাগ্যত মৃত্যু লিখা নাছিল। সেয়ে এনেকুৱা বিষাক্ত সাপৰ স’তে উৰে ৰাতি কটোৱাৰ পাছতো জীয়াই থাকিল। সেইকাৰণে বহুলোকে দাচাক পৃথিৱীৰ আটাইতকৈ ভাগ্যৱান ব্যক্তি বুলি অভিহিত কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ