--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শোৱাৰ পৰা সাৰ পাই উঠি যদি আপুনি দেখে যে আপোনাৰ কাষত এডাল প্ৰচণ্ড সাপেও শুই আছে, কেনে লাগিব আপোনাৰ? নিশ্চয় হতবাক হৈ পৰিব! কিন্তু এই অভিজ্ঞতা লাভ কৰিছে এজন ব্যক্তিয়ে। ইতিমধ্যে সামাজিক মাধ্যমত এখনি ফটো ভাইৰেল হৈ পৰিছে।

থাইলেণ্ডৰ দাচা ব্যক্তিজনে এখন জংঘলৰ মাজত কেম্পিং কৰি আছিল। এদিন শুই উঠি সাৰ পাই তেওঁ দেখে যে তম্বুৰ পৰা এডাল প্ৰকাণ্ড সাপ উলাই গৈছে। তেওঁ সাপটোৰ এখন ফটো তুলি ছচিয়েল মিডিয়াত প্ৰকাশ কৰিলে। সেই ছবিখন দেখি নেটিজেনসকল অবাক হৈ পৰিল! নেটিজেনসকলৰ মতে, এই সাপটো অতি বিষাক্ত প্ৰজাতিৰ! ভাগ্যক্ৰমেহে ব্যক্তিজনে সাপটোৰ পৰা বাচি আহিল।

সাপটো  সাধাৰণ প্ৰজাতিৰ নাছিল। নেটিজেনসকলৰ মতে, সাপটো এটা অত্যন্ত বিষাক্ত স্পিটিং কোব্ৰা। ইয়াক কোব্ৰা প্ৰজাতিৰ ভিতৰত আটাইতকৈ বিষাক্ত বুলি গণ্য কৰা হয়। এই সাপৰ এটা কামোৰত যিকোনো জন্তুৰ মৃত্যু অনিবাৰ্য। কেৱল কামোৰাই নহয়, দূৰৰ পৰাও ই বিহ নিক্ষেপ কৰিব পাৰে। এই ভয়ানক সাপটোৱে থুই পেলোৱাৰ দৰে বিহ ছটিয়াব পাৰে।

কিন্তু দাচা নামৰ ব্যক্তিজনৰ ভাগ্যত মৃত্যু লিখা নাছিল। সেয়ে এনেকুৱা বিষাক্ত সাপৰ স’তে উৰে ৰাতি কটোৱাৰ পাছতো জীয়াই থাকিল। সেইকাৰণে বহুলোকে দাচাক পৃথিৱীৰ আটাইতকৈ ভাগ্যৱান ব্যক্তি বুলি অভিহিত কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী