--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাছিয়াত ভয়াৱহ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত ৬৫ গৰাকী যাত্ৰীৰ প্ৰাণহানি। ছ’চিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈ পৰিছে এই ভয়ংকৰ দুৰ্ঘটনাৰ এক ভিডিঅ’। য’ত অগ্নিকুণ্ডত পৰিণত হোৱা দেখা গৈছে দুৰ্ঘটনাগ্ৰস্ত বিমানখন। ধ্বংস হোৱাৰ পূৰ্বে তীব্ৰগতিত ভূ–পতিত হৈছিল বিমানখন।

ঘটনাৰ বিৱৰণী অনুসৰি ৰাছিয়াৰ বেলগোৰোড নামৰ স্থানত আজি সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। পুৱা প্ৰায় ১১ বজাত ৬৫ গৰাকী যাত্ৰীসহ দুৰ্ঘটনাত পতিত হৈছিল বিমানখন। খবৰ অনুসৰি ভয়ংকৰ দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা আটাইকেইগৰাকী যাত্ৰীয়েই আছিল ইউক্ৰেইনৰ যুদ্ধবন্দী।

ৰাছিয়াই প্ৰকাশ কৰা অনুসৰি দুৰ্ঘটনাত পতিত হোৱা IL-76 শ্ৰেণীৰ বিমানখন আছিল ৰাছিয়াৰ সামৰিক বাহিনীৰ। বিমানখন যি স্থানত ভূ–পতিত হৈছিল সেই স্থানৰ সমীপতে আছিল এটা তেল শোধনাগাৰ। অৱশ্যে আন এক ভয়াৱহ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিছিল বেলগোৰোড অঞ্চল। 

শেহতীয়াভাৱে প্ৰকাশিত তথ্য অনুসৰি বিমানখনত আছিল ৯গৰাকী চালক দলৰ সদস্য। প্ৰাণ হেৰুওৱা ৬৫ গৰাকী ইউক্ৰেইনৰ সৈনিকক বন্দী কৰা হৈছিল অব্যাহত থকা ৰুছ–ইউক্ৰেইন যুদ্ধৰ সময়ত। 

ইপিনে বিমান দুৰ্ঘটনাটো সন্দৰ্ভত দুগৰাকী ৰুছ সাংসদে উত্থাপন কৰিছে বিস্ফোৰক দাবী। সাংসদ দুগৰাকীৰ মতে– ইউক্ৰেইনৰ মিছাইলে ধ্বংস কৰিলে ৰাছিয়াৰ বিমানখনক। এইক্ষেত্ৰত সাংসদ দুগৰাকীৰ দাবী দুৰ্ঘটনাটোৰ পূৰ্বে সমগ্ৰ অঞ্চলজুৰি জাৰি কৰা হৈছিল মিছাইল আক্ৰমণৰ এলাৰ্ট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন