--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাছিয়াত ভয়াৱহ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত ৬৫ গৰাকী যাত্ৰীৰ প্ৰাণহানি। ছ’চিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈ পৰিছে এই ভয়ংকৰ দুৰ্ঘটনাৰ এক ভিডিঅ’। য’ত অগ্নিকুণ্ডত পৰিণত হোৱা দেখা গৈছে দুৰ্ঘটনাগ্ৰস্ত বিমানখন। ধ্বংস হোৱাৰ পূৰ্বে তীব্ৰগতিত ভূ–পতিত হৈছিল বিমানখন।

ঘটনাৰ বিৱৰণী অনুসৰি ৰাছিয়াৰ বেলগোৰোড নামৰ স্থানত আজি সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। পুৱা প্ৰায় ১১ বজাত ৬৫ গৰাকী যাত্ৰীসহ দুৰ্ঘটনাত পতিত হৈছিল বিমানখন। খবৰ অনুসৰি ভয়ংকৰ দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা আটাইকেইগৰাকী যাত্ৰীয়েই আছিল ইউক্ৰেইনৰ যুদ্ধবন্দী।

ৰাছিয়াই প্ৰকাশ কৰা অনুসৰি দুৰ্ঘটনাত পতিত হোৱা IL-76 শ্ৰেণীৰ বিমানখন আছিল ৰাছিয়াৰ সামৰিক বাহিনীৰ। বিমানখন যি স্থানত ভূ–পতিত হৈছিল সেই স্থানৰ সমীপতে আছিল এটা তেল শোধনাগাৰ। অৱশ্যে আন এক ভয়াৱহ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিছিল বেলগোৰোড অঞ্চল। 

শেহতীয়াভাৱে প্ৰকাশিত তথ্য অনুসৰি বিমানখনত আছিল ৯গৰাকী চালক দলৰ সদস্য। প্ৰাণ হেৰুওৱা ৬৫ গৰাকী ইউক্ৰেইনৰ সৈনিকক বন্দী কৰা হৈছিল অব্যাহত থকা ৰুছ–ইউক্ৰেইন যুদ্ধৰ সময়ত। 

ইপিনে বিমান দুৰ্ঘটনাটো সন্দৰ্ভত দুগৰাকী ৰুছ সাংসদে উত্থাপন কৰিছে বিস্ফোৰক দাবী। সাংসদ দুগৰাকীৰ মতে– ইউক্ৰেইনৰ মিছাইলে ধ্বংস কৰিলে ৰাছিয়াৰ বিমানখনক। এইক্ষেত্ৰত সাংসদ দুগৰাকীৰ দাবী দুৰ্ঘটনাটোৰ পূৰ্বে সমগ্ৰ অঞ্চলজুৰি জাৰি কৰা হৈছিল মিছাইল আক্ৰমণৰ এলাৰ্ট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ