--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউক্ৰেইন যদি নাটোত অন্তৰ্ভূক্ত হয়, তেন্তে তৃতীয় বিশ্বযুদ্ধ হ’ব! এই চাঞ্চল্যকৰ বক্তব্য প্ৰদান কৰিছে ৰাছিয়াৰ চিকিউৰিটী কাউন্সিলৰ উপ সম্পাদক আলেক্সেণ্ডাৰ ভেনেডিক্টভে।

ৰাছিয়াই ইউক্ৰেইনত সংহাৰলীলনা চলাই থকা অৱস্থাতে আমেৰিকা যুক্তৰাষ্ট্ৰ নেতৃত্বাধীন নৰ্থ আথলাণ্টিক ট্ৰিটী অৰ্গেনাইজেচন, চমুকৈ নাটোৰ প্ৰসংগ উত্থাপিত হৈছে। নাটোত ইউক্ৰেইনত অন্তৰ্ভূক্ত কৰাক লৈ চৰ্চা চলিছে।

ইউক্ৰেইনেও নাটোৰ সদস্যপদৰ বাবে আবেদন কৰিছে। সদস্যপদ লাভ কৰিবলৈ নাটোৰ সদস্য হিচাপে থকা ৩০খনকৈ দেশৰ সমৰ্থন লাগিব। কিন্তু বহুকেইখন দেশে ইয়াক অস্বীকাৰ কৰি আহিছে। পৰিপ্ৰেক্ষিতত বৰ্তমানলৈকে ইউক্ৰেইনে নাটোৰ সদস্যপদ লাভ কৰা নাই।

ৰাছিয়াৰ এটা সংবাদ সংস্থা টাছ (TASS)ত প্ৰকাশ পোৱা বাতৰি অনুযায়ী, ৰাছিয়াৰ চিকিউৰিটী কাউন্সিলৰ উপ সম্পাদক ভেনেডিক্টভে সেয়ে কৈছে যে নাটোত ইউক্ৰেইনৰ অন্তৰ্ভূক্তি মানেই ৰাছিয়া-ইউক্ৰেইন সংঘাতে তৃতীয় বিশ্বযুদ্ধৰ পৰ্যায়লৈ গতি কৰাটোকে বুজাব।

নাটোৰ সদস্যপদ লাভ কৰিবলৈ ইউক্ৰেইনৰ আবেদনক পশ্চিমীয়া দেশসমূহৰ এটা প্ৰপাগাণ্ডা বুলি অভিহিত কৰি ভেনেডিক্টভে কয় যে নাটোৰ সদস্য দেশসমূহেও বুজি পায় যে এই কাম আত্মহত্যাসদৃশ হ’ব।

পৰমাণু যুদ্ধ সম্পৰ্কেও তেওঁ গুৰুত্বপূৰ্ণ ভাষ্য প্ৰদান কৰিছে। কয় যে শেহতীয়াকৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কীয়ে ৰাছিয়াৰ বিৰুদ্ধে ক্ষীপ্ৰ আক্ৰমণৰ হুংকাৰ দিছে যদিও মনত ৰখা ভাল যে পৰমাণু যুদ্ধ সমগ্ৰ বিশ্ববাসীৰ বাবে ভাবুকিস্বৰূপ।







FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক