--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নৱজাতকৰ বাবে মাতৃৰ গাখীৰ আটাইতকৈ পুষ্টিকৰ আৰু অপৰিহাৰ্য্য খাদ্য হিচাপে গণ্য কৰা হয়। ই শিশুক প্ৰয়োজনীয় প্ৰায় সকলো পুষ্টিকৰ উপাদান যোগান ধৰে। কেৱল এয়াই নহয়, অধ্যয়নত বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে যে যিসকল শিশুৱে মাতৃদুগ্ধ নাপায়, তেওঁলোকৰ বহু ধৰণৰ ৰোগৰ আশংকা বৃদ্ধি পায়। শেহতীয়া এক অধ্যয়নৰ প্ৰতিবেদনে এনে প্ৰশ্ন উত্থাপন হৈছে যে ই নিৰাপদনে? কাৰণ প্ৰথমবাৰৰ বাবে মাতৃদুগ্ধত মাইক্ৰ’প্লাষ্টিক উদ্ধাৰ কৰিছে বিজ্ঞানীসকলে। মেডিকেল জাৰ্নেল পলিমাৰত প্ৰকাশিত এই অধ্যয়ন পাছৰে পৰা গৱেষকসকলে ইয়াৰ পৰা শিশুৰ ওপৰত হ’ব পৰা পাৰ্শ্বক্ৰিয়াক লৈ অতিশয় চিন্তিত হৈ পৰে।

 স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে শিশুৰ সামগ্ৰিক বিকাশ মাতৃৰ গাখীৰৰ ওপৰত নিৰ্ভৰ কৰে। মাতৃদুগ্ধই শিশুক সুস্থ আৰু নিৰোগী কৰি ৰখাত সহায় কৰাৰ লগতে বিভিন্ন সংক্ৰমণৰ আশংকাৰ পৰা ৰক্ষা কৰে। অধ্যয়নত মাতৃদুগ্ধত ক্ষতিকাৰক মাইক্ৰ’প্লাষ্টিক কেনেদৰে দেখা গৈছে সেই সম্পৰ্কে আশংকা বৃদ্ধি পাইছে। কাৰণ গাখীৰত থকা মাইক্ৰ’প্লাষ্টিক ক’ৰ পৰা আহিল আৰু ই শিশুৰ কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে জানো আহক।

 মাতৃদুগ্ধত পোৱা মাইক্ৰ’প্লাষ্টিক-

ইটালীত কৰা এই অধ্যয়নত শিশুৰ জন্মৰ এসপ্তাহৰ পাছত ৩৪গৰাকী সুস্থ মাতৃৰ পৰা মাতৃদুগ্ধৰ নমুনা লোৱা হৈছিল। ইয়াৰে ৭৫ শতাংশত মাইক্ৰ’প্লাষ্টিক পোৱা গৈছিল। ইটালীৰ ইউনিভাৰ্চিটি পলিটেকনিক ডেলে মাৰ্চৰ অধ্যাপিকা ডাঃ ভেলেন্টিনা নোটেৰ্ষ্টেফানোৱে কয় যে ই যথেষ্ট উদ্বেগজনক বাৰ্তা। ইয়াৰ পূৰ্বেও কেইবাটাও গৱেষণাত মাইক্ৰ’প্লাষ্টিক শৰীৰৰ বাবে গুৰুতৰভাৱে ক্ষতিকাৰক বুলি প্ৰমাণিত হৈছে। তদুপৰি ইয়াৰ পৰা নৱজাতকৰ অধিক ক্ষতি আশংকা কৰা হৈছে যদিও ইয়াৰ বাবে অধিক অধ্যয়নৰ প্ৰয়োজন আছে।

 মাতৃদুগ্ধত মাইক্ৰ’প্লাষ্টিক কেনেকৈ আহিল?

মাতৃদুগ্ধত মাইক্ৰ’প্লাষ্টিক কেনেকৈ আহিল সেই কথা বুজিবলৈ গৱেষকৰ দলটোৱে অংশগ্ৰহণকাৰীসকলৰ খাদ্য আৰু ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে ব্যৱহাৰ কৰা অন্যান্য উপাদানসমূহৰ ওপৰত অধ্যয়ন কৰিছিল। ইয়াত পেকেটত ভৰোৱা খাদ্যৰ পেকেজিঙৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰী, ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সামগ্ৰী আৰু খাদ্য সামগ্ৰীৰ ওপৰত ব্যাপকভাৱে গুৰুত্ব আৰোপ কৰা হৈছিল। কিন্তু মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতিৰ সৈতে কোনো সম্পৰ্ক পোৱা নগ’ল।

 মাইক্ৰ’প্লাষ্টিক আৰু ইয়াৰ বিপদ-

মাইক্ৰ’প্লাষ্টিক হৈছে বাণিজ্যিক সামগ্ৰী আৰু ডাঙৰ প্লাষ্টিক ভাঙি যোৱাৰ ফলত হোৱা অণুবীক্ষণিক প্লাষ্টিক কণা। প্ৰদূষক হিচাপে মাইক্ৰ’প্লাষ্টিক পৰিৱেশ আৰু পশু-মানুহৰ স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক বুলি প্ৰমাণিত হৈছে। পৰিৱেশ বিশেষজ্ঞসকলে কয় যে বিশ্বজুৰি প্ৰতি বছৰে বিপুল পৰিমাণৰ প্লাষ্টিকৰ আৱৰ্জনা পেলোৱা হয়। মাউণ্ট এভাৰেষ্টৰ শিখৰৰ পৰা আৰম্ভ কৰি গভীৰতম মহাসাগৰলৈকে মাইক্ৰ’প্লাষ্টিকে সমগ্ৰ বিশ্বকে দূষিত কৰি পেলাইছে। খাদ্য, পানীৰ লগতে উশাহ-নিশাহৰ যোগেদি এই অণুবীক্ষণিক প্লাষ্টিকৰ কণাবোৰ শৰীৰত প্ৰৱেশ কৰাৰ আশংকা আছে। অধ্যয়নসমূহে কৰ্কট ৰোগৰ পৰা আৰম্ভ কৰি ডি এন এৰলৈকে মাইক্ৰ’প্লাষ্টিকৰ সংস্পৰ্শলৈ অহাৰ সম্ভাৱনাও বৃদ্ধি পোৱাৰ কথা প্ৰকাশ কৰিছে।

বিজ্ঞানীসকলে কি কয়?

বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ বিজ্ঞানী (পৰিৱেশ বিভাগ) সহকাৰী অধ্যাপক ডাঃ কৃপৰামে ব্যাখ্যা কৰিছে, ‘মাইক্ৰ’প্লাষ্টিক প্ৰকৃতিৰ ফালৰ পৰা অতি বিষাক্ত আৰু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ই ৰাসায়নিকভাৱে নিষ্ক্ৰিয়। এবাৰ শৰীৰত প্ৰৱেশ কৰিলেই ইয়াক আঁতৰোৱাটো বৰ কঠিন হৈ পৰে। এই অৱস্থাৰ ফলত শৰীৰত মাইক্ৰ’প্লাষ্টিক জমা হ’ব পাৰে, যিটো অতি বিপজ্জনক। মাইক্ৰ’প্লাষ্টিকক সুৰক্ষা দিয়াটোও ক্ৰমান্বয়ে কঠিন হৈ পৰাৰ বিপদৰ সৃষ্টি হৈছে। টেবুল ছল্ট, বটলত ভৰোৱা পানী, প্লাষ্টিকৰ চাহৰ কাপ আৰু প্লাষ্টিকৰ পাকঘৰৰ সঁজুলিৰ জৰিয়তে এইবোৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে। এই অধ্যয়নত মাতৃদুগ্ধত মাইক্ৰ’প্লাষ্টিক যিদৰে পোৱা গৈছে, ই যথেষ্ট আচৰিত হোৱাৰ লগতে এক বৃহৎ চিন্তাৰ কাৰণ।

 মানুহৰ শৰীৰত মাইক্ৰ’প্লাষ্টিক পোৱা গৈছে-

মাতৃদুগ্ধত মাইক্ৰ’প্লাষ্টিক পোৱাৰ পূৰ্বে আন এক অধ্যয়নত গৱেষকৰ দলটোৱে মানুহৰ তেজতো মাইক্ৰ’প্লাষ্টিক থকাৰ বিষয়ে সতৰ্ক কৰি দিছিল। মাৰ্চ মাহত নেদাৰলেণ্ডৰ ভ্ৰিজে ইউনিভাৰ্চিটি আমষ্টাৰডামৰ অধ্যাপক ডিক ৱেথাকৰ নেতৃত্বত বিজ্ঞানীৰ এটা দলে এক অধ্যয়নত তেজত মাইক্ৰ’প্লাষ্টিক থকাৰ প্ৰমাণ দাখিল কৰিছিল। গৱেষকৰ দলটোৱে জনোৱা মতে পৰিৱেশত যিদৰে প্লাষ্টিকৰ আৱৰ্জনা বাঢ়িছে, সেইদৰে ই শৰীৰৰ বাবে বহু দিশত ক্ষতিকাৰক হ’ব পাৰে। তেজত ইয়াৰ উপস্থিতিয়ে গুৰুতৰ ৰোগ সৃষ্টি কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত