--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটি দুটি নহয়, ২৫ টি সন্তানৰ মাতৃ হ’ব বিচাৰে এগৰাকী প্ৰাক্তন শিক্ষয়িত্ৰীয়ে। কেৱল সন্তান হ’লেই নহ’ব, সেই সন্তান ধুনীয়াও হ’ব লাগিব। যুৱতীগৰাকীৰ বদ্ধমূল ধাৰণা যে তেওঁ যিহেতু ধুনীয়া তেওঁ জন্ম দিয়া সন্তানো ধুনীয়াই হ’ব। ২৫ টা সন্তান জন্ম দিব বিচৰা এই যুৱতীগৰাকীয়ে কিন্তু বিয়া হ’বলৈ মুঠেও ইচ্ছা নকৰে। বিয়া নোহোৱাকৈয়ে ধাত্ৰী মাতৃ  বা ছাৰ’গেটেড মাদাৰ  হিচাবে তেওঁ সন্তান নিজৰ গৰ্ভত ধাৰণ কৰিব বিচাৰে। 


যুৱতীগৰাকীৰ নাম এমী। আমেৰিকা নিবাসী এমীয়ে ধৰাণা কৰে যে তেওঁ 'ধুনীয়া', গতিকে দেউতাক যিয়েই নহওঁক, শিশুটো ধুনীয়া হ'বই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৰ্থ কেৰোলিনাৰ বাসিন্দা এমী কেপ্ছে এনে দাবীয়েই কৰি আহিছে । মহিলাগৰাকীয়ে দাবী কৰিছে যে তেওঁ বিচাৰে যে পৃথিৱীত ধুনীয়া মানুহৰ সংখ্যা আৰু বৃদ্ধি হওক। সেইকাৰণে তেওঁ প্ৰয়োজন হ'লে নিজৰ গৰ্ভ ধাৰ দিব বিচাৰে।

এমীয়ে আগতে শিক্ষকতা কৰিছিল। মডেলিঙো কৰি আহিছে তেওঁ।  আগতে তেওঁ কেইবাবাৰো বিতৰ্কত জড়িত হৈ পৰিছিল। ৩৩ বছৰীয়া এমীয়ে ধাত্ৰী মাতৃ হিচাবে হ’লেও ২৫ টা সন্তানৰ মাতৃ হ'ব বিচাৰে।

এমীয়ে সংবাদ মাধ্যমক কয়  যে বহু পুৰুষে তাইক বিবাহৰ প্ৰস্তাৱ দিছে।  কিন্তু তেওঁ  মাত্ৰ এটা বা দুটা  সন্তানৰ মাতৃ হ'ব নিবিচাৰে। ইয়াৰ পৰিৱৰ্তে তেওঁ বহু  সন্তান জন্ম  দিব বিচাৰে।  যদি কোনোবাই তেওঁক ধাত্ৰা মাতৃ হিচাবে  তেন্তে তেওঁ সেয়া কৰিবলৈ সাজু।

তেওঁৰ মতে, তেওঁৰ ভৱিষ্যতৰ সন্তানে তেওঁৰ জিন পাব। ফলস্বৰূপে, তেওঁৰ দৰে, শিশুসকলৰো 'ধুনীয়া' চুলি, চকু, মুখ আৰু শৰীৰ থাকিব। এমীয়ে কয়  যে তেওঁ মুঠ ২৫ টা সন্তান দিব পাৰিলে সেয়া  মানৱ সভ্যতাৰ বাবে এটা ভাল কাম হ'ব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক