--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰে পশ্চিম ৰাছিয়াৰ দুটা অঞ্চলত ড্ৰ’ন আক্ৰমণ সংঘটিত হয়। দেশৰ পেস্কোভ আৰু টিভাৰ অঞ্চলত সংঘটিত হয় এই আক্ৰমণ। ইয়াৰ ভিতৰত পেস্কোভ অঞ্চলৰ এটা তেল শোধনাগাৰৰ ভৱনত দুটাকৈ ড্ৰোন আক্ৰমণৰ ফলত মাৰাত্মক বিস্ফোৰণ ঘটে।

পেস্কোভ অঞ্চলৰ গৱৰ্ণৰ মিখাইল ভেডেনিকোভে এক টেলিগ্ৰাম বাৰ্তাত কয় যে পাইপলাইনৰ মাজেৰে তেল কঢ়িয়াই অনা কোম্পানী এটাৰ প্ৰশাসনিক ভৱনত ড্ৰ’নেৰে আক্ৰমণ চলোৱা হৈছে। নেভাৰস্কি জিলাৰ লিটভিনোভ’ অঞ্চলৰ তৈলক্ষেত্ৰত সংঘটিত হয় এই দুটা ড্ৰ’ন আক্ৰমণৰ ঘটনা।

এক সুকীয়া বিবৃতিত টিভেৰ অঞ্চলৰ গৱৰ্ণৰ ইগ’ৰ ৰুডেনিয়াই কয় যে এনয়াড্ৰিয়ানোপলস্কি জিলাৰ য়েৰ’খিনো গাঁৱৰ ওচৰত এখন ড্ৰ’ন বিধ্বস্ত হয়।

দুয়োটা অঞ্চলৰ ৰাজ্যপালে কোনো ধৰণৰ হতাহতিৰ খবৰ দিয়া নাই। এই আক্ৰমণত ইউক্ৰেইনৰ সেনা জড়িত বুলি ৰাছিয়াই দাবী কৰিছে

শেহতীয়াকৈ ইউক্ৰেইনৰ বাহিনীয়ে ৰাছিয়াৰ দুটা বিদ্ৰোহী গোটৰ সৈতে সীমান্তৰ দুখন ৰাছিয়াৰ গাঁৱত আক্ৰমণ চলাইছে। কিন্তু ৰাছিয়াই লগে লগে প্রত্যাক্রমণ চলাই  মস্কো বিৰোধী বিদ্ৰোহী গোটৰ ৭০জনক হত্যা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস