--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৰখাদক মানুহৰ কথা সাধাৰণতে চিনেমাতহে দেখা যায় যদিও বাস্তৱতো যে তেনে লোক আছে তেনে এক অভিযোগেই এতিয়া উঠিছে৷ শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰত এজন ১৮ বছৰীয়া লৰাক তেওঁৰ  'নৰখাদক ' পৰিয়ালটোৱে খাই পেলাবলৈ বিচৰাৰ বাবেই কিশোৰটিয়ে পৰিয়ালটোকেই  হত্যা কৰে৷ 

কিশোৰটিয়ে অভিযোগ কৰা অনুসৰি পৰিয়ালৰ লোকসকলে তেওঁক  খোৱাৰ প্ৰস্তুতি চলাইছিল৷ টেক্সাছত বাস কৰা ১৮  বছৰীয়া লৰাজনে নিজকে নৰখাদক পৰিয়ালৰ লোকসকলৰ পৰা ৰক্ষা কৰাৰ বাবেই তেওঁলোকক হত্যা কৰা বুলি  প্ৰকাশ কৰিছে৷আৰক্ষীয়ে প্ৰকাশ কৰা মতে কিশোৰটিয়ে তেওঁৰ ৫ বছৰীয়া ভায়েকৰ লগতে পৰিয়ালৰ সকলোকে  হত্যা কৰিছে৷ 

আমেৰিকাত প্ৰতিদিনে নৰখাদক মানুহৰ  বিষয়ে খবৰ ওলাই থাকে৷আৰক্ষীয়ে জনোৱা অনুসৰি এটি কিশোৰে তেওঁৰ  নিজৰ পৰিয়ালৰ লোকসকলকেই তেওঁক খাবলৈ বিচৰাৰ বাবে তেওঁলোকক  হত্যা  কৰে  ।আৰক্ষীয়ে  অভিযান চলাই  চিজাৰ ওল্ডে নামৰ লৰাজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ 

আৰক্ষী বিষয়া ক্ৰেগ বাষ্টাৰে কয়  যে অভিযুক্তজনে আৰক্ষীক ফোন কৰিছিল আৰু কৈছিল যে তেওঁ তেওঁৰ পৰিয়ালৰ সদস্যসকলক বন্দুকেৰে গুলীয়াইছে।  আৰক্ষীয়ে ঘৰটো তন্নতন্ন কৈ পৰীক্ষা কৰি  লৰাজনৰ  পিতৃ-মাতৃ (ৰুবেন ওল্ডে আৰু আদা গাৰ্চিয়া), ডাঙৰ ভগ্নী (লিচবেট ওল্ডে) আৰু সৰু ভায়েক (অলিভাৰ ওল্ডে)ৰ মৃতদেহ কেইটা পৰি থকা অৱস্থাত উদ্ধাৰ কৰে৷  

ঘৰৰ মজিয়াত কেইবাটাও কাৰ্ট্ৰিজৰ খোলা পোৱা গৈছে।  পৰিয়ালটো সঁচাকৈ নৰখাদক আছিল নে নাই সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ