--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৰখাদক মানুহৰ কথা সাধাৰণতে চিনেমাতহে দেখা যায় যদিও বাস্তৱতো যে তেনে লোক আছে তেনে এক অভিযোগেই এতিয়া উঠিছে৷ শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰত এজন ১৮ বছৰীয়া লৰাক তেওঁৰ  'নৰখাদক ' পৰিয়ালটোৱে খাই পেলাবলৈ বিচৰাৰ বাবেই কিশোৰটিয়ে পৰিয়ালটোকেই  হত্যা কৰে৷ 

কিশোৰটিয়ে অভিযোগ কৰা অনুসৰি পৰিয়ালৰ লোকসকলে তেওঁক  খোৱাৰ প্ৰস্তুতি চলাইছিল৷ টেক্সাছত বাস কৰা ১৮  বছৰীয়া লৰাজনে নিজকে নৰখাদক পৰিয়ালৰ লোকসকলৰ পৰা ৰক্ষা কৰাৰ বাবেই তেওঁলোকক হত্যা কৰা বুলি  প্ৰকাশ কৰিছে৷আৰক্ষীয়ে প্ৰকাশ কৰা মতে কিশোৰটিয়ে তেওঁৰ ৫ বছৰীয়া ভায়েকৰ লগতে পৰিয়ালৰ সকলোকে  হত্যা কৰিছে৷ 

আমেৰিকাত প্ৰতিদিনে নৰখাদক মানুহৰ  বিষয়ে খবৰ ওলাই থাকে৷আৰক্ষীয়ে জনোৱা অনুসৰি এটি কিশোৰে তেওঁৰ  নিজৰ পৰিয়ালৰ লোকসকলকেই তেওঁক খাবলৈ বিচৰাৰ বাবে তেওঁলোকক  হত্যা  কৰে  ।আৰক্ষীয়ে  অভিযান চলাই  চিজাৰ ওল্ডে নামৰ লৰাজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ 

আৰক্ষী বিষয়া ক্ৰেগ বাষ্টাৰে কয়  যে অভিযুক্তজনে আৰক্ষীক ফোন কৰিছিল আৰু কৈছিল যে তেওঁ তেওঁৰ পৰিয়ালৰ সদস্যসকলক বন্দুকেৰে গুলীয়াইছে।  আৰক্ষীয়ে ঘৰটো তন্নতন্ন কৈ পৰীক্ষা কৰি  লৰাজনৰ  পিতৃ-মাতৃ (ৰুবেন ওল্ডে আৰু আদা গাৰ্চিয়া), ডাঙৰ ভগ্নী (লিচবেট ওল্ডে) আৰু সৰু ভায়েক (অলিভাৰ ওল্ডে)ৰ মৃতদেহ কেইটা পৰি থকা অৱস্থাত উদ্ধাৰ কৰে৷  

ঘৰৰ মজিয়াত কেইবাটাও কাৰ্ট্ৰিজৰ খোলা পোৱা গৈছে।  পৰিয়ালটো সঁচাকৈ নৰখাদক আছিল নে নাই সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস