--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একেৰাহে সাত বটল মদ ঢোকাঢোকে গিলি মৰণ মিলিল এগৰাকী ছ’ছিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰৰ। আনকি মদ্যপান কৰাৰ সমগ্ৰ দৃশ্য ছ’চিয়েল মিডিয়াত লাইভ ষ্ট্ৰীম কৰি আছিল তেওঁ। তাৰ ১২ ঘণ্টাৰ পিছতে মৃত্যু হয় ৩৪ বছৰীয়া ছানকিয়াংগে (Sanqiange) নামৰ এই লোকজনৰ।

১৬ মে’ৰ দিনৰ প্ৰায় ১ বজাৰ পৰা চীনৰ স্থানীয় ছ’চিয়েল মিডিয়া প্লেটফৰ্মত তেওঁ লাইভ আৰম্ভ কৰিছিল। তেওঁ জনাইছিল যে তেওঁ চাইনিজ ভদকাৰ এটাৰ পিছত আন এটা বটল শেষ কৰাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে। তেওঁ এই প্ৰত্যাহ্বান গ্ৰহণ কৰা ভদকাত ৩০ৰ পৰা ৬০ শতাংশৰ ভিতৰত এলক’হল থকা বুলি জানিব পৰা গৈছে।

ইনফ্লুয়েন্সাৰ গৰাকীয়ে লাইভত এটা এটাকৈ বটল শেষ কৰিবলৈ ধৰিলে। দৰ্শকৰ পৰা বিভিন্ন উপহাৰ পোৱাৰ আশাত তেওঁ নিজৰ লক্ষ্য ক্ষিপ্ৰতাৰে পূৰণ কৰিবলৈ চেষ্টা কৰি থাকিল। কিন্তু সেই লক্ষ্য অভিশাপ হৈ পৰিল।

মৃতকৰ এজন বন্ধুৱে কয় যে তেওঁ প্ৰায় চাৰিটা বটল লাইভত শেষ কৰা দেখিছিল। কিন্তু সেই দীঘলীয়া লাইভত ছানকিয়াংগে কমেও সাত বটল মদ খাইছিল। আৰু লাইভ শেষ হোৱাৰ ১২ ঘণ্টাৰ পিছত তেওঁক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।

ইনফ্লুয়েন্সাৰ গৰাকীৰ পৰিয়ালে কয় যে তেওঁলোকে তেওঁক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ সুযোগো নাপালে। তাৰ আগতে সকলো শেষ হৈ গৈছিল। অত্যধিক মদ্যপানৰ বাবেই তেওঁৰ মৃত্যু হোৱা বুলি চিকিৎসকে নিশ্চিত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস