--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একেৰাহে সাত বটল মদ ঢোকাঢোকে গিলি মৰণ মিলিল এগৰাকী ছ’ছিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰৰ। আনকি মদ্যপান কৰাৰ সমগ্ৰ দৃশ্য ছ’চিয়েল মিডিয়াত লাইভ ষ্ট্ৰীম কৰি আছিল তেওঁ। তাৰ ১২ ঘণ্টাৰ পিছতে মৃত্যু হয় ৩৪ বছৰীয়া ছানকিয়াংগে (Sanqiange) নামৰ এই লোকজনৰ।

১৬ মে’ৰ দিনৰ প্ৰায় ১ বজাৰ পৰা চীনৰ স্থানীয় ছ’চিয়েল মিডিয়া প্লেটফৰ্মত তেওঁ লাইভ আৰম্ভ কৰিছিল। তেওঁ জনাইছিল যে তেওঁ চাইনিজ ভদকাৰ এটাৰ পিছত আন এটা বটল শেষ কৰাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে। তেওঁ এই প্ৰত্যাহ্বান গ্ৰহণ কৰা ভদকাত ৩০ৰ পৰা ৬০ শতাংশৰ ভিতৰত এলক’হল থকা বুলি জানিব পৰা গৈছে।

ইনফ্লুয়েন্সাৰ গৰাকীয়ে লাইভত এটা এটাকৈ বটল শেষ কৰিবলৈ ধৰিলে। দৰ্শকৰ পৰা বিভিন্ন উপহাৰ পোৱাৰ আশাত তেওঁ নিজৰ লক্ষ্য ক্ষিপ্ৰতাৰে পূৰণ কৰিবলৈ চেষ্টা কৰি থাকিল। কিন্তু সেই লক্ষ্য অভিশাপ হৈ পৰিল।

মৃতকৰ এজন বন্ধুৱে কয় যে তেওঁ প্ৰায় চাৰিটা বটল লাইভত শেষ কৰা দেখিছিল। কিন্তু সেই দীঘলীয়া লাইভত ছানকিয়াংগে কমেও সাত বটল মদ খাইছিল। আৰু লাইভ শেষ হোৱাৰ ১২ ঘণ্টাৰ পিছত তেওঁক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।

ইনফ্লুয়েন্সাৰ গৰাকীৰ পৰিয়ালে কয় যে তেওঁলোকে তেওঁক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ সুযোগো নাপালে। তাৰ আগতে সকলো শেষ হৈ গৈছিল। অত্যধিক মদ্যপানৰ বাবেই তেওঁৰ মৃত্যু হোৱা বুলি চিকিৎসকে নিশ্চিত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ