--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাছিয়াই আমাক পৃথিৱীৰ পৰা নিঃশ্চিন্ন কৰিব বিচাৰিছে।”- এই অনুভৱ ব্যক্ত কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কীয়ে। সোমবাৰে জেলেনস্কীয়ে কয় যে ইউক্ৰেইনৰ কেইবাখনো চহৰত যুদ্ধৰ পৰিস্থিতি সৃষ্টি কৰি ৰাছিয়াই তেওঁৰ দেশখনক ধ্বংস কৰিব বিচাৰিছে।

টেলিগ্ৰাম মেছেজিং এপৰ জৰিয়তে দিয়া এই আৱেগিক ভাষ্যটোত জেলেনস্কীয়ে যুদ্ধবিদ্ধস্ত কেইবাখনো ইউক্ৰেইনৰ চহৰৰ নাম উল্লেখ কৰিছে। সোমবাৰেও এই চহৰসমূহত ৰাছিয়াৰ তাণ্ডৱলীলা অব্যাহত আছে। জেলেনস্কীয়ে কয় যে এই আক্ৰমণত ৰাছিয়াই ইৰাণীয়ান ড্ৰোন ব্যৱহাৰ কৰিছে।

জানিব পৰামতে, বৰ্তমানলৈকে ৰাছিয়াই ইউক্ৰেইনৰ কেইবাখনো চহৰলৈ কমেও ৭৫টাকৈ মিছাইল নিক্ষেপ কৰিছে। এই চহৰসমূহৰ ভিতৰত ৰাজধানী কিয়েভো অন্যতম।

ৰাছিয়াৰ শেহতীয়া আক্ৰমণত শতাধিক লোক আহত হোৱাৰ উপৰিও ৰাজধানী কিয়েভত বৰ্তমানলৈকে আঠজন লোকে প্ৰাণ হেৰুৱাইছে। এই শেহতীয়া আক্ৰমণক যুদ্ধৰ প্ৰথম সপ্তাহৰ বিধ্বংসী আক্ৰমণৰ সতে তুলনা কৰা হৈছে।

জেলেনস্কীয়ে কয় যে মিছাইল নিক্ষেপৰ দ্বাৰা ৰাছিয়াই ইউক্ৰেইনৰ আন্তঃগাঁঠনি আৰু জনসাধাৰণক লক্ষ্য কৰি লৈছে। পোনপ্ৰথমে দেশখনৰ আন্তঃগাঁঠনি আৰু তাৰপাছতে জনসাধাৰণক ৰাছিয়াই লক্ষ্য কৰিছে বুলি তেওঁ কয়।

ইয়াৰ বিপৰীতে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ ওপৰত ধাৰাসাৰ ভাবুকি প্ৰদান কৰি আহিছে। কৈছে যে যদি ৰাছিয়াৰ বিৰুদ্ধে সন্ত্ৰাসবাদীকাৰ্যকলাপ অব্যাহত থাকে, তেন্তে ৰাছিয়াই প্ৰতিৰোধী ব্যৱস্থা অব্যাহত ৰাখিব।

আনহাতে, ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ এই আক্ৰমণক ইউৰোপৰ বহুকেইখন দেশে গৰিহণা জনাইছে। ইউৰোপীয়ান ইউনিয়নে ৰাছিয়াৰ কাৰ্যকলাপক যুদ্ধ অপৰাধবুলি অভিহিত কৰিছে।

ফ্ৰান্স, জাৰ্মানী, পোলেণ্ড, ইংলেণ্ড আদি দেশসমূহে ৰাছিয়াৰ আক্ৰমণক বন্য বুলি অভিহিত কৰিছে। দেশকেইখনে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীৰ সতে যোগাযোগ অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ