--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ “ৰাছিয়াই আমাক পৃথিৱীৰ পৰা নিঃশ্চিন্ন কৰিব বিচাৰিছে।”- এই অনুভৱ ব্যক্ত কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কীয়ে। সোমবাৰে জেলেনস্কীয়ে কয় যে ইউক্ৰেইনৰ কেইবাখনো চহৰত যুদ্ধৰ পৰিস্থিতি সৃষ্টি কৰি ৰাছিয়াই তেওঁৰ দেশখনক ধ্বংস কৰিব বিচাৰিছে।

টেলিগ্ৰাম মেছেজিং এপৰ জৰিয়তে দিয়া এই আৱেগিক ভাষ্যটোত জেলেনস্কীয়ে যুদ্ধবিদ্ধস্ত কেইবাখনো ইউক্ৰেইনৰ চহৰৰ নাম উল্লেখ কৰিছে। সোমবাৰেও এই চহৰসমূহত ৰাছিয়াৰ তাণ্ডৱলীলা অব্যাহত আছে। জেলেনস্কীয়ে কয় যে এই আক্ৰমণত ৰাছিয়াই ইৰাণীয়ান ড্ৰোন ব্যৱহাৰ কৰিছে।

জানিব পৰামতে, বৰ্তমানলৈকে ৰাছিয়াই ইউক্ৰেইনৰ কেইবাখনো চহৰলৈ কমেও ৭৫টাকৈ মিছাইল নিক্ষেপ কৰিছে। এই চহৰসমূহৰ ভিতৰত ৰাজধানী কিয়েভো অন্যতম।

ৰাছিয়াৰ শেহতীয়া আক্ৰমণত শতাধিক লোক আহত হোৱাৰ উপৰিও ৰাজধানী কিয়েভত বৰ্তমানলৈকে আঠজন লোকে প্ৰাণ হেৰুৱাইছে। এই শেহতীয়া আক্ৰমণক যুদ্ধৰ প্ৰথম সপ্তাহৰ বিধ্বংসী আক্ৰমণৰ স’তে তুলনা কৰা হৈছে।

জেলেনস্কীয়ে কয় যে মিছাইল নিক্ষেপৰ দ্বাৰা ৰাছিয়াই ইউক্ৰেইনৰ আন্তঃগাঁঠনি আৰু জনসাধাৰণক লক্ষ্য কৰি লৈছে। পোনপ্ৰথমে দেশখনৰ আন্তঃগাঁঠনি আৰু তাৰপাছতে জনসাধাৰণক ৰাছিয়াই লক্ষ্য কৰিছে বুলি তেওঁ কয়।

ইয়াৰ বিপৰীতে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ ওপৰত ধাৰাসাৰ ভাবুকি প্ৰদান কৰি আহিছে। কৈছে যে যদি ৰাছিয়াৰ বিৰুদ্ধে ‘সন্ত্ৰাসবাদী’ কাৰ্যকলাপ অব্যাহত থাকে, তেন্তে ৰাছিয়াই প্ৰতিৰোধী ব্যৱস্থা অব্যাহত ৰাখিব।

আনহাতে, ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ এই আক্ৰমণক ইউৰোপৰ বহুকেইখন দেশে গৰিহণা জনাইছে। ইউৰোপীয়ান ইউনিয়নে ৰাছিয়াৰ কাৰ্যকলাপক ‘যুদ্ধ অপৰাধ’ বুলি অভিহিত কৰিছে।

ফ্ৰান্স, জাৰ্মানী, পোলেণ্ড, ইংলেণ্ড আদি দেশসমূহে ৰাছিয়াৰ আক্ৰমণক বন্য বুলি অভিহিত কৰিছে। দেশকেইখনে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীৰ স’তে যোগাযোগ অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু