--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাজিৰঙাৰ হালধিবাৰী বন্যপ্ৰাণী কৰিডৰত এটা গঁড়ক এখন ট্ৰাকে খুন্দিওৱাৰ দৃশ্যই দেশজুৰি ভাইৰেল হৈ পৰিছে। বলিউডৰ একালৰ জনপ্ৰিয় অভিনেত্ৰী ৰবীনা টেণ্ডনেও ইয়াৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

সোমবাৰে টুইটাৰযোগে উক্ত ভিডিঅ’টো শ্বেয়াৰ কৰি ৰবিনাই লিখিছে যে অৰণ্যৰ মাজেৰে যোৱা পথ আৰু ঘাইপথসমূহ বন্ধ কৰিব নোৱাৰি নেকি? ৰবীনাই কয় যে এই পথসমূহেৰে যাত্ৰা কৰোতে অনুজ্ঞাপত্ৰৰ ব্যৱ্স্থা কৰাটো অত্যন্ত জৰুৰী।

উক্ত ভিডিঅ’টো ইণ্ডিয়ান ফৰেষ্ট চাৰ্ভিছৰ এগৰাকী বিষয়া পাৰবীন কাচৱানে টুইটাৰত শ্বেয়াৰ কৰিছিল। কাচৱানে নিয়মীয়াকৈ টুইটাৰযোগে বন্যপ্ৰাণী সম্পৰ্কীয় সজাগতামূলক বাৰ্তা দি আহিছে। কাজিৰঙাৰ ভিডিঅ’টোও তেওঁ এই উদ্দেশ্যেৰই শ্বেয়াৰ কৰে।

আন এটা একেধৰণৰ ঘটনা শ্বেয়াৰ কৰি কাচৱানে লিখিছে যে বন্যপ্ৰাণী চলাচল কৰা কৰিডৰসমূহত মানুহে ল’ব লগা একমাত্ৰ পদক্ষেপটো হৈছে সজাগতা। সজাগতাৰ দ্বাৰাহে এইধৰণৰ দুৰ্ভাগ্যজনক ঘটনাসমূহ আঁতৰি কৰিব পাৰি। 

কাজিৰঙাৰ ঘটনাটোক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। নিজৰ টুইটাৰ প্ৰফাইলত ভিডিঅ’টো শ্বেয়াৰ কৰি তেওঁ গঁড়ক খুন্দা মৰা উক্ত বাহনখনক চিনাক্ত কৰি জৰিমণা বিহিবলৈ আদেশ দিছে। তদুপৰি কাজিৰঙাৰ বন্যপ্ৰাণী কৰিডৰক লৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি আছে বুলিও জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু