--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাজিৰঙাৰ হালধিবাৰী বন্যপ্ৰাণী কৰিডৰত এটা গঁড়ক এখন ট্ৰাকে খুন্দিওৱাৰ দৃশ্যই দেশজুৰি ভাইৰেল হৈ পৰিছে। বলিউডৰ একালৰ জনপ্ৰিয় অভিনেত্ৰী ৰবীনা টেণ্ডনেও ইয়াৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

সোমবাৰে টুইটাৰযোগে উক্ত ভিডিঅ’টো শ্বেয়াৰ কৰি ৰবিনাই লিখিছে যে অৰণ্যৰ মাজেৰে যোৱা পথ আৰু ঘাইপথসমূহ বন্ধ কৰিব নোৱাৰি নেকি? ৰবীনাই কয় যে এই পথসমূহেৰে যাত্ৰা কৰোতে অনুজ্ঞাপত্ৰৰ ব্যৱ্স্থা কৰাটো অত্যন্ত জৰুৰী।

উক্ত ভিডিঅ’টো ইণ্ডিয়ান ফৰেষ্ট চাৰ্ভিছৰ এগৰাকী বিষয়া পাৰবীন কাচৱানে টুইটাৰত শ্বেয়াৰ কৰিছিল। কাচৱানে নিয়মীয়াকৈ টুইটাৰযোগে বন্যপ্ৰাণী সম্পৰ্কীয় সজাগতামূলক বাৰ্তা দি আহিছে। কাজিৰঙাৰ ভিডিঅ’টোও তেওঁ এই উদ্দেশ্যেৰই শ্বেয়াৰ কৰে।

আন এটা একেধৰণৰ ঘটনা শ্বেয়াৰ কৰি কাচৱানে লিখিছে যে বন্যপ্ৰাণী চলাচল কৰা কৰিডৰসমূহত মানুহে ল’ব লগা একমাত্ৰ পদক্ষেপটো হৈছে সজাগতা। সজাগতাৰ দ্বাৰাহে এইধৰণৰ দুৰ্ভাগ্যজনক ঘটনাসমূহ আঁতৰি কৰিব পাৰি। 

কাজিৰঙাৰ ঘটনাটোক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। নিজৰ টুইটাৰ প্ৰফাইলত ভিডিঅ’টো শ্বেয়াৰ কৰি তেওঁ গঁড়ক খুন্দা মৰা উক্ত বাহনখনক চিনাক্ত কৰি জৰিমণা বিহিবলৈ আদেশ দিছে। তদুপৰি কাজিৰঙাৰ বন্যপ্ৰাণী কৰিডৰক লৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি আছে বুলিও জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক