--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি বিতৰ্কৰ সৃষ্টি কৰা   ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বিৰুদ্ধে আন্তৰ্জাতিক ন্যায়ালয়ে জাৰি কৰিছে গ্ৰেপ্তাৰী পৰোৱানা৷ ইউক্ৰেইনৰ ভূখণ্ডৰ পৰা শিশুসকলক অবৈধভাৱে ৰাছিয়ালৈ বিতাড়িত কৰাৰ অভিযোগত পুটিনৰ বিৰুদ্ধে গ্ৰেপ্তাৰ পৰোৱানা জাৰি কৰা হৈছে৷ 

উল্লেখ্য যুদ্ধৰ অচিলালৈ ইউক্ৰেইনৰ বহু শিশুক ৰাছিয়ালৈ প্ৰেৰণ কৰা বুলি গুৰুতৰ অভিযোগ উঠি আহিছে৷ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত এবছৰৰো অধিক কাল যুদ্ধ চলি আছে। দুয়োখন দেশেই যেন যুদ্ধ বন্ধ কৰিবলৈ  ইচ্ছুক নহয়। ফলত হাজা হাজাৰ লোকৰ যুদ্ধত মৃত্যু ঘটিছে৷ বহু লোক গৃহহাৰা হৈ পৰিছে৷আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতে ইউক্ৰেইনত যুদ্ধ অপৰাধৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ বিৰুদ্ধে  গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাত বহু দেশে সন্তুষ্টি ব্যক্ত কৰিছে।

আন্তঃৰাষ্ট্ৰীয়  ন্যায়ালয়ে কয় যে ইউক্ৰেইনৰ অধিকৃত অঞ্চলৰ পৰা ৰাছিয়ান ফেডাৰেচনলৈ মানুহ, বিশেষকৈ শিশু অবৈধভাবে  স্থানান্তৰ কৰা হৈছে৷ এয়া অপৰাধ৷ এনে কাৰ্যৰ জড়িয়তে পুটিনে যুদ্ধ অপৰাধ কৰিছে আৰু ইয়াৰ   বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি দায়বদ্ধ ৷

ইপিনে ৰাছিয়াই এনে অত্যাচাৰৰ অভিযোগ বাৰে বাৰে নাকচ কৰি আহিছে। আন্তৰ্জাতিক  ফৌজদাৰী আদালতৰ প্ৰি-ট্ৰায়েল চেম্বাৰ-২-য়ে পুটিনকে ধৰি দুজন ব্যক্তিৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা  জাৰি কৰিছে। তেওঁলোকৰ আন এগৰাকী ব্যক্তি হৈছে মাৰিয়া এলেক্সেভনা লাভোভা-বেলোভা। আদালতে উল্লেখ কৰে যে ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ আক্ৰমণৰ আৰম্ভণিৰ পৰাই ইউক্ৰেইন অধিকৃত অঞ্চলত এনে অপৰাধ সংঘটিত হৈছিল।

আদালতে কৈছে যে পুটিনে এনে ধৰণৰ কাম পোনপটীয়াকৈ বা আনৰ জৰিয়তে কৰোৱাইছে৷  আন্তৰ্জাতিক  আদালতে কৈছে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ দায়ি্বত থকা  শিশু অধিকাৰ আয়ুক্ত মাৰিয়া এলেক্সিয়েভনা লাভোভা-বেলোভাৰো এই অপৰাধৰ সৈতে জড়িত৷ইফালে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে সোমবাৰৰ পৰা ৰাছিয়া ভ্ৰমণ কৰাৰ কথা আছে। এই সময়ছোৱাত তেওঁ ভ্লাদিমিৰ পুটিনৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা কৰিব আৰু ইউক্ৰেইনত যুদ্ধ সমাপ্ত কৰিবলৈ শান্তি আলোচনাৰ বাবে চে্ষ্টা  কৰিব পাৰে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী