--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি বিতৰ্কৰ সৃষ্টি কৰা   ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বিৰুদ্ধে আন্তৰ্জাতিক ন্যায়ালয়ে জাৰি কৰিছে গ্ৰেপ্তাৰী পৰোৱানা৷ ইউক্ৰেইনৰ ভূখণ্ডৰ পৰা শিশুসকলক অবৈধভাৱে ৰাছিয়ালৈ বিতাড়িত কৰাৰ অভিযোগত পুটিনৰ বিৰুদ্ধে গ্ৰেপ্তাৰ পৰোৱানা জাৰি কৰা হৈছে৷ 

উল্লেখ্য যুদ্ধৰ অচিলালৈ ইউক্ৰেইনৰ বহু শিশুক ৰাছিয়ালৈ প্ৰেৰণ কৰা বুলি গুৰুতৰ অভিযোগ উঠি আহিছে৷ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত এবছৰৰো অধিক কাল যুদ্ধ চলি আছে। দুয়োখন দেশেই যেন যুদ্ধ বন্ধ কৰিবলৈ  ইচ্ছুক নহয়। ফলত হাজা হাজাৰ লোকৰ যুদ্ধত মৃত্যু ঘটিছে৷ বহু লোক গৃহহাৰা হৈ পৰিছে৷আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতে ইউক্ৰেইনত যুদ্ধ অপৰাধৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ বিৰুদ্ধে  গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাত বহু দেশে সন্তুষ্টি ব্যক্ত কৰিছে।

আন্তঃৰাষ্ট্ৰীয়  ন্যায়ালয়ে কয় যে ইউক্ৰেইনৰ অধিকৃত অঞ্চলৰ পৰা ৰাছিয়ান ফেডাৰেচনলৈ মানুহ, বিশেষকৈ শিশু অবৈধভাবে  স্থানান্তৰ কৰা হৈছে৷ এয়া অপৰাধ৷ এনে কাৰ্যৰ জড়িয়তে পুটিনে যুদ্ধ অপৰাধ কৰিছে আৰু ইয়াৰ   বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি দায়বদ্ধ ৷

ইপিনে ৰাছিয়াই এনে অত্যাচাৰৰ অভিযোগ বাৰে বাৰে নাকচ কৰি আহিছে। আন্তৰ্জাতিক  ফৌজদাৰী আদালতৰ প্ৰি-ট্ৰায়েল চেম্বাৰ-২-য়ে পুটিনকে ধৰি দুজন ব্যক্তিৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা  জাৰি কৰিছে। তেওঁলোকৰ আন এগৰাকী ব্যক্তি হৈছে মাৰিয়া এলেক্সেভনা লাভোভা-বেলোভা। আদালতে উল্লেখ কৰে যে ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ আক্ৰমণৰ আৰম্ভণিৰ পৰাই ইউক্ৰেইন অধিকৃত অঞ্চলত এনে অপৰাধ সংঘটিত হৈছিল।

আদালতে কৈছে যে পুটিনে এনে ধৰণৰ কাম পোনপটীয়াকৈ বা আনৰ জৰিয়তে কৰোৱাইছে৷  আন্তৰ্জাতিক  আদালতে কৈছে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ দায়ি্বত থকা  শিশু অধিকাৰ আয়ুক্ত মাৰিয়া এলেক্সিয়েভনা লাভোভা-বেলোভাৰো এই অপৰাধৰ সৈতে জড়িত৷ইফালে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে সোমবাৰৰ পৰা ৰাছিয়া ভ্ৰমণ কৰাৰ কথা আছে। এই সময়ছোৱাত তেওঁ ভ্লাদিমিৰ পুটিনৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা কৰিব আৰু ইউক্ৰেইনত যুদ্ধ সমাপ্ত কৰিবলৈ শান্তি আলোচনাৰ বাবে চে্ষ্টা  কৰিব পাৰে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ