ডিজিটেল ডেস্কঃ মানুহৰ মূৰত শিং গজাৰ কথা ক’লেও হয়তো কোনেও বিশ্বাস নকৰিব৷ কিন্তু তেনে এক অবিশ্বাস্য ঘটনাই ঘটিছে এগৰাকী বৃদ্ধৰ ক্ষেত্ৰ ৷য়েমেনৰ এজন বৃদ্ধ ব্যক্তিৰ মূৰত শিং গজাৰ ঘটনাই এতিয়া আলোড়ণৰ সৃষ্টি কৰিছে৷লোকজনৰ বয়স কিমান সেয়া কোনেও ক’ব নোৱাৰে৷ কিন্তু লোক জডনৰ মতে তেওঁৰ বয়স ১৪০ বছৰ!
কিন্তু মূৰত গজি উঠা কাটি পেলাবলৈ চেষ্টা কৰাৰ সময়তে লোক জনৰ মৃত্যু ঘটা বুলি সংবাদমাধ্যমত বাতৰি প্ৰকাশ পাইছে৷ য়েমেনৰ বহু সংবাদ মাধ্যমে তেনে বাতৰিয়েই প্ৰকাশ কৰিছে৷আলী অন্তৰ নামৰ বৃদ্ধজনক বহুতে 'য়েমেনৰ ছাগলী-মানৱ' বুলি কৈ আহিছে।খবৰ অনুসৰি ১০০ বছৰ বয়সৰ পিছত তেওঁৰ মূৰত শিং গজিবলৈ আৰম্ভ কৰে। তেতিয়াৰে পৰা তেওঁ বিখ্যাত হৈ পৰে।
শিং দুটাৰ এটা শিং সৰু আছিল, আনটো আকাৰত ডাঙৰ আছিল। শিং গজি উঠাৰ পিছত আলীয়ে বিভিন্ন সমস্যাত ভুগিবলৈ আৰম্ভ কৰিছিল।শেহতীয়াকৈ তেওঁৰ শিং কাটিবলৈ চেষ্টা কৰা হৈছিল। য়েমেনৰ স্থানীয় বাতৰি কাকতসমূহে দাবী কৰিছে যে এজন অপ্ৰশিক্ষিত ব্যক্তিয়ে অস্ত্ৰোপচাৰ কৰি লোকজনৰ শিং দুটা আঁতৰাবলৈ চেষ্টা কৰিছিল। তেতিয়াই অঘটন ঘটিল৷ অস্ত্ৰোপচাৰৰ তিনি দিনৰ পিছতে আলীৰ মৃত্যু হয়। তেওঁৰ পৰিয়ালে অভিযোগ কৰিছে যে মানুহজনে এনে 'নিষ্ঠুৰ' অস্ত্ৰোপচাৰৰ আঘাতৰ সহ্য কৰিব নোৱাৰিয়েই মৃত্যুক সাৱটি লৈছে৷