--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইতিহাসৰ আটাইতকৈ বিধ্বংসী ঘূৰ্ণী বতাহৰ কৱলত পৰিছে আফ্ৰিকা৷  পূব আফ্ৰিকাৰ মালাৱীত ঘূৰ্ণীয়ে তাণ্ডৱৰ সৃষ্টি কৰিছে৷  চৰকাৰী পৰিসংখ্যা অনুসৰি ঘূৰ্ণী বতাহৰ ফলত ইতিমধ্যে ৩২৬ জন লোকৰ মৃত্যু ঘটিছে। উদ্ধাৰকাৰীসকলে প্ৰকাশ কৰা মতে  হতাহতৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে । ধুমুহাৰ ফলত প্ৰায় ১ লাখ ৮৩ হাজাৰ লোক গৃহহাৰা হৈ পৰিছে৷ 

ঘূৰ্ণী বতাহে মালাৱিৰ চুবুৰীয়া দেশসমূহকো প্ৰভাৱান্বিত  কৰিছে। বিভিন্ন ঠাইত মৃত্যুৰ সংখ্যাও বাঢ়ি গৈছে। আফ্ৰিকাৰ এনে বিপদৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে অভয়  বাৰ্তা দিছে।মালাৱিৰ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে কৈছে যে ফেব্ৰুৱাৰীৰ শেষৰ ফালে দক্ষিণ আফ্ৰিকাৰ উপকূলীয় দেশসমূহত ঘূৰ্ণী বতাহ ফ্ৰেডীয়ে ভূমিস্খলনৰ সৃষ্টি কৰিছে।  মালাৱীত নেৰানেপেৰা বৰষুণৰ ফলত বিধ্বস্ত হৈ পৰিছে যোগাযোগ ব্যৱস্থা। ধাৰাসাৰ বৰষুণৰ ফলতকৃষিভূমিৰো বিস্তৰ  ক্ষতি হোৱাৰ খবৰ পোৱা গৈছে৷

বহু ঠাইত এতিয়াও উদ্ধাৰ অভিযান আৰম্ভ কৰিব পৰা হোৱা নাই। কিছু ঠাইত  বৰষুণ বন্ধ হোৱাৰ পিছত প্ৰায় ৩২৬ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে।বতৰ বিজ্ঞানীসকলে এই ভয়ংকৰ ঘূৰ্ণী বতাহক ইতিহাসৰ আটাইতকৈ বিধ্বংসী  ঘূৰ্ণীবতাহ হিচাপে বৰ্ণনা কৰিছে। তেওঁলোকৰ মতে এই ঘূৰ্ণী বতাহৰ উৎপত্তি প্ৰশান্ত মহাসাগৰত হৈছে। 

ফ্ৰেডীয়ে আফ্ৰিকাৰ দক্ষিণ অংশত  থকা দেশবোৰ অতিক্ৰম কৰি  এতিয়া  পূবত থকা  ভাৰত মহাসাগৰৰ ফালে অগ্ৰসৰ হৈছে।  ঘূৰ্ণী বতাহে পূব আফ্ৰিকাত আটাইতকৈ বেছি ক্ষতি কৰিছে৷ মালাৱিৰ ৰাষ্ট্ৰপতি লাজাৰ চাকিছাই ইতিমধ্যে আন্তৰ্জাতিক মহলক সহায়ৰ  আবেদন জনাইছে। ঘূৰ্ণী প্ৰভাৱান্বিত  দেশ মোজাম্বিকৰ ৰাষ্ট্ৰপতিয়েও একে  আবেদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে তিনিখন ঘূৰ্ণী বিধ্বস্ত  দেশৰ কাষত থিয় দিছে। প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিছে যে কঠিন সময়ত ভাৰত তেওঁলোকৰ কাষত সদায় থাকিব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী