--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইতিহাসৰ আটাইতকৈ বিধ্বংসী ঘূৰ্ণী বতাহৰ কৱলত পৰিছে আফ্ৰিকা৷  পূব আফ্ৰিকাৰ মালাৱীত ঘূৰ্ণীয়ে তাণ্ডৱৰ সৃষ্টি কৰিছে৷  চৰকাৰী পৰিসংখ্যা অনুসৰি ঘূৰ্ণী বতাহৰ ফলত ইতিমধ্যে ৩২৬ জন লোকৰ মৃত্যু ঘটিছে। উদ্ধাৰকাৰীসকলে প্ৰকাশ কৰা মতে  হতাহতৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে । ধুমুহাৰ ফলত প্ৰায় ১ লাখ ৮৩ হাজাৰ লোক গৃহহাৰা হৈ পৰিছে৷ 

ঘূৰ্ণী বতাহে মালাৱিৰ চুবুৰীয়া দেশসমূহকো প্ৰভাৱান্বিত  কৰিছে। বিভিন্ন ঠাইত মৃত্যুৰ সংখ্যাও বাঢ়ি গৈছে। আফ্ৰিকাৰ এনে বিপদৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে অভয়  বাৰ্তা দিছে।মালাৱিৰ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে কৈছে যে ফেব্ৰুৱাৰীৰ শেষৰ ফালে দক্ষিণ আফ্ৰিকাৰ উপকূলীয় দেশসমূহত ঘূৰ্ণী বতাহ ফ্ৰেডীয়ে ভূমিস্খলনৰ সৃষ্টি কৰিছে।  মালাৱীত নেৰানেপেৰা বৰষুণৰ ফলত বিধ্বস্ত হৈ পৰিছে যোগাযোগ ব্যৱস্থা। ধাৰাসাৰ বৰষুণৰ ফলতকৃষিভূমিৰো বিস্তৰ  ক্ষতি হোৱাৰ খবৰ পোৱা গৈছে৷

বহু ঠাইত এতিয়াও উদ্ধাৰ অভিযান আৰম্ভ কৰিব পৰা হোৱা নাই। কিছু ঠাইত  বৰষুণ বন্ধ হোৱাৰ পিছত প্ৰায় ৩২৬ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে।বতৰ বিজ্ঞানীসকলে এই ভয়ংকৰ ঘূৰ্ণী বতাহক ইতিহাসৰ আটাইতকৈ বিধ্বংসী  ঘূৰ্ণীবতাহ হিচাপে বৰ্ণনা কৰিছে। তেওঁলোকৰ মতে এই ঘূৰ্ণী বতাহৰ উৎপত্তি প্ৰশান্ত মহাসাগৰত হৈছে। 

ফ্ৰেডীয়ে আফ্ৰিকাৰ দক্ষিণ অংশত  থকা দেশবোৰ অতিক্ৰম কৰি  এতিয়া  পূবত থকা  ভাৰত মহাসাগৰৰ ফালে অগ্ৰসৰ হৈছে।  ঘূৰ্ণী বতাহে পূব আফ্ৰিকাত আটাইতকৈ বেছি ক্ষতি কৰিছে৷ মালাৱিৰ ৰাষ্ট্ৰপতি লাজাৰ চাকিছাই ইতিমধ্যে আন্তৰ্জাতিক মহলক সহায়ৰ  আবেদন জনাইছে। ঘূৰ্ণী প্ৰভাৱান্বিত  দেশ মোজাম্বিকৰ ৰাষ্ট্ৰপতিয়েও একে  আবেদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে তিনিখন ঘূৰ্ণী বিধ্বস্ত  দেশৰ কাষত থিয় দিছে। প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিছে যে কঠিন সময়ত ভাৰত তেওঁলোকৰ কাষত সদায় থাকিব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ