--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইনৰ মাজত এবছৰৰো অধিককাল ধৰি চলি থকা যুদ্ধ কেৱল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েহে বন্ধ কৰিব পাৰিব। এই মন্তব্য আমেৰিকাৰ। আমেৰিকা যুক্তৰাষ্ট্ৰই এই বুলি কৈছে যে ইউক্ৰেইনত শান্তি স্থাপনৰ বাবে ভাৰতে গ্ৰহণ কৰা  পদক্ষেপক দেশ খনে আদৰণি জনাব।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগৰ মুখপাত্ৰ মেথিউ মিলাৰে  সাংবাদিকক কয়  যে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰি এটা "কৌশলগত ভুল" কৰিছে। কিন্তু যদি আন্তৰ্জাতিক সম্প্ৰদায়ে ইউক্ৰেইনলৈ  শান্তি আনিবলৈ সহায়ৰ হাত আগবঢ়াব বিচাৰে, আমেৰিকা যুক্তৰাষ্ট্ৰই সকলোৰে অৱদান গ্ৰহণ কৰিব। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ আৰম্ভণিৰ পৰাই ভাৰতে শান্তিপূৰ্ণ আলোচনাৰ জৰিয়তে সমস্যাটো সমাধান কৰাৰ প্ৰস্তাৱ আগবঢ়াই আহিছে ।সেয়েযুদ্ধ বন্ধ কৰাৰ ক্ষেত্ৰত মোদীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি মাৰ্কিন কূনীতিকগৰাকীয়ে কয়।

তেওঁ কয় যে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ৰাছিয়া আৰু ইউক্ৰেইন দুয়োৰে মুৰব্বীৰ সৈতে কেইবাবাৰো ফোনত কথা পাতিছে। যোৱা বছৰ মোদীয়ে ছাংহাই সহযোগিতা সংস্থাৰ (এছচিঅ') সন্মিলনৰ সময়ত ভ্লাদিমিৰ পুটিনৰ সৈতে দ্বিপাক্ষিক বৈঠক  কৰিছিল। ৰাছিয়াৰ ৰাষ্ট্ৰপতিলৈ এক স্পষ্ট বাৰ্তাত মোদীয়ে কৈছিল যে এয়া  যুঁজ কৰাৰ  সময় নহয়।  ভাৰতে বিভিন্ন ক্ষেত্ৰত নিৰপেক্ষ স্থিতি গ্ৰহণ কৰি যুদ্ধ বন্ধ কৰিবলৈ আহ্বান জনাইছে। 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগৰ মুখপাত্ৰক প্ৰশ্ন কৰা হৈছিল যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ বন্ধ কৰাত নৰেন্দ্ৰ মোদী বা ভাৰতৰ কোনো ভূমিকা থাকিব পাৰে নেকি? "আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰত বা আন যিকোনো দেশৰ সহায়ক স্বাগতম জনাব," মিলাৰে উত্তৰ দিছিল। তেওঁ লগতে কয় যে ইউক্ৰেইনৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাক সন্মান জনাই শান্তি পুনৰুদ্ধাৰ কৰিব লাগিব। এই কামত সকলোৰে অৱদান গ্ৰহণযোগ্য। 

এয়াই  প্ৰথম বাৰৰ বাবে নহয়,  আমেৰিকাই পূৰ্বেও  ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰিবলৈ ভাৰতৰ সহায় বিচাৰিছিল। হোৱাইট হাউচৰ মুখপাত্ৰ জন কাৰ্বিয়ে কৈছিল ’’প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনক সৈমান কৰিব পাৰে। যদি মোদীয়ে কথা পাতিব বিচাৰে বা আন কোনো ধৰণৰ প্ৰচেষ্টা কৰিব বিচাৰে, আমি তেওঁক সমৰ্থন কৰিম। "









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ