--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইনৰ মাজত এবছৰৰো অধিককাল ধৰি চলি থকা যুদ্ধ কেৱল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েহে বন্ধ কৰিব পাৰিব। এই মন্তব্য আমেৰিকাৰ। আমেৰিকা যুক্তৰাষ্ট্ৰই এই বুলি কৈছে যে ইউক্ৰেইনত শান্তি স্থাপনৰ বাবে ভাৰতে গ্ৰহণ কৰা  পদক্ষেপক দেশ খনে আদৰণি জনাব।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগৰ মুখপাত্ৰ মেথিউ মিলাৰে  সাংবাদিকক কয়  যে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰি এটা "কৌশলগত ভুল" কৰিছে। কিন্তু যদি আন্তৰ্জাতিক সম্প্ৰদায়ে ইউক্ৰেইনলৈ  শান্তি আনিবলৈ সহায়ৰ হাত আগবঢ়াব বিচাৰে, আমেৰিকা যুক্তৰাষ্ট্ৰই সকলোৰে অৱদান গ্ৰহণ কৰিব। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ আৰম্ভণিৰ পৰাই ভাৰতে শান্তিপূৰ্ণ আলোচনাৰ জৰিয়তে সমস্যাটো সমাধান কৰাৰ প্ৰস্তাৱ আগবঢ়াই আহিছে ।সেয়েযুদ্ধ বন্ধ কৰাৰ ক্ষেত্ৰত মোদীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি মাৰ্কিন কূনীতিকগৰাকীয়ে কয়।

তেওঁ কয় যে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ৰাছিয়া আৰু ইউক্ৰেইন দুয়োৰে মুৰব্বীৰ সৈতে কেইবাবাৰো ফোনত কথা পাতিছে। যোৱা বছৰ মোদীয়ে ছাংহাই সহযোগিতা সংস্থাৰ (এছচিঅ') সন্মিলনৰ সময়ত ভ্লাদিমিৰ পুটিনৰ সৈতে দ্বিপাক্ষিক বৈঠক  কৰিছিল। ৰাছিয়াৰ ৰাষ্ট্ৰপতিলৈ এক স্পষ্ট বাৰ্তাত মোদীয়ে কৈছিল যে এয়া  যুঁজ কৰাৰ  সময় নহয়।  ভাৰতে বিভিন্ন ক্ষেত্ৰত নিৰপেক্ষ স্থিতি গ্ৰহণ কৰি যুদ্ধ বন্ধ কৰিবলৈ আহ্বান জনাইছে। 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগৰ মুখপাত্ৰক প্ৰশ্ন কৰা হৈছিল যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ বন্ধ কৰাত নৰেন্দ্ৰ মোদী বা ভাৰতৰ কোনো ভূমিকা থাকিব পাৰে নেকি? "আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰত বা আন যিকোনো দেশৰ সহায়ক স্বাগতম জনাব," মিলাৰে উত্তৰ দিছিল। তেওঁ লগতে কয় যে ইউক্ৰেইনৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাক সন্মান জনাই শান্তি পুনৰুদ্ধাৰ কৰিব লাগিব। এই কামত সকলোৰে অৱদান গ্ৰহণযোগ্য। 

এয়াই  প্ৰথম বাৰৰ বাবে নহয়,  আমেৰিকাই পূৰ্বেও  ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰিবলৈ ভাৰতৰ সহায় বিচাৰিছিল। হোৱাইট হাউচৰ মুখপাত্ৰ জন কাৰ্বিয়ে কৈছিল ’’প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনক সৈমান কৰিব পাৰে। যদি মোদীয়ে কথা পাতিব বিচাৰে বা আন কোনো ধৰণৰ প্ৰচেষ্টা কৰিব বিচাৰে, আমি তেওঁক সমৰ্থন কৰিম। "









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন