--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেৰানেপেৰা বৰষুণৰ ফলত উত্তৰ ভাৰতৰ বহু কেই খন ৰাজ্য এতিয়া বানৰ  কবলত পৰিছে। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত  হৈছে হিমাচল প্ৰদেশ। ৰাজ্য প্ৰশাসনে এক বিবৃতি জাৰি কৰি কৈছে  যে যোৱা কেইদিনমানত বৰষুণৰ ফলত হিমাচলত ৭২  জন লোকৰ মৃত্যু হৈছে। 

আঠজন এতিয়াও সন্ধানহীন হৈ আছে। বানৰ ফলত ৯২ জন লোক আহত হৈছে। সমগ্ৰ উত্তৰ ভাৰতত যোৱা কেইদিনমানত বৰষুণ আৰু বানৰ ফলত  কমেও ১০০ জন লোকৰ মৃত্যু হৈছে।
হিমাচল চৰকাৰে  বিবৃতি জাৰি কৰি লগতে লগতে কৈছে  যে বৰষুণৰ ফলত ৰাজ্যখনে ৭৮৫.৫১ কোটি টকাৰ আৰ্থিক ক্ষতিৰ সন্মুখীন হৈছে। যোৱা কেইদিনমানত ৩৯  টা ঠাইত ভূমিস্খলন,  ডাৱৰ বিস্ফোৰণ আৰু২৯  টা স্থানত হাৰ্পাৰ বানে ক্ষতি কৰিছে।   নেৰানেপেৰা বৰষুণৰ ফলত মাণ্ডি জিলাত বিপাশা নদীৰ পানীৰ স্তৰ বৃদ্ধি পাইছে। আবাসীসকলক নদীৰ কাষৰ ঘৰৰ পৰা সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে।

বতৰ বিজ্ঞান বিভাগে  কৈছে  যে হিমাচলত   এতিয়াও বৰষুণ বন্ধ হোৱা নাই। হিমাচলত পৰৱৰ্তী ২৪ ঘণ্টাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। সেয়ে বহু ঠাইত  কমলা সতৰ্কবাণী জাৰি কৰা হৈছে। মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে ৰাজ্যখনৰ জনসাধাৰণক পৰৱৰ্তী এদিনৰ বাবে ঘৰৰ ভিতৰতে  থাকিবলৈ পৰামৰ্শ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে তেওঁৰ সৈতে কথা পাতে  আৰু তেওঁক সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে । ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে ইতিমধ্যে ৰাজ্যখনত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

উত্তৰাখণ্ডৰ পৰিস্থিতিও বেয়া হৈ পৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্য খনত  ১৩ জুলাইলৈকে ধাৰাসাৰ বৰষুণৰ ভৱিষ্যতবাণী কৰিছে। উত্তৰাখণ্ডতো কমলা সতৰ্কবাণী জাৰি কৰা হৈছে। যোৱা দুই-তিনি দিনত উত্তৰ প্ৰদেশতো ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাতৰ ফলত ৩৪  জন লোকৰ মৃত্যু হৈছে। হাৰিয়ানাত বৰষুণৰ ফলত হোৱা ভূমিস্খলনত পাঁচজন লোকৰ মৃত্যু হৈছে। পিঞ্জোৰত তিনিজন আৰু কৰ্ণালত দুজন লোকৰ মৃত্যু হৈছে। আম্বালাৰ ওচৰৰ চমন বাটিকা কন্যা গুৰুকালত প্ৰায় ৭৩০ জন শিক্ষাৰ্থী আৱদ্ধ হৈ আছে। ভাৰতীয় সেনাই তেওঁলোকক  উদ্ধাৰ কৰিবলৈ চেষ্টা চলাই আছে। দিল্লীও বৰষুণৰ দ্বাৰা প্ৰভাৱিত হৈছে। দিল্লীৰ মেয়ৰ শ্বেলী অবেৰয়ে মঙলবাৰে ৰাজধানীৰ সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিছে।

হিমাচললৈ  ফুৰিবলৈ গৈ সন্ধানহীন হৈ পৰিছে অসমৰ দম্পতী।৭৩ ঘণ্টা ধৰি সন্ধানহীন হৈ আছে  সোণাৰিৰ পাৰ্বতীপুৰৰ দেৱাশীষ ৰাজখোৱা আৰু শিখা ফুকন।ইফালে পৰিয়াল টোৰ লগত যোৱা পাৰ্বতীপুৰৰ শান্তনু গগৈয়ো সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে।দম্পতীহালক  উদ্ধাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক  আহ্বান জনাইছে পৰিয়ালৰ লোকে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন