--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেৰানেপেৰা বৰষুণৰ ফলত উত্তৰ ভাৰতৰ বহু কেই খন ৰাজ্য এতিয়া বানৰ  কবলত পৰিছে। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত  হৈছে হিমাচল প্ৰদেশ। ৰাজ্য প্ৰশাসনে এক বিবৃতি জাৰি কৰি কৈছে  যে যোৱা কেইদিনমানত বৰষুণৰ ফলত হিমাচলত ৭২  জন লোকৰ মৃত্যু হৈছে। 

আঠজন এতিয়াও সন্ধানহীন হৈ আছে। বানৰ ফলত ৯২ জন লোক আহত হৈছে। সমগ্ৰ উত্তৰ ভাৰতত যোৱা কেইদিনমানত বৰষুণ আৰু বানৰ ফলত  কমেও ১০০ জন লোকৰ মৃত্যু হৈছে।
হিমাচল চৰকাৰে  বিবৃতি জাৰি কৰি লগতে লগতে কৈছে  যে বৰষুণৰ ফলত ৰাজ্যখনে ৭৮৫.৫১ কোটি টকাৰ আৰ্থিক ক্ষতিৰ সন্মুখীন হৈছে। যোৱা কেইদিনমানত ৩৯  টা ঠাইত ভূমিস্খলন,  ডাৱৰ বিস্ফোৰণ আৰু২৯  টা স্থানত হাৰ্পাৰ বানে ক্ষতি কৰিছে।   নেৰানেপেৰা বৰষুণৰ ফলত মাণ্ডি জিলাত বিপাশা নদীৰ পানীৰ স্তৰ বৃদ্ধি পাইছে। আবাসীসকলক নদীৰ কাষৰ ঘৰৰ পৰা সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে।

বতৰ বিজ্ঞান বিভাগে  কৈছে  যে হিমাচলত   এতিয়াও বৰষুণ বন্ধ হোৱা নাই। হিমাচলত পৰৱৰ্তী ২৪ ঘণ্টাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। সেয়ে বহু ঠাইত  কমলা সতৰ্কবাণী জাৰি কৰা হৈছে। মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে ৰাজ্যখনৰ জনসাধাৰণক পৰৱৰ্তী এদিনৰ বাবে ঘৰৰ ভিতৰতে  থাকিবলৈ পৰামৰ্শ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে তেওঁৰ সৈতে কথা পাতে  আৰু তেওঁক সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে । ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে ইতিমধ্যে ৰাজ্যখনত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

উত্তৰাখণ্ডৰ পৰিস্থিতিও বেয়া হৈ পৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্য খনত  ১৩ জুলাইলৈকে ধাৰাসাৰ বৰষুণৰ ভৱিষ্যতবাণী কৰিছে। উত্তৰাখণ্ডতো কমলা সতৰ্কবাণী জাৰি কৰা হৈছে। যোৱা দুই-তিনি দিনত উত্তৰ প্ৰদেশতো ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাতৰ ফলত ৩৪  জন লোকৰ মৃত্যু হৈছে। হাৰিয়ানাত বৰষুণৰ ফলত হোৱা ভূমিস্খলনত পাঁচজন লোকৰ মৃত্যু হৈছে। পিঞ্জোৰত তিনিজন আৰু কৰ্ণালত দুজন লোকৰ মৃত্যু হৈছে। আম্বালাৰ ওচৰৰ চমন বাটিকা কন্যা গুৰুকালত প্ৰায় ৭৩০ জন শিক্ষাৰ্থী আৱদ্ধ হৈ আছে। ভাৰতীয় সেনাই তেওঁলোকক  উদ্ধাৰ কৰিবলৈ চেষ্টা চলাই আছে। দিল্লীও বৰষুণৰ দ্বাৰা প্ৰভাৱিত হৈছে। দিল্লীৰ মেয়ৰ শ্বেলী অবেৰয়ে মঙলবাৰে ৰাজধানীৰ সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিছে।

হিমাচললৈ  ফুৰিবলৈ গৈ সন্ধানহীন হৈ পৰিছে অসমৰ দম্পতী।৭৩ ঘণ্টা ধৰি সন্ধানহীন হৈ আছে  সোণাৰিৰ পাৰ্বতীপুৰৰ দেৱাশীষ ৰাজখোৱা আৰু শিখা ফুকন।ইফালে পৰিয়াল টোৰ লগত যোৱা পাৰ্বতীপুৰৰ শান্তনু গগৈয়ো সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে।দম্পতীহালক  উদ্ধাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক  আহ্বান জনাইছে পৰিয়ালৰ লোকে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস