--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ আটাইতকৈ কঠিন পৰীক্ষাসমূহৰ ভিতৰত অন্যতম হ’ল সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষা অৰ্থাৎ ইউপিএছচি৷ এই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ চেষ্টা কৰাসকলকো মেধাৱী ব্যক্তি বুলি বিশ্বাস কৰা হয়। 

এই পৰীক্ষাৰ সফলতা বিচাৰি ফুৰা এজন যুৱকৰ বিষয়ে জানো আহক৷নাগপুৰৰ এইজন ল’ৰাই সদায় বৃহৎ লক্ষ্যত উপনীত হ’ব বিচাৰিছিল।ল’ৰাজনৰ নাম- অৰ্চিত চন্দক, ঘৰ নাগপুৰৰ শংকৰ নগৰত।বি পি বিদ্যা মন্দিৰত স্কুলীয়া শিক্ষা সমাপ্ত কৰি অৰ্চিত চন্দক ভাৰতীয় অভিযান্ত্ৰিক শিক্ষাৰ মন্দিৰস্বৰূপ আই আই টিলৈ যায়, যিখন শিক্ষানুষ্ঠান সকলো বিটেক আকাংক্ষীৰ বাবে এক সপোন।

উল্লেখ্য যে, অৰ্চিত চন্দকে আই আই টি দিল্লীৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত বিটেক ডিগ্ৰী সম্পূৰ্ণ কৰে। ২০১২ চনত জে ই ই পৰীক্ষাত চিটি টপাৰ হৈছিল।কলেজীয়া দিনতেই চন্দকে বুজি পাইছিল যে তেওঁ চৰকাৰী কৰ্মচাৰী হিচাপে দেশৰ সেৱা কৰিব বিচাৰে। আনকি ইন্টাৰশ্বিপৰ সময়ত তেওঁক জাপানৰ কোম্পানী এটাই ৩৫ লাখ টকাৰ পে পেকেজ আগবঢ়াইছিল বুলি চন্দকে জানিবলৈ দিয়ে৷

এই চাকৰি নাকচ কৰি তেওঁ অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ যোৱাৰ লক্ষ্যৰে ইউ পি এছ চিৰ বাবে প্ৰস্তুতি চলাইছিল। ২০১৬ চনত তেওঁৰ স্নাতক ডিগ্ৰী সম্পূৰ্ণ হোৱাৰ পাছত অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ সিদ্ধান্ত লয়। ২০১৮ চনত ইউ পি এছ চি পৰীক্ষাত অৱতীৰ্ণ হৈ অল ইণ্ডিয়া ৰেংক (এ আই আৰ) ১৮৪ লাভ কৰে।চন্দকে প্ৰথমে ভূচাৱলৰ বজাৰপেট থানাত ষ্টেচন হাউছ অফিচাৰ হিচাপে নিযুক্তি লাভ কৰে।  বৰ্তমান তেওঁক নাগপুৰত উপ-আয়ুক্ত (ডিচিপি) হিচাপে নিযুক্তি দিয়া হৈছে।

তদুপৰি চন্দকে দবা খেলিও ভাল পায় আৰু তেওঁৰ ফিড ৰেটিং হৈছে ১৮২০। আনকি অৰ্চিতে ৪২ কিলোমিটাৰ দৈৰ্ঘ্যৰ মুম্বাই মাৰাথনো সম্পূৰ্ণ কৰিছে। চন্দক ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মত নিজৰ জীৱনৰ ঘটনাৱলী প্ৰায়ে শ্বেয়াৰ কৰি থাকে।বৰ্তমান ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত তেওঁৰ মুঠ ৯২.২ হাজাৰ ফল’ৱাৰ আছে।

 স্মৰ্তৱ্য যে,নাগপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ইউ পি এছ চিৰ বেচমেট আই এ এছ সৌম্যা শৰ্মাৰ সৈতে বিবাহপাশত চন্দক আবদ্ধ হয়।

 





FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ