--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ আটাইতকৈ কঠিন পৰীক্ষাসমূহৰ ভিতৰত অন্যতম হ’ল সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষা অৰ্থাৎ ইউপিএছচি৷ এই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ চেষ্টা কৰাসকলকো মেধাৱী ব্যক্তি বুলি বিশ্বাস কৰা হয়। 

এই পৰীক্ষাৰ সফলতা বিচাৰি ফুৰা এজন যুৱকৰ বিষয়ে জানো আহক৷নাগপুৰৰ এইজন ল’ৰাই সদায় বৃহৎ লক্ষ্যত উপনীত হ’ব বিচাৰিছিল।ল’ৰাজনৰ নাম- অৰ্চিত চন্দক, ঘৰ নাগপুৰৰ শংকৰ নগৰত।বি পি বিদ্যা মন্দিৰত স্কুলীয়া শিক্ষা সমাপ্ত কৰি অৰ্চিত চন্দক ভাৰতীয় অভিযান্ত্ৰিক শিক্ষাৰ মন্দিৰস্বৰূপ আই আই টিলৈ যায়, যিখন শিক্ষানুষ্ঠান সকলো বিটেক আকাংক্ষীৰ বাবে এক সপোন।

উল্লেখ্য যে, অৰ্চিত চন্দকে আই আই টি দিল্লীৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত বিটেক ডিগ্ৰী সম্পূৰ্ণ কৰে। ২০১২ চনত জে ই ই পৰীক্ষাত চিটি টপাৰ হৈছিল।কলেজীয়া দিনতেই চন্দকে বুজি পাইছিল যে তেওঁ চৰকাৰী কৰ্মচাৰী হিচাপে দেশৰ সেৱা কৰিব বিচাৰে। আনকি ইন্টাৰশ্বিপৰ সময়ত তেওঁক জাপানৰ কোম্পানী এটাই ৩৫ লাখ টকাৰ পে পেকেজ আগবঢ়াইছিল বুলি চন্দকে জানিবলৈ দিয়ে৷

এই চাকৰি নাকচ কৰি তেওঁ অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ যোৱাৰ লক্ষ্যৰে ইউ পি এছ চিৰ বাবে প্ৰস্তুতি চলাইছিল। ২০১৬ চনত তেওঁৰ স্নাতক ডিগ্ৰী সম্পূৰ্ণ হোৱাৰ পাছত অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ সিদ্ধান্ত লয়। ২০১৮ চনত ইউ পি এছ চি পৰীক্ষাত অৱতীৰ্ণ হৈ অল ইণ্ডিয়া ৰেংক (এ আই আৰ) ১৮৪ লাভ কৰে।চন্দকে প্ৰথমে ভূচাৱলৰ বজাৰপেট থানাত ষ্টেচন হাউছ অফিচাৰ হিচাপে নিযুক্তি লাভ কৰে।  বৰ্তমান তেওঁক নাগপুৰত উপ-আয়ুক্ত (ডিচিপি) হিচাপে নিযুক্তি দিয়া হৈছে।

তদুপৰি চন্দকে দবা খেলিও ভাল পায় আৰু তেওঁৰ ফিড ৰেটিং হৈছে ১৮২০। আনকি অৰ্চিতে ৪২ কিলোমিটাৰ দৈৰ্ঘ্যৰ মুম্বাই মাৰাথনো সম্পূৰ্ণ কৰিছে। চন্দক ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মত নিজৰ জীৱনৰ ঘটনাৱলী প্ৰায়ে শ্বেয়াৰ কৰি থাকে।বৰ্তমান ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত তেওঁৰ মুঠ ৯২.২ হাজাৰ ফল’ৱাৰ আছে।

 স্মৰ্তৱ্য যে,নাগপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ইউ পি এছ চিৰ বেচমেট আই এ এছ সৌম্যা শৰ্মাৰ সৈতে বিবাহপাশত চন্দক আবদ্ধ হয়।

 





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস