--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ এতিয়াও চলি আছে। এই যুদ্ধত ইউক্ৰেইন বহু সংখ্যক লোকচানৰ সন্মুখীন হৈছে। এই যুদ্ধত প্ৰায় ৯ হাজাৰ ইউক্ৰেইনৰ সৈন্যৰ মৃত্যু হৈছে। ৰাষ্ট্ৰসংঘৰ বাতৰি অনুসৰি ইউক্ৰেইনৰ পাঁচ হাজাৰতকৈ অধিক সাধাৰণ নাগৰিক নিহত হৈছে।

ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছৰে পৰা প্ৰায় ৯ হাজাৰ ইউক্ৰেইনৰ সৈন্য যুদ্ধত নিহত হৈছে। এই তথ্য দি ইউক্ৰেইনৰ সেনাবাহিনীৰ মুৰব্বী জেনেৰেল ভেলেৰী জালুজনীয়ে কয় যে এতিয়াও যুদ্ধ শেষ হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই। জেনেৰেল ভেলেৰী জালুজনীয়ে এটা অনুষ্ঠানত কয় যে ইউক্ৰেইনৰ বহু শিশুক চোৱা-চিতা কৰাৰ প্ৰয়োজন আছে কাৰণ “তেওঁলোকৰ পিতৃসকল সন্মুখৰ লাইনত আছে আৰু তেওঁলোকৰ ভিতৰত প্ৰায় ৯ হাজাৰ নায়কে প্ৰাণ হেৰুৱাইছে”।

একে সময়তে এজন বিষয়াই জনোৱা মতে, সোমবাৰে নিকোপ'লত ৰাছিয়াৰ গুলীচালনাত চাৰিজন লোক আহত হৈছে। ১২ জুলাইৰ পৰা ৰাছিয়াৰ আক্ৰমণ তীব্ৰতৰ হোৱাৰ পিছত ৮৫০টা অট্টালিকা ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ইয়াৰ প্ৰায় আধা জনসংখ্যাই চহৰখনৰ পৰা পলায়ন কৰিছে। নিকোপলত থকা নিজৰ ধ্বংসপ্ৰাপ্ত চাৰিমহলীয়া ঘৰৰ বাহিৰত থিয় হৈ থকা ৭৪ বছৰীয়া লিউডমাইলা শিশকিনাই কয় যে মই ৰাছিয়াক ঘৃণা কৰো।শিস্কিনাৰ ঘৰৰ এখনো দেৱাল বাকী নাই। ১০ আগষ্টত সংঘটিত হোৱা বিস্ফোৰণত তেওঁ আহত হোৱাৰ লগতে স্বামী এণ্টোলিৰ মৃত্যু হয়।

শিস্কিনাৰ পুত্ৰ পাভলোৱে কয় যে, “আনকি দ্বিতীয় বিশ্বযুদ্ধই মোৰ দেউতাক মোৰ পৰা কাঢ়ি নিব নোৱাৰিলে, কিন্তু ৰাছিয়াৰ যুদ্ধই তেওঁক লৈ গ’ল।”ইউক্ৰেইনৰ ৫৫৮৭ জন সাধাৰণ নাগৰিক নিহত হোৱাৰ বিপৰীতে আৰু ৭৮৯০ জন লোক আহত হৈছে। কিন্তু এই আনুমানিক পৰিসংখ্যা প্ৰকৃত সংখ্যাতকৈ বহু কম হ’ব বুলি আশা কৰা হৈছে।

৯৭২ জন ইউক্ৰেইনৰ শিশু নিহত

ৰাষ্ট্ৰসংঘৰ শিশু পুঁজিয়ে সোমবাৰে প্ৰকাশ কৰা অনুসৰি ৰাছিয়াৰ দমন আৰম্ভ হোৱাৰ পিছত কমেও ৯৭২ জন ইউক্ৰেইনৰ শিশু নিহত বা আহত হৈছে। ইউনিচেফৰ কাৰ্যবাহী সঞ্চালিকা কেথেৰিন ৰাছেলে কয় যে এইবোৰ ৰাষ্ট্ৰসংঘই পৰীক্ষণ কৰা পৰিসংখ্যা কিন্তু “আমি বিশ্বাস কৰোঁ যে প্ৰকৃত সংখ্যা বহু বেছি”।









FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু