--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ এতিয়াও চলি আছে। এই যুদ্ধত ইউক্ৰেইন বহু সংখ্যক লোকচানৰ সন্মুখীন হৈছে। এই যুদ্ধত প্ৰায় ৯ হাজাৰ ইউক্ৰেইনৰ সৈন্যৰ মৃত্যু হৈছে। ৰাষ্ট্ৰসংঘৰ বাতৰি অনুসৰি ইউক্ৰেইনৰ পাঁচ হাজাৰতকৈ অধিক সাধাৰণ নাগৰিক নিহত হৈছে।

ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছৰে পৰা প্ৰায় ৯ হাজাৰ ইউক্ৰেইনৰ সৈন্য যুদ্ধত নিহত হৈছে। এই তথ্য দি ইউক্ৰেইনৰ সেনাবাহিনীৰ মুৰব্বী জেনেৰেল ভেলেৰী জালুজনীয়ে কয় যে এতিয়াও যুদ্ধ শেষ হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই। জেনেৰেল ভেলেৰী জালুজনীয়ে এটা অনুষ্ঠানত কয় যে ইউক্ৰেইনৰ বহু শিশুক চোৱা-চিতা কৰাৰ প্ৰয়োজন আছে কাৰণ “তেওঁলোকৰ পিতৃসকল সন্মুখৰ লাইনত আছে আৰু তেওঁলোকৰ ভিতৰত প্ৰায় ৯ হাজাৰ নায়কে প্ৰাণ হেৰুৱাইছে”।

একে সময়তে এজন বিষয়াই জনোৱা মতে, সোমবাৰে নিকোপ'লত ৰাছিয়াৰ গুলীচালনাত চাৰিজন লোক আহত হৈছে। ১২ জুলাইৰ পৰা ৰাছিয়াৰ আক্ৰমণ তীব্ৰতৰ হোৱাৰ পিছত ৮৫০টা অট্টালিকা ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ইয়াৰ প্ৰায় আধা জনসংখ্যাই চহৰখনৰ পৰা পলায়ন কৰিছে। নিকোপলত থকা নিজৰ ধ্বংসপ্ৰাপ্ত চাৰিমহলীয়া ঘৰৰ বাহিৰত থিয় হৈ থকা ৭৪ বছৰীয়া লিউডমাইলা শিশকিনাই কয় যে মই ৰাছিয়াক ঘৃণা কৰো।শিস্কিনাৰ ঘৰৰ এখনো দেৱাল বাকী নাই। ১০ আগষ্টত সংঘটিত হোৱা বিস্ফোৰণত তেওঁ আহত হোৱাৰ লগতে স্বামী এণ্টোলিৰ মৃত্যু হয়।

শিস্কিনাৰ পুত্ৰ পাভলোৱে কয় যে, “আনকি দ্বিতীয় বিশ্বযুদ্ধই মোৰ দেউতাক মোৰ পৰা কাঢ়ি নিব নোৱাৰিলে, কিন্তু ৰাছিয়াৰ যুদ্ধই তেওঁক লৈ গ’ল।”ইউক্ৰেইনৰ ৫৫৮৭ জন সাধাৰণ নাগৰিক নিহত হোৱাৰ বিপৰীতে আৰু ৭৮৯০ জন লোক আহত হৈছে। কিন্তু এই আনুমানিক পৰিসংখ্যা প্ৰকৃত সংখ্যাতকৈ বহু কম হ’ব বুলি আশা কৰা হৈছে।

৯৭২ জন ইউক্ৰেইনৰ শিশু নিহত

ৰাষ্ট্ৰসংঘৰ শিশু পুঁজিয়ে সোমবাৰে প্ৰকাশ কৰা অনুসৰি ৰাছিয়াৰ দমন আৰম্ভ হোৱাৰ পিছত কমেও ৯৭২ জন ইউক্ৰেইনৰ শিশু নিহত বা আহত হৈছে। ইউনিচেফৰ কাৰ্যবাহী সঞ্চালিকা কেথেৰিন ৰাছেলে কয় যে এইবোৰ ৰাষ্ট্ৰসংঘই পৰীক্ষণ কৰা পৰিসংখ্যা কিন্তু “আমি বিশ্বাস কৰোঁ যে প্ৰকৃত সংখ্যা বহু বেছি”।








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰাগ নিউজৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
পৰ্ণ জগতত ভৰি দিয়া নাই অর্চিতা ফুকনে
অসমীয়া সাহিত্যৰ বিশ্বমুখী যাত্রা, 'বুঢ়ী আইৰ সাধু'ৰ ওড়িয়া সংস্কৰণ উন্মোচন
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে