--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’লৰ তথ্য অনুসৰি ধঁপাতৰ ধোঁৱাত ৭ হাজাৰৰো অধিক বিষাক্ত ৰাসায়নিক পদাৰ্থ থাকে। ১৯৬৪ চনৰ পৰা প্ৰায় ২৫ লাখ ধূম্ৰপান নকৰা লোকে ধোঁৱাৰ সংস্পৰ্শলৈ আহি মৃত্যুমুখত পৰিছে।
ধূমপান নকৰিলেও ছেকেণ্ড হেণ্ড ধূমপানৰ ফলত কৰ্কট ৰোগৰ বলি হ’ব পাৰে। ব্ৰিটিছ মেডিকেল জাৰ্নেল দ্য লেন্সেটত প্ৰকাশিত এক অধ্যয়নত দাবী কৰা হৈছে যে ছেকেণ্ড হেণ্ড ধূমপান হৈছে কৰ্কট ৰোগৰ দশম বৃহৎ কাৰণ।

আচলতে ধূমপান কৰা লোকৰ কৰ্কট ৰোগৰ সম্ভাৱনা এনে লোকৰ ওচৰত থকা লোকৰ সমানেই বেছি। পৰিসংখ্যাই দেখুৱাইছে যে বিশ্বজুৰি ছেকেণ্ড হেণ্ড ধূমপান বা নিষ্ক্ৰিয় ধূমপানৰ বলি হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে। অৰ্থাৎ ধূমপান নকৰা লোকসকলো ধোঁৱাৰ ফলত অসুস্থ হৈ পৰিছে। সেইবাবেই গৱেষকসকলে ধূম্ৰপায়ীসকলৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে।

গ্ল’বেল বাৰ্ডেন অৱ ডিজিজ, ইনজুৰি এণ্ড ৰিস্ক ফেক্টৰছ (GBD) ২০১৯ৰ গৱেষণাৰ ফলাফল ব্যৱহাৰ কৰি গৱেষকসকলে ২০১৯ চনত ২৩ প্ৰকাৰৰ কৰ্কট ৰোগৰ পৰা ৩৪টা আচৰণ, বিপাকীয়, পৰিৱেশ আৰু বৃত্তিগত বিপদজনক কাৰকে কেনেদৰে মৃত্যু আৰু অসুস্থতাত অৰিহণা যোগাইছিল সেই বিষয়ে অনুসন্ধান কৰিছিল।এই কাৰকসমূহৰ বাবে ২০১৯ চনত ৩৭ লাখ লোকৰ মৃত্যু হৈছিল। 

লেন্সেটৰ মতে, এই অধ্যয়নত দেখা গৈছে যে ধূমপান, মদ্যপান আৰু হাই বডি মাছ ইনডেক্স (BMI) কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আটাইতকৈ ডাঙৰ কাৰক। ইয়াৰ বাহিৰেও অসুৰক্ষিত যৌন সম্পৰ্ক, বায়ু প্ৰদূষণৰ কণা, এছবেষ্টছৰ সংস্পৰ্শ, খাদ্যত থকা গোটা শস্য, গাখীৰৰ অভাৱ আৰু চেকেণ্ড হেণ্ড ধূমপান আদিও কৰ্কট ৰোগৰ সৃষ্টি কৰে।

এতিয়ালৈকে ২৫ লাখ লোকৰ মৃত্যু হৈছে

আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰলৰ তথ্য অনুসৰি ধঁপাতৰ ধোঁৱাত ৭ হাজাৰৰো অধিক বিষাক্ত ৰাসায়নিক পদাৰ্থ থাকে। ১৯৬৪ চনৰ পৰা প্ৰায় ২৫ লাখ ধূমপান নকৰা লোকে ছেকেণ্ডহেণ্ড ধোঁৱাৰ সংস্পৰ্শলৈ আহি মৃত্যুমুখত পৰিছে।

ছেকেণ্ড হেণ্ড ধূমপান কি

চেকেণ্ড হেণ্ড ধূমপান হ’ল চিগাৰেট, চিগাৰ বা হুকাৰ পৰা ওলোৱা ধোঁৱা। যদি কোনো ধূমপান কৰা ব্যক্তিৰ কাষত বহি থকা আন এজন ব্যক্তি সেই ধোঁৱাৰ সংস্পৰ্শলৈ আহে, তেন্তে তেওঁ ছেকেণ্ড হেণ্ড ধূমপানৰ বলি হৈ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ