--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিখন দেশতে বিভিন্ন নীতি-নিয়ম আছে।  সেয়া লাগিলে চাকৰি, কৰ্ম সংস্কৃতিৰ কথাই হওক বা আন কোনো বিষয়ৰ কথাই হওক।  চাকৰিৰ ক্ষেত্ৰত প্ৰায় প্ৰতিজন কৰ্মচাৰীয়ে কামক লৈ অভিযোগ কৰে যে তেওঁৰ ওপৰত যথেষ্ট হেঁচা পৰিছে।  কিছুমান দেশত চাকৰি কৰাটো গুৰুতৰ শাস্তিৰ সমান।  বৰ্তমান চীনৰ এটা কোম্পানীয়ে কৰ্মচাৰী সকলক দিয়া অদ্ভুত শাস্তিয়ে সংবাদ শিৰোনাম দখল কৰিছে।

 চীনৰ এটা কোম্পানীয়ে টাৰ্গেট পূৰণ নকৰিলে নিজৰ কৰ্মচাৰীসকলক এনে শাস্তি দিয়ে যিটো শুনিবলৈ বহুত অদ্ভুত যেন লাগিব।  তাত কাম সম্পূৰ্ণ নহ’লে কৰ্মচাৰীয়ে কেঁচা কণী খাব লগা হয়।  যদি তেওঁ নাকচ কৰে তেন্তে তেওঁ চাকৰিও হেৰুৱাব পাৰে।  এই বিতৰ্কিত শাস্তিয়ে কৰ্মচাৰীসকলক নিজৰ লক্ষ্য পূৰণ কৰিবলৈ বাধ্য কৰি তোলে।

 এই শাস্তি চীনা কোম্পানী ঝেংঝৌত দিয়া হৈছে।  আচলতে এই বিষয়টো তেতিয়াই চৰ্চালৈ আহিছিল যেতিয়া এজন ইন্টাৰ্ণে প্ৰযুক্তি কোম্পানীটোৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰিছিল।  তেওঁ কয় যে কোম্পানীটোৰ ভিতৰত কৰ্মচাৰীৰ বাবে অদ্ভুত নিয়ম আছে।  যদি কোনোবাই নিজৰ লক্ষ্য সময়মতে পূৰণ কৰিব নোৱাৰে আৰু কোম্পানীটোৰ আশা পূৰণ নকৰে, তেন্তে তেওঁ শাস্তি হিচাপে কেঁচা কণী খাব লগা হয়।

ইণ্টাৰ্ণশ্বিপৰ সময়ত যেতিয়া তেওঁ তেনে কৰিবলৈ অস্বীকাৰ কৰিছিল, তেতিয়া মেনেজমেণ্টে তেওঁক ইণ্টাৰ্ণশ্বিপ শেষ কৰিবলৈ বাধ্য কৰাইছিল।  তেওঁ লগতে কয় যে একাংশ কৰ্মচাৰীয়ে কেঁচা কণী খাওঁতে বমি কৰে, কিন্তু মেনেজমেণ্টে কোনো গুৰুত্ব নিদিয়ে।  আনকি এই বিষয়ে প্ৰশ্ন উত্থাপন কৰিলে এইচ আৰে এটা প্ৰত্যক্ষ প্ৰশ্ন কৰে যে – "কোনখন আইনত কেঁচা কণী খোৱা নিষিদ্ধ?"

 ছ’চিয়েল মিডিয়াত এই খবৰ ভাইৰেল হোৱাৰ পিছৰে পৰা মানুহে কোম্পানীটোৰ নিয়ম-নীতিৰ ওপৰত বহুত ক্ষোভ উজাৰিছে আৰু নিজৰ অভিজ্ঞতাও শ্বেয়াৰ কৰিছে।  বহুতে কয় যে এয়া অমানৱীয় আচৰণ আৰু কেঁচা কণী খালে শৰীৰৰ বহু ক্ষতি হয়।
FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰাগ নিউজৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
পৰ্ণ জগতত ভৰি দিয়া নাই অর্চিতা ফুকনে
অসমীয়া সাহিত্যৰ বিশ্বমুখী যাত্রা, 'বুঢ়ী আইৰ সাধু'ৰ ওড়িয়া সংস্কৰণ উন্মোচন
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে