--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাখে হৰি মাৰে কোনে...মাৰে হৰি ৰাখে কোনে। সময়ে সময়ে এই কথা সত্য প্ৰমাণিত হৈ আহিছে। শেহতীয়াকৈ পুনৰ পোৱা গ'ল তাৰ প্ৰমাণ। আমাজনৰ গভীৰ অৰণ্যত এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ সন্ধানহীন হৈ পৰিছিল চাৰিটা শিশু। প্ৰায় ৪০টা দীঘলীয়া দিনৰ অন্তত জীৱন্তে উদ্ধাৰ কৰা হৈছে শিশুকেইটিক। এই বিমান দুৰ্ঘটনাটোত তিনিজন প্ৰাপ্তবয়স্ক যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল। বাচি থকা চাৰিটা শিশুৰ ভিতৰত এটাৰ বয়স মাত্ৰ এবছৰ।

আমাজনত পদে পদে মৃত্যুৰ ভয় থাকে। কিন্তু এই আমাজনতেই ৪ টাকৈ শিশুৱে ৪০ দিনকৈ অতিবাহিত কৰি এতিয়া চাঞ্চল্য সৃষ্টি কৰিছে।

যোৱা ১ মে'ৰ ঘটনা আছিল সেয়া। কলম্বিয়াৰ পৰা উৰা মৰা এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ আমাজানৰ বুকুত পৰিছিলগৈ। এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল বিমানখনৰ পাইলটসহ আন যাত্ৰীসকলে।

উদ্ধাৰকাৰীয়ে এইসকলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল যদিও ৪ টাকৈ শিশু নিৰুদ্দিষ্ট হৈ থাকিল। নিৰুদ্দিষ্ট এই শিশু ৪ টাৰ সন্ধানত উদ্ধাৰকাৰীয়ে আমাজনৰ বুকুত তেতিয়াৰে পৰা সন্ধান চলাই আছিল।

চাৰিওটা শিশুক জীৱন্তে যে উদ্ধাৰ কৰিব পাৰিব সেয়া উদ্ধাৰকাৰীসকলে কল্পনাও কৰা নাছিল। তেওঁলোকৰ মৃতদেহো কোনো পশুৱে ভক্ষণ কৰাৰ আশংকা কৰিছিল উদ্ধাৰকাৰীসকলে। তথাপিও অৱশিষ্ট কিবা এটা উদ্ধাৰ কৰিব পৰাটোৱেই আছিল উদ্ধাৰকাৰীসকলৰ মূল লক্ষ্য।

আৰু এই প্ৰচেষ্টাৰ ৪০ দিনৰ দিনা উদ্ধাৰকাৰীয়ে একেলগে জীৱন্তে উদ্ধাৰ কৰিলে নিৰুদ্দিষ্ট সেই চাৰিওটা শিশুক। এবছৰীয়া শিশুটোও জীয়াই থকাত তেওঁলোকে বিশেষকৈ স্তম্ভিত হৈ পৰিল। এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ বিশ্ব আশ্চৰ্যচকিত হৈ উঠিছে।

অটব্য অৰণ্য আমাজনত জীৱন যুদ্ধত জয়ী হৈ সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিছে চাৰিওটা শিশুৱে। কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ’ই কয় যে ''আমাজানৰ ঘন জংঘলত শিশুকেইটিক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। গোটেই দেশৰ বাবে এক আনন্দৰ মুহূৰ্ত! আমাজানৰ জংঘলত হেৰাই যোৱা চাৰিটা শিশুক ৪০ দিনৰ মূৰত জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। আমাজানৰ দৰে ঘন জংঘলত তেওঁলোকৰ এই জীৱন যুদ্ধ আৰু এই যুদ্ধত জয়ী হোৱাটো এক দৃষ্টান্ত হৈ ৰ'ব। ইতিহাসে তেওঁলোকক মনত ৰাখিব।’’ 

তেওঁলোকৰ মাতৃ মাগদালেনা, পাইলট আৰু আন এজন ব্যক্তি ১ মে'ত দুৰ্ঘটনাটোত নিহত হৈছিল। ১৬ মে'ত কলম্বিয়াৰ ঘন জংঘলত বিমানখনৰ ধ্বংসাৱশেষ পোৱা গৈছিল। সেই সময়ত পাইলট আৰু শিশু কেইটাৰ মাতৃৰ মৃতদেহ উদ্ধাৰ সম্ভৱ হৈছিল যদিও শিশু চাৰিটাক উদ্ধাৰ কৰিব পৰা নাছিল। আমাজানত জীৱন যুদ্ধৰে জয়ী হোৱা এই চাৰিটা শিশু ক্ৰমে ১৩ বছৰীয়া লেছলি, ৯ বছৰীয়া ছোলেনি, ৪ বছৰীয়া ৰানোক আৰু ১ বছৰীয়া ক্ৰিষ্টিন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ