--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাখে হৰি মাৰে কোনে...মাৰে হৰি ৰাখে কোনে। সময়ে সময়ে এই কথা সত্য প্ৰমাণিত হৈ আহিছে। শেহতীয়াকৈ পুনৰ পোৱা গ'ল তাৰ প্ৰমাণ। আমাজনৰ গভীৰ অৰণ্যত এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ সন্ধানহীন হৈ পৰিছিল চাৰিটা শিশু। প্ৰায় ৪০টা দীঘলীয়া দিনৰ অন্তত জীৱন্তে উদ্ধাৰ কৰা হৈছে শিশুকেইটিক। এই বিমান দুৰ্ঘটনাটোত তিনিজন প্ৰাপ্তবয়স্ক যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল। বাচি থকা চাৰিটা শিশুৰ ভিতৰত এটাৰ বয়স মাত্ৰ এবছৰ।

আমাজনত পদে পদে মৃত্যুৰ ভয় থাকে। কিন্তু এই আমাজনতেই ৪ টাকৈ শিশুৱে ৪০ দিনকৈ অতিবাহিত কৰি এতিয়া চাঞ্চল্য সৃষ্টি কৰিছে।

যোৱা ১ মে'ৰ ঘটনা আছিল সেয়া। কলম্বিয়াৰ পৰা উৰা মৰা এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ আমাজানৰ বুকুত পৰিছিলগৈ। এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল বিমানখনৰ পাইলটসহ আন যাত্ৰীসকলে।

উদ্ধাৰকাৰীয়ে এইসকলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল যদিও ৪ টাকৈ শিশু নিৰুদ্দিষ্ট হৈ থাকিল। নিৰুদ্দিষ্ট এই শিশু ৪ টাৰ সন্ধানত উদ্ধাৰকাৰীয়ে আমাজনৰ বুকুত তেতিয়াৰে পৰা সন্ধান চলাই আছিল।

চাৰিওটা শিশুক জীৱন্তে যে উদ্ধাৰ কৰিব পাৰিব সেয়া উদ্ধাৰকাৰীসকলে কল্পনাও কৰা নাছিল। তেওঁলোকৰ মৃতদেহো কোনো পশুৱে ভক্ষণ কৰাৰ আশংকা কৰিছিল উদ্ধাৰকাৰীসকলে। তথাপিও অৱশিষ্ট কিবা এটা উদ্ধাৰ কৰিব পৰাটোৱেই আছিল উদ্ধাৰকাৰীসকলৰ মূল লক্ষ্য।

আৰু এই প্ৰচেষ্টাৰ ৪০ দিনৰ দিনা উদ্ধাৰকাৰীয়ে একেলগে জীৱন্তে উদ্ধাৰ কৰিলে নিৰুদ্দিষ্ট সেই চাৰিওটা শিশুক। এবছৰীয়া শিশুটোও জীয়াই থকাত তেওঁলোকে বিশেষকৈ স্তম্ভিত হৈ পৰিল। এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ বিশ্ব আশ্চৰ্যচকিত হৈ উঠিছে।

অটব্য অৰণ্য আমাজনত জীৱন যুদ্ধত জয়ী হৈ সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিছে চাৰিওটা শিশুৱে। কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ’ই কয় যে ''আমাজানৰ ঘন জংঘলত শিশুকেইটিক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। গোটেই দেশৰ বাবে এক আনন্দৰ মুহূৰ্ত! আমাজানৰ জংঘলত হেৰাই যোৱা চাৰিটা শিশুক ৪০ দিনৰ মূৰত জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। আমাজানৰ দৰে ঘন জংঘলত তেওঁলোকৰ এই জীৱন যুদ্ধ আৰু এই যুদ্ধত জয়ী হোৱাটো এক দৃষ্টান্ত হৈ ৰ'ব। ইতিহাসে তেওঁলোকক মনত ৰাখিব।’’ 

তেওঁলোকৰ মাতৃ মাগদালেনা, পাইলট আৰু আন এজন ব্যক্তি ১ মে'ত দুৰ্ঘটনাটোত নিহত হৈছিল। ১৬ মে'ত কলম্বিয়াৰ ঘন জংঘলত বিমানখনৰ ধ্বংসাৱশেষ পোৱা গৈছিল। সেই সময়ত পাইলট আৰু শিশু কেইটাৰ মাতৃৰ মৃতদেহ উদ্ধাৰ সম্ভৱ হৈছিল যদিও শিশু চাৰিটাক উদ্ধাৰ কৰিব পৰা নাছিল। আমাজানত জীৱন যুদ্ধৰে জয়ী হোৱা এই চাৰিটা শিশু ক্ৰমে ১৩ বছৰীয়া লেছলি, ৯ বছৰীয়া ছোলেনি, ৪ বছৰীয়া ৰানোক আৰু ১ বছৰীয়া ক্ৰিষ্টিন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস