--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাছিয়াৰ বন্দৰ চহৰ ভ্লাদিভষ্টকত অনুষ্ঠিত পূব অৰ্থনৈতিক সন্মিলনত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি পুৱাই গুৰু দায়িত্ব লৈ ৰাছিয়ালৈ ৰাওনা হয়। 

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাছিয়াৰ গুৰুত্বপূৰ্ণ মন্ত্ৰীদ্বয় এলেক্সি চেকুনকভ আৰু ভিটালী ছেভলিয়েভক সাক্ষাৎ কৰি বিভিন্ন ক্ষেত্ৰত শক্তিশালী পাৰস্পৰিক সম্পৰ্ক বজাই ৰখা আৰু কৌশলগত, বাণিজ্যিক তথা ল'জিষ্টিক সহযোগিতা বৃদ্ধি কৰাৰ উদ্দেশ্যৰে আলোচনা কৰিব।

এই প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, এয়া মোৰ বাবে সঁচাকৈয়ে অতি সন্মানজনক আৰু দায়িত্ববোধৰ বিষয় যে মোক সন্মানীয় পূব অৰ্থনৈতিক মঞ্চত আমাৰ মহান দেশখনক সমুখৰ পৰা প্ৰতিনিধিত্ব কৰাৰ সুযোগ প্ৰদান কৰা হৈছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত ভাৰত আৰু ৰাছিয়াৰ মাজৰ ঐতিহাসিক সম্পৰ্ক এক নতুন শিখৰত উপনীত হৈছে। 

আমি আমাৰ পাৰস্পৰিক বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰাত বিশেষ গুৰুত্ব আৰোপ কৰিছোঁ। ভাৰত-ৰাছিয়াৰ সম্পৰ্কত এই নতুন গতিশীলতাৰ প্ৰতি লক্ষ্য ৰাখি আমি ৰাছিয়াৰ ঐতিহাসিক বন্দৰ চহৰ ভ্লাদিভষ্টক আৰু ভাৰতৰ চেন্নাইৰ মাজত এক বৈকল্পিক বাণিজ্যিক পথ বিকশিত কৰাৰ বাবে একেলগে কাম কৰি আছোঁ। মই বিশ্বাস কৰোঁ যে ৰাছিয়া ভ্ৰমণ আৰু দেশখনৰ নেতৃবৰ্গৰ সৈতে হ'বলগীয়া মোৰ বৈঠকসমূহৰ যোগেদি আমি এই গুৰুত্বপূৰ্ণ দিশটোত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ'ম। তদুপৰি ইয়াৰ জৰিয়তে দুয়োখন দেশৰ মাজত কৌশলগত, বাণিজ্যিক আৰু ল'জিষ্টিক সহযোগিতা বৃদ্ধি কৰিবলৈও সক্ষম হ'ম।







কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পূব অৰ্থনৈতিক সন্মিলনত 'ভাৰত-ৰাছিয়া ব্যৱসায়িক আলোচনা' অনুষ্ঠানত ভাষণ প্ৰদান কৰিব য'ত তেওঁ ভাৰত আৰু ৰাছিয়াৰ মাজৰ কৌশলগত অংশীদাৰিত্বৰ ক্ষেত্ৰত স্থিৰতা বৃদ্ধিত ব্যৱসায়-বাণিজ্যৰ সম্প্ৰসাৰণৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ সন্দৰ্ভত আলোকপাত কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পূব সামুদ্ৰিক কৰিড'ৰ সন্দৰ্ভতো অধিৱেশনত ভাষণ প্ৰদান কৰিব, লগতে ৰাছিয়ান ফেডাৰেচনৰ জ্যেষ্ঠ মন্ত্ৰীসকলৰ সৈতে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ সম্ভাৱনা সন্দৰ্ভত বৈঠকত মিলিত হ'ব, যাৰ ভিতৰত আছে উত্তৰ সাগৰীয় পথৰ সম্ভাৱনা অন্বেষণ কৰা আৰু বংগোপসাগৰত ট্ৰেন্স শ্বিপমেণ্ট হাব স্থাপন কৰা।

পূব সামুদ্ৰিক কৰিড'ৰৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰসমূহৰ মাজত কাৰ্গ' ট্ৰেঞ্জিট সময় হ্ৰাস কৰা। নভোৰোছিস্ক বন্দৰৰ মাজেৰে ৩০ দিনৰ তুলনাত ভাৰতীয় বন্দৰৰ পৰা ৰাছিয়াৰ দূৰ প্ৰাচ্যলৈ যাত্ৰাত মাত্ৰ ২৪ দিন লাগে। এই কৰিড'ৰটোৱে ভাৰত আৰু ৰাছিয়া দুয়োৰে বাবে বাণিজ্য আৰু পাৰস্পৰিক সহযোগিতাৰ বাবে নতুন সুযোগ মুকলি কৰাৰ অপৰিসীম সম্ভাৱনা আছে।

এই অষ্টম পূব অৰ্থনৈতিক সন্মিলন ১০-১৩ ছেপ্টেম্বৰ ২০২৩ তাৰিখে ভ্লাদিভষ্টকৰ 'ফাৰ ইষ্টাৰ্ণ ফেডাৰেল বিশ্ববিদ্যালয়' চৌহদত অনুষ্ঠিত হ'ব। এই ফ'ৰাম হৈছে ৰাছিয়া আৰু বিশ্বৰ বিনিয়োগ সম্প্ৰদায়ৰ ভিতৰত সম্পৰ্ক শক্তিশালী কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় মঞ্চ। ৰাছিয়াৰ সুদূৰ প্ৰাচ্যৰ অৰ্থনৈতিক বিকাশত সহায় কৰিবলৈ আৰু এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সম্প্ৰসাৰিত কৰিবলৈ ২০১৫ চনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ নেতৃত্বত পূব অৰ্থনৈতিক মঞ্চ (ইষ্টাৰ্ণ ইক'নমিক ফ'ৰাম) স্থাপন কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ