--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাহুল গান্ধীক ডুপ্লিকেট গান্ধী আখ্যা দি নতুন বিতৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ দেওবাৰে মুখ্যমন্ত্ৰীয়ে পুনৰ সমালোচনাৰ লক্ষ্য কৰি লয় ৰাহুল গান্ধীক৷ 

গান্ধী পৰিয়ালক কটাক্ষ কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছে নিৰ্বাচনৰ সময়তহে ভাৰত জোড়ো যাত্ৰা কৰে আৰু নিৰ্বাচনৰ পাছত তেওঁলোক ইণ্ডিয়া হৈ পৰে বুলি কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ। সম্প্ৰতি কংগ্ৰেছে নিজকে ‘ইণ্ডিয়া’ বুলি কৈ আছে বুলি মন্তব্য কৰি গান্ধী পৰিয়ালক ডুপ্লিকেটৰ চৰ্দাৰ আখ্যা দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 

ৰাহুল গান্ধীক গান্ধী উপাধি বৰ্জন কৰিবলৈ কোৱাৰ পাছতেই চৰ্চালৈ আহিছে আন এটা প্ৰসংগ৷ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে ৰাহুল গান্ধীয়ে গান্ধী উপাধি বাদ দিব লাগিলে, উপাধি বাদ দিব লাগিব নেকি বিজেপি সাংসদ বৰুণ গান্ধীয়েও? প্ৰকাৰন্তৰে বৰুণ গান্ধীকো একেই বাৰ্তাই দিলে নেকি মুখ্যমন্ত্ৰীয়ে? সেইটো লৈও অৱতাৰণা হৈছে নতুন প্ৰশ্নৰ৷ 

মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল, দেশত উপাধিৰ পৰাই আৰম্ভ হৈছিল দুৰ্নীতি।  চন্দ্ৰ, শুক্ৰ গ্ৰহতহে I.N.D.I.A.ৰ চৰকাৰ হ’ব বুলি চৰম কটাক্ষ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই৷

ৰাজীৱ গান্ধীৰ পৰা প্ৰিয়ংকা গান্ধীলৈ কি সূত্ৰত গান্ধী হ’ল বুলি প্ৰশ্ন উত্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, কাৰোবাৰ উপাধি গ্ৰহণ কৰি গান্ধী হৈ গ’ল আৰু এতিয়া আমাৰ দেশক দখল কৰি তেওঁলোকে ইণ্ডিয়া হ’ব বিচাৰিছে। যদি কাইলৈ কোনো ডকাইতে নিজৰ নাম গান্ধী কৰি লয় তেন্তে ডকাইতটো সাধু হৈ যাব নেকি বুলিও প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।







মুখ্যমন্ত্ৰী শৰ্মাই কয়, ৰাহুল গান্ধীজীক মোৰ বিনম্ৰ অনুৰোধ, অনুগ্ৰহ কৰি আপোনাৰ নকল উপাধি এৰি দিয়ক কিয়নো ই আচল নহয়।

হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যক উভতি ধৰিছে কংগ্ৰেছে৷ কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই কয়, এনে কথা এজন মুখ্যমন্ত্ৰীৰ বাবে অশোভনীয়। ৰাহুলজী গান্ধী উপাধিৰ যোগ্য নে নহয় সেই সন্দৰ্ভত তেওঁ কোন বুলি মন্তব্য কৰিব? ই ৰাজ্যখনৰ সমস্যাবোৰৰ সৈতে কোনোধৰণে জড়িত হয়?কাৰোবাৰ উপাধি ৰাজ্যৰ বাবে কেনেকৈ সমস্যা হ’ব পাৰে?
ভট্টাচাৰ্যই কৈছিল যে ৰাজ্যখনৰ সন্মুখীন হোৱা বহুতো সমস্যা আছে আৰু মুখ্যমন্ত্ৰীয়ে সেইবোৰৰ ওপৰত গুৰুত্ব দিয়া উচিত৷ 

কংগ্ৰেছৰ এগৰাকী মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনেটেও এটা ক্লিপ শ্বেয়াৰ কৰি কয়, আপুনি আপোনাৰ পিতৃ কৈলাস নাথ শৰ্মাজীৰ পৰা আপোনাৰ নাম পাইছে, হয়নে? একেদৰে, ৰাজীৱজীৰ তেওঁৰ দেউতাক ফিৰোজ গান্ধীৰ সৈতে সম্পৰ্ক আছিল আৰু তেওঁৰ নাতিৰ সৈতেও একেই ঘটনা ঘটিছিল।

ইফালে, শৰ্মাই 'ইণ্ডিয়া' শব্দটোক বিৰোধী দল ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্টেল ইনক্লুচিভ এলায়েন্সৰ সংক্ষিপ্ত ৰূপ হিচাপে ব্যৱহাৰ কৰাৰ বাবেও কংগ্ৰেছক সমালোচনা কৰি দাবী কৰে যে মহান পুৰণি দলটোৱে ভাৰত আৰু ভাৰতক ইয়াৰ ৰাজনৈতিক সুবিধা অনুসৰি ব্যৱহাৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা