--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰীকছ সন্মিলনত অংশগ্ৰহণৰ বাবে ৰাছিয়াত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।উপস্থিত হোৱাৰ লগে লগে ভাৰতীয় সম্প্ৰদায়ৰ জনসাধাৰণৰ উপৰিও ৰাছিয়াৰ নাগৰিকেও প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায়। এই আদৰণিৰ এখন ফটো বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ছবিখনত ৰাছিয়াৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰা দুগৰাকী ৰাছিয়ান যুৱতীক প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনোৱা দেখা গৈছে । আজি এই প্ৰতিবেদনৰ জৰিয়তে এই পোছাকৰ বিশেষত্ব আৰু ইয়াৰ ইতিহাসৰ বিষয়ে জানো আহক ৷

The Russian Fashion Blog A Brief History of the Sarafan
ৰাছিয়াৰ সংস্কৃতিত পৰম্পৰাগত সাজ-পোছাকৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। ৰাছিয়াৰ মানুহে প্ৰায়ে উৎসৱ, বিয়া বা সন্মানীয় বিদেশী অতিথিক আদৰণি জনোৱাৰ সময়ত পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰে। ফটোখনত দেখা মহিলাসকলে পিন্ধা পৰম্পৰাগত কাপোৰৰ নাম ছাৰফান। এই ধুনীয়া পোছাকৰ ইতিহাস আৰু ইয়াৰ লগত জড়িত কাহিনী আৰু অধিক আকৰ্ষণীয়।


ৰাছিয়াৰ সমাজত ছাৰফান কেতিয়া আহিল সেই বিষয়ে বিভিন্ন ইতিহাসবিদে বিভিন্ন মতামত দিয়ে। কিন্তু বেছিভাগ ইতিহাসবিদৰ মতে এই পোছাক ৰাছিয়াৰ জনসাধাৰণৰ মাজত পঞ্চদশ আৰু ১৭ শতিকাৰ ভিতৰত জনপ্ৰিয় হৈ পৰিছিল। আচলতে ১৬ আৰু ১৭ শতিকাত ৰাছিয়াত সামন্তীয় ব্যৱস্থা আছিল। ইয়াৰ বাবেই ছাৰফান কেৱল ফেশ্বনেবল বস্ত্ৰত পৰিণত হোৱাই নহয়, ই জনসাধাৰণৰ সামাজিক মৰ্যাদাৰ প্ৰতীক হৈ পৰিল। বিশেষকৈ সমাজৰ উচ্চ শ্ৰেণীৰ মহিলাসকলে এই পোছাক পৰিধান কৰিছিল।

Sarafan dresses and Russian national costumes | RusClothing.com

কিন্তু লাহে লাহে ই সাধাৰণ মানুহৰ মাজতো জনপ্ৰিয় হৈ পৰিল আৰু এতিয়া ইয়াক বেছিভাগ ৰাছিয়াৰ চাইবেৰিয়ান অঞ্চলৰ মহিলাসকলে পৰিধান কৰে। ৰাছিয়াৰ লোককথা আৰু গীততো ছাৰফানৰ কথা উল্লেখ আছে। ৰাছিয়াত ইয়াক কেৱল বস্ত্ৰ হিচাপেই গণ্য কৰা নহয়, ইয়াক ৰাছিয়ান সংস্কৃতিৰ আত্মাৰ অংশ বুলিও গণ্য কৰা হয়। এই কাৰণেই আধুনিক সাজ-পোছাকৰ প্ৰচলনৰ পাছতো ৰাছিয়াৰ মানুহে বিশেষ অনুষ্ঠানত নিজৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক