--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিগত কিছুবছৰত যুৱসকলৰ মাজত আত্মহত্যাৰ হাৰ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।যাৰ বাবে অভিভাৱক, শিক্ষাবিদ আৰু মানসিক স্বাস্থ্য বিশেষজ্ঞসকলৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। কিয় যুৱসকলৰ মাজত এনে প্ৰৱনতা বৃদ্ধি পাইছে? কিদৰে এই প্ৰৱনতা হ্ৰাস কৰিব পাৰি এই বষয়সমূহৰ ওপৰত আলোকপাত কৰা প্ৰয়োজনীয় হৈছে পৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, আত্মহত্যা এক গুৰুত্বপূৰ্ণ স্বাস্থ্য সংক্ৰান্তীয় সমস্যা৷ সুসংগীতা জেনা, প্ৰফুল্ল কুমাৰ শ্বেইন, ৰেচেল এলিজাবেথ সেনাপতি আৰু সুবেন্দু কুমাৰ আচাৰ্যৰ সন্মিলিত গৱেষনা- "Trajectory of suicide among Indian children and adolescents: a pooled analysis of national data from 1995 to 2021" শীৰ্ষক গৱেষনাত ২৬ বছৰ ভিতৰৰ ভাৰতীয় শিশু আৰু কিশোৰ-কিশোৰীৰ মাজত আত্মহত্যাৰ হাৰ বৃদ্ধি লক্ষ্য কৰা হৈছে। পূৰ্বানুমান অনুসাৰি এই ধাৰা আগলৈও অব্যাহত থাকিব বুলি প্ৰকাশ কৰিছে।পাৰিবাৰিক সমস্যা, শিক্ষাগত বিফলতা, ৰোগ, কৰ্ম বিফলতা আদি আত্মহত্যাৰ সাধাৰণ কাৰক বুলি প্ৰকাশ পাইছে।

মানসিক স্বাস্থ্য: বিষন্নতা, উদ্বেগ আৰু আন মানসিক স্বাস্থ্য সমস্যাসমূহো যুৱসকলৰ আত্মহত্যাৰ প্ৰৱণতাৰ মূল কাৰণ।এই সমস্যাবোৰ সাধাৰণতে অচিনাক্ত আৰু চিকিৎসা নোহোৱাকৈ থাকে, যাৰ ফলত গভীৰ মানসিক বেদনাত ভোগে চৰম সিদ্ধান্ত লৈ আগবাঢ়ে।

শিক্ষাগত চাপ: ভাল ফলাফল কৰাৰ তীব্ৰ চাপ বহু ছাত্ৰ-ছাত্ৰীৰ বাবে অতিৰিক্ত হৈ পৰে। বিফলতাৰ ভয় আৰু অভিভাৱক আৰু সমাজৰ পৰা অহা উচ্চ আশা হতাশা আৰু নিৰাশাৰ অনুভৱো বিপদজনক হৈ পৰে।

সামাজিক মাধ্যমৰ প্ৰভাৱ: সামাজিক মাধ্যমৰ ব্যাপক ব্যৱহাৰে অযৌক্তিক আশা তথা তুলনা কৰাৰ প্ৰৱনতা সৃষ্টি কৰিছে।যাৰ বাবে মানসিক চাপ বৃদ্ধি পায়৷

পাৰিবাৰিক সমস্যা: অভিভাৱকৰ সৈতে সংঘাত, অপব্যবহাৰ, উপেক্ষা আৰু সমৰ্থনৰ অভাৱৰ দৰে পাৰিবাৰিক সমস্যাসমূহে যুৱসকলৰ মানসিক স্বাস্থ্যত গুৰুত্বৰ প্ৰভাৱ পেলায়।

ভয়াবহ অভিজ্ঞতা: শাৰীৰিক বা যৌন নিৰ্যাতনৰ দৰে ভয়াবহ ঘটনাৰ সন্মুখীন হোৱা যুৱসকলৰ মানসিক স্বাস্থ্যত গুৰুতৰ প্ৰভাৱ পৰে। এই অভিজ্ঞতাৰ ফলত মূল্যহীনতা আৰু নিৰাশাৰ অনুভৱ হয়। নিচাযুক্ত দ্ৰব্য সেৱনো এক কাৰক হিচাপে গণ্য কৰা হয়৷

যুৱসকলৰ মাজত আত্মহত্যাৰ হ্ৰাস কৰিবৰ বাবে সমাজৰ কিছুমন চিন্তাধাৰাৰ পৰিৱৰ্তন সাধনৰো প্ৰয়োজন৷ ইয়াৰোপৰি অভিভাৱক, শিক্ষক, নীতিনিৰ্ধাৰক, স্বাস্থ্যসেৱী আৰু সংশ্লিষ্টসকলৰ সহযোগত মানসিক স্বাস্থ্য সমৰ্থন আৰু হস্তক্ষেপৰ প্ৰয়োজনীয়তাসমূহ বুজি ফলপ্ৰসূ কৌশলসমূহ ব্যৱহাৰ কৰি, এক পৰিৱেশ সৃষ্টি কৰিব পাৰি; যি মানসিক স্বাস্থ্যৰ উন্নতি ঘটাই শোকাবহ ঘটনা হ্ৰাস কৰাত সমৰ্থ হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ