--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিগত কিছুবছৰত যুৱসকলৰ মাজত আত্মহত্যাৰ হাৰ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।যাৰ বাবে অভিভাৱক, শিক্ষাবিদ আৰু মানসিক স্বাস্থ্য বিশেষজ্ঞসকলৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। কিয় যুৱসকলৰ মাজত এনে প্ৰৱনতা বৃদ্ধি পাইছে? কিদৰে এই প্ৰৱনতা হ্ৰাস কৰিব পাৰি এই বষয়সমূহৰ ওপৰত আলোকপাত কৰা প্ৰয়োজনীয় হৈছে পৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, আত্মহত্যা এক গুৰুত্বপূৰ্ণ স্বাস্থ্য সংক্ৰান্তীয় সমস্যা৷ সুসংগীতা জেনা, প্ৰফুল্ল কুমাৰ শ্বেইন, ৰেচেল এলিজাবেথ সেনাপতি আৰু সুবেন্দু কুমাৰ আচাৰ্যৰ সন্মিলিত গৱেষনা- "Trajectory of suicide among Indian children and adolescents: a pooled analysis of national data from 1995 to 2021" শীৰ্ষক গৱেষনাত ২৬ বছৰ ভিতৰৰ ভাৰতীয় শিশু আৰু কিশোৰ-কিশোৰীৰ মাজত আত্মহত্যাৰ হাৰ বৃদ্ধি লক্ষ্য কৰা হৈছে। পূৰ্বানুমান অনুসাৰি এই ধাৰা আগলৈও অব্যাহত থাকিব বুলি প্ৰকাশ কৰিছে।পাৰিবাৰিক সমস্যা, শিক্ষাগত বিফলতা, ৰোগ, কৰ্ম বিফলতা আদি আত্মহত্যাৰ সাধাৰণ কাৰক বুলি প্ৰকাশ পাইছে।

মানসিক স্বাস্থ্য: বিষন্নতা, উদ্বেগ আৰু আন মানসিক স্বাস্থ্য সমস্যাসমূহো যুৱসকলৰ আত্মহত্যাৰ প্ৰৱণতাৰ মূল কাৰণ।এই সমস্যাবোৰ সাধাৰণতে অচিনাক্ত আৰু চিকিৎসা নোহোৱাকৈ থাকে, যাৰ ফলত গভীৰ মানসিক বেদনাত ভোগে চৰম সিদ্ধান্ত লৈ আগবাঢ়ে।

শিক্ষাগত চাপ: ভাল ফলাফল কৰাৰ তীব্ৰ চাপ বহু ছাত্ৰ-ছাত্ৰীৰ বাবে অতিৰিক্ত হৈ পৰে। বিফলতাৰ ভয় আৰু অভিভাৱক আৰু সমাজৰ পৰা অহা উচ্চ আশা হতাশা আৰু নিৰাশাৰ অনুভৱো বিপদজনক হৈ পৰে।

সামাজিক মাধ্যমৰ প্ৰভাৱ: সামাজিক মাধ্যমৰ ব্যাপক ব্যৱহাৰে অযৌক্তিক আশা তথা তুলনা কৰাৰ প্ৰৱনতা সৃষ্টি কৰিছে।যাৰ বাবে মানসিক চাপ বৃদ্ধি পায়৷

পাৰিবাৰিক সমস্যা: অভিভাৱকৰ সৈতে সংঘাত, অপব্যবহাৰ, উপেক্ষা আৰু সমৰ্থনৰ অভাৱৰ দৰে পাৰিবাৰিক সমস্যাসমূহে যুৱসকলৰ মানসিক স্বাস্থ্যত গুৰুত্বৰ প্ৰভাৱ পেলায়।

ভয়াবহ অভিজ্ঞতা: শাৰীৰিক বা যৌন নিৰ্যাতনৰ দৰে ভয়াবহ ঘটনাৰ সন্মুখীন হোৱা যুৱসকলৰ মানসিক স্বাস্থ্যত গুৰুতৰ প্ৰভাৱ পৰে। এই অভিজ্ঞতাৰ ফলত মূল্যহীনতা আৰু নিৰাশাৰ অনুভৱ হয়। নিচাযুক্ত দ্ৰব্য সেৱনো এক কাৰক হিচাপে গণ্য কৰা হয়৷

যুৱসকলৰ মাজত আত্মহত্যাৰ হ্ৰাস কৰিবৰ বাবে সমাজৰ কিছুমন চিন্তাধাৰাৰ পৰিৱৰ্তন সাধনৰো প্ৰয়োজন৷ ইয়াৰোপৰি অভিভাৱক, শিক্ষক, নীতিনিৰ্ধাৰক, স্বাস্থ্যসেৱী আৰু সংশ্লিষ্টসকলৰ সহযোগত মানসিক স্বাস্থ্য সমৰ্থন আৰু হস্তক্ষেপৰ প্ৰয়োজনীয়তাসমূহ বুজি ফলপ্ৰসূ কৌশলসমূহ ব্যৱহাৰ কৰি, এক পৰিৱেশ সৃষ্টি কৰিব পাৰি; যি মানসিক স্বাস্থ্যৰ উন্নতি ঘটাই শোকাবহ ঘটনা হ্ৰাস কৰাত সমৰ্থ হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?