--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কোন দিশে গতি কৰিলে কা’ আন্দোলন৷ অসমৰ ইতিহাসৰ এক সৰ্ববৃহৎ গণ আন্দোলন৷ ২০১৯ চনৰ ডিচেম্বৰ মাহত ‘কেব’ গৈ ‘কা’ হ’ল, অৰ্থাৎ নাগৰিকত্ব সংশোধনী বিধেয়কখন আইনত পৰিণত হ’ল । এই আইনৰ বিৰুদ্ধে দেশৰ বহুতো সচেতন নাগৰিক, দল-সংগঠনে ন্যায়ালয়ৰ কাষ চাপিছে, আইনখন বৰ্তমান ন্যায়ালয়ত বিচাৰাধীন হৈ আছে । তাৰ পিছতো কিন্তু মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে ২০২০ চনৰ ১০ জানুৱাৰীত আইনখন দেশজুৰি বলবৎ কৰিলে। যাৰ প্ৰভাৱ অসমত সকলোতকৈ বেছি পৰিব।

পৰৱৰ্তী সময়ত আৰম্ভ হ’ল তীব্ৰ আন্দোলন৷ অসমৰ ডেকাৰ পৰা আৰম্ভ কৰি আদহীয়া বৃদ্ধাজনো উলাই আহিল ৰাজপথলৈ, মুঠতে বাতিল হ’ব লাগিব জন বিৰোধী, সংবিধানবিৰোধী কা’ আইন৷ চৰকাৰৰ বিৰুদ্ধে গঢ়ি তোলা হ’ল তীব্ৰ আন্দোলন, কিন্তু শাসক পক্ষই আন্দোলনৰ প্ৰতি তিলমাত্ৰাও সহাৰি নজনালে, বৰঞ্চ চৰকাৰে আন্দোলনত অংশ লোৱা ৬ জনকৈ নিৰীহ লোকক বন্ধুকৰেহে উত্তৰ দিলে যে, আইনখনৰ প্ৰতি কিমান আকোৰগোঁজ চৰকাৰী পক্ষ৷ অসমৰ প্ৰতিটো জাতীয় সংগঠনৰ আহ্বানত ৰাজপথলৈ উলাই আহিল শ শ প্ৰতিবাদী জনতা৷ আন্দোলনৰ নেতৃত্ব বহন কৰা এটা জাতীয় সংগঠনে ৰাজপথৰ আন্দোলনখনক মঞ্চ বা খেল পথাৰ আন্দোলনলৈ পৰ্যবেসিত কৰিলে৷ এই কাৰ্যক লৈ অসমৰ এচাম মানুহে ঘোৰ বিৰোধিতা কৰিছিল৷ তেতিয়াৰ পৰাই কা’ আন্দোলনে গতি সলনি কৰিলে বুলি বহুতে ক’ব খোজে৷ মঞ্চ আন্দোলনৰ পৰাই বহুতো লোকক ৰাজনৈতিক নেতালৈ ৰূপান্তৰ কৰিলে বুলি ক’য়৷


শেহতীয়াকৈ পুনৰ কা ’ আন্দোলন গা কৰি উঠিব পাৰে বুলি এক ইংগিত বহন কৰিছ৷ ১৯ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিতৰ্কিত কৃষি আইন তিনিখন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰাৰ পিছৰে পৰা অসমত পুনৰ কা আন্দোলনৰ প্ৰসংগই মূৰ দাঙি উঠিছে। কা'ৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ উঠিছে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য৷ তেওঁ পূৰ্বৰ দৰে কা’ বিৰোধ কৰি ক’য় যে, কা’ বাতিল হ'ব লাগিব, জবৰদস্তি কৰি আমাৰ ওপৰত কা জাপি দিয়া হ'ল আমি নামানো সেই কথা স্পষ্ট৷ CAA বিৰুদ্ধে আইনী যুঁজৰ সমান্তৰালকৈ সংগ্ৰাম চলিব৷


এতিয়া যেন কা’ প্ৰসংগক লৈ অসমৰ ৰাইজ বিৰক্তিহে অনুভৱ কৰিছে৷ কিয়নো কা’ খনক লৈ অসম চৰকাৰ আজিও তেওঁলোকৰ নিজৰ স্থিতিত অটল হৈ আছে৷ তেনেস্থলত আছুৱে কি যুক্তিত আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰাখিছে বুলি সৰ্বসাধাৰণৰ প্ৰশ্ন৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আছুৰ নেতৃবৰ্গৰ সৈতে কা’ সন্দৰ্ভত আলোচনা হৈছিল তদুপৰি আজি কিছু দিনৰ আগত অসম চৰকাৰৰ অসম চুক্তি ৰূপায়ণৰ বিভাগৰ দায়িত্বত থকা অতুল বৰা সৈতে ত্ৰিলানি বৈঠক অনুষ্ঠিত হৈছিল, কিন্তু এই বৈঠকত লোৱা সিদ্ধান্তৰ বিষয়ে আছু নেতৃবৰ্গই কোনো কথা ৰাজহুৱা নকৰিলে৷ তদুপৰি আছু কেন্দ্ৰীয় নেতৃবৰ্গই কা’ গৃহীত হোৱাৰ সময়তে উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিল, সেই গোচৰৰ বৰ্তমান স্থিতি বিষয়ে আছুৱে ৰাজহুৱা নকৰিলে৷ চৰকাৰী পক্ষই যে, আন্দোলনৰ ভাষা বুজি নাপাই সেইটো নিশ্চিত৷ গতিকে জনসাধাৰণে এতিয়া বিকল্প পথৰ সন্ধানত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ