--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এক প্ৰাণান্তক সংগ্ৰামৰ সফল পৰিসমাপ্তি। দেশৰ হাজাৰ হাজাৰ কৃষক অবিচল দৃঢ়তাৰে দেশক দেখুৱাই দিলে প্ৰতিবাদৰ নতুন উত্তাপ। সকলো সিদ্ধান্ত আৰু নীতি ক্ষেত্ৰত অনমনীয়তা প্ৰদৰ্শন কৰি অহা কেন্দ্ৰীয় চৰকাৰ এইবাৰ নমনীয় হ’বলৈ বাধ্য হ’ল দেশৰ অন্নদাতা ৰ ওচৰত। তেওঁলোকৰ প্ৰতিবাদৰ অনল শিখাই যেন নাশ কৰিলে চৰকাৰৰ সকলো অহংকাৰ। এই আন্দোলনৰ সূচনা হৈছিল তিনিখিন বিতৰ্কিত কৃষি আইনক লৈ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ষমা খুজি নিজমুখে এই আন্দোলন বাতিল কৰাৰ কথা ঘোষণা কৰিলে। কৃষি আইন বাতিলৰ পাছতো, মিনিমাম ছাপ’ৰ্ট প্ৰাইচ বা ন্যুনতম সমৰ্থম দাম নিৰ্ধাৰণৰ দৰে বিষয়ক লৈও চৰকাৰৰ বিৰুদ্ধে যুঁজুধান ৰূপত অৱস্থান কৰি আছিল কৃষকসকলে। আৰু অৱশেষত প্ৰায় পোন্ধৰ মাহৰ পাছত এই আন্দোলনৰ সফল সমাপ্তি হোৱাটো নিশ্চিত হৈ পৰিল। আজি প্ৰতিবাদী কৃষকৰ প্ৰতিনিধিয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে যে তেওঁলোকে এই প্ৰতিবাদৰ অন্ত পেলাব আৰু অহা শনিবাৰে ‘বিজয় সমদল’ উলিয়াই ঘৰলৈ উভতি যাব। প্ৰায় ডেৰটা বছৰ ৰাজপথত অতিবাহিত কৰাৰ পাছত সংগ্ৰামী কৃষকসকল ঘৰলৈ উভতি যোৱাটো নিসন্দেহে দেশৰ বাবে এক ঐতিহাসিক ক্ষণ বিবেচিত হ’ব।


উল্লেখ্য যে, কৃষকসকলৰ সিদ্ধান্তৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইট কৰি তেওঁৰ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁ লিখিছিল, "আপোনাৰ দেশ মহান, দেশত আছে কেৱল সত্যাগ্ৰহী কৃষক! সত্যৰ এই বিজয়ত, আমি শ্বহীদ অন্নদাতাসকলকো স্মৰণ কৰিছো।’’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ