--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এক প্ৰাণান্তক সংগ্ৰামৰ সফল পৰিসমাপ্তি। দেশৰ হাজাৰ হাজাৰ কৃষক অবিচল দৃঢ়তাৰে দেশক দেখুৱাই দিলে প্ৰতিবাদৰ নতুন উত্তাপ। সকলো সিদ্ধান্ত আৰু নীতি ক্ষেত্ৰত অনমনীয়তা প্ৰদৰ্শন কৰি অহা কেন্দ্ৰীয় চৰকাৰ এইবাৰ নমনীয় হ’বলৈ বাধ্য হ’ল দেশৰ অন্নদাতা ৰ ওচৰত। তেওঁলোকৰ প্ৰতিবাদৰ অনল শিখাই যেন নাশ কৰিলে চৰকাৰৰ সকলো অহংকাৰ। এই আন্দোলনৰ সূচনা হৈছিল তিনিখিন বিতৰ্কিত কৃষি আইনক লৈ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ষমা খুজি নিজমুখে এই আন্দোলন বাতিল কৰাৰ কথা ঘোষণা কৰিলে। কৃষি আইন বাতিলৰ পাছতো, মিনিমাম ছাপ’ৰ্ট প্ৰাইচ বা ন্যুনতম সমৰ্থম দাম নিৰ্ধাৰণৰ দৰে বিষয়ক লৈও চৰকাৰৰ বিৰুদ্ধে যুঁজুধান ৰূপত অৱস্থান কৰি আছিল কৃষকসকলে। আৰু অৱশেষত প্ৰায় পোন্ধৰ মাহৰ পাছত এই আন্দোলনৰ সফল সমাপ্তি হোৱাটো নিশ্চিত হৈ পৰিল। আজি প্ৰতিবাদী কৃষকৰ প্ৰতিনিধিয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে যে তেওঁলোকে এই প্ৰতিবাদৰ অন্ত পেলাব আৰু অহা শনিবাৰে ‘বিজয় সমদল’ উলিয়াই ঘৰলৈ উভতি যাব। প্ৰায় ডেৰটা বছৰ ৰাজপথত অতিবাহিত কৰাৰ পাছত সংগ্ৰামী কৃষকসকল ঘৰলৈ উভতি যোৱাটো নিসন্দেহে দেশৰ বাবে এক ঐতিহাসিক ক্ষণ বিবেচিত হ’ব।


উল্লেখ্য যে, কৃষকসকলৰ সিদ্ধান্তৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইট কৰি তেওঁৰ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁ লিখিছিল, "আপোনাৰ দেশ মহান, দেশত আছে কেৱল সত্যাগ্ৰহী কৃষক! সত্যৰ এই বিজয়ত, আমি শ্বহীদ অন্নদাতাসকলকো স্মৰণ কৰিছো।’’


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু