--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাগৰ দূৰ কৰিবলৈ শক্তিবৰ্ধক  পানীয়ৰ ওপৰত বহুতেই নিৰ্ভৰ কৰে। কিন্তু এনে এনাৰ্জী ড্ৰিংকবোৰ আমাৰ স্বাস্থ্যৰ বাবে কিমান উপযোগী? এনে এনাৰ্জী ড্ৰিংকে দেহৰ উপকাৰ সাধন কৰাৰ সলনি অপকাৰহে সাধে বুলি বহুতে কৈ আহিছে। শেহতীয়াকৈ কেলিফ’ৰ্নিয়াৰ এজন লোক এনাৰ্জী ড্ৰিংকৰ প্ৰতি অধিক আসক্ত হৈ পৰাৰ বাবেই তেওঁৰ লাওখোলাৰ এটা অংশ হেৰুৱাবলগাীয়া হৈছে।  

দৰাচলতে কেফেইনযুক্ত পানীয় খোৱাৰ গুৰুতৰ প্ৰতিক্ৰিয়া হ'ব পাৰে।  এনাৰ্জী ড্ৰিংকত  কেফেইনৰ বাহিৰেও আন  কেইবাটাও উপাদান থাকে যিবোৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে।

কেলিফৰ্ণিয়াৰ এজন ব্যক্তিয়ে এনাৰ্জী ড্ৰিংকৰ  পৰিণাম  ভুগিছে।   অত্যাধিক এনাৰ্জী ড্ৰিংক  খোৱাৰ বাবে তেওঁ তেওঁৰ লাওখোলাৰ  এটা অংশ হেৰুৱাবলগীয়া হৈছে।এটা ফেচবুক পোষ্টত এগৰাকী মহিলাই তেওঁৰ স্বামীৰ এনে কৰুণ পৰিণতিৰ বিষয়ে উল্লেখ কৰিছে।  মহিলাগৰাকীয়ে প্ৰকাশ কৰা মতে অত্যাধিক শক্তিবৰ্ধক  পানীয় গ্ৰহণ কৰাৰ ফলত তেওঁৰ স্বামীৰ  মস্তিষ্কৰ ৰক্তক্ষৰণ হৈছিল। ব্ৰিয়ানাই প্ৰকাশ কৰিছে যে তেওঁৰ স্বামী অষ্টিনেঅত্যধিক  শক্তিবৰ্ধক  পানীয় গ্ৰহণ কৰিছিল। 

এদিন ব্ৰিয়ানাই জানিব পাৰিলে যে তেওঁৰ স্বামীৰ মস্তিষ্কৰ ৰক্তক্ষৰণ হৈছে আৰু তেওঁ হঠাতে  কোমালৈ গুচি গৈছে।   চিকিৎসকসকলে প্ৰকাশ কৰে  যে লোকজনে নিতৌ অত্যধিক মাত্ৰাত  শক্তিবৰ্ধক পানীয় গ্ৰহণ কৰাৰ বাবেই এনে ঘটনা ঘটিবলৈ পালে। ফলত সলোক জনৰ একাধিক মগজুৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হয়।  অস্ত্ৰোপচাৰ কৰাৰ ফলতে  অষ্টিনে তেওঁৰ লাওখোলাৰ  সন্মুখৰ অংশটো হেৰুৱাবলগীয়া হয়। । লোক জনে সম্পূৰ্ণৰূপে আৰোগ্য হ’বলৈ দীঘলীয়া সময়ৰ প্ৰয়োজন হ’ব বুলি চিকিৎসকে প্ৰকাশ কৰিছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি