--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাগৰ দূৰ কৰিবলৈ শক্তিবৰ্ধক  পানীয়ৰ ওপৰত বহুতেই নিৰ্ভৰ কৰে। কিন্তু এনে এনাৰ্জী ড্ৰিংকবোৰ আমাৰ স্বাস্থ্যৰ বাবে কিমান উপযোগী? এনে এনাৰ্জী ড্ৰিংকে দেহৰ উপকাৰ সাধন কৰাৰ সলনি অপকাৰহে সাধে বুলি বহুতে কৈ আহিছে। শেহতীয়াকৈ কেলিফ’ৰ্নিয়াৰ এজন লোক এনাৰ্জী ড্ৰিংকৰ প্ৰতি অধিক আসক্ত হৈ পৰাৰ বাবেই তেওঁৰ লাওখোলাৰ এটা অংশ হেৰুৱাবলগাীয়া হৈছে।  

দৰাচলতে কেফেইনযুক্ত পানীয় খোৱাৰ গুৰুতৰ প্ৰতিক্ৰিয়া হ'ব পাৰে।  এনাৰ্জী ড্ৰিংকত  কেফেইনৰ বাহিৰেও আন  কেইবাটাও উপাদান থাকে যিবোৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে।

কেলিফৰ্ণিয়াৰ এজন ব্যক্তিয়ে এনাৰ্জী ড্ৰিংকৰ  পৰিণাম  ভুগিছে।   অত্যাধিক এনাৰ্জী ড্ৰিংক  খোৱাৰ বাবে তেওঁ তেওঁৰ লাওখোলাৰ  এটা অংশ হেৰুৱাবলগীয়া হৈছে।এটা ফেচবুক পোষ্টত এগৰাকী মহিলাই তেওঁৰ স্বামীৰ এনে কৰুণ পৰিণতিৰ বিষয়ে উল্লেখ কৰিছে।  মহিলাগৰাকীয়ে প্ৰকাশ কৰা মতে অত্যাধিক শক্তিবৰ্ধক  পানীয় গ্ৰহণ কৰাৰ ফলত তেওঁৰ স্বামীৰ  মস্তিষ্কৰ ৰক্তক্ষৰণ হৈছিল। ব্ৰিয়ানাই প্ৰকাশ কৰিছে যে তেওঁৰ স্বামী অষ্টিনেঅত্যধিক  শক্তিবৰ্ধক  পানীয় গ্ৰহণ কৰিছিল। 

এদিন ব্ৰিয়ানাই জানিব পাৰিলে যে তেওঁৰ স্বামীৰ মস্তিষ্কৰ ৰক্তক্ষৰণ হৈছে আৰু তেওঁ হঠাতে  কোমালৈ গুচি গৈছে।   চিকিৎসকসকলে প্ৰকাশ কৰে  যে লোকজনে নিতৌ অত্যধিক মাত্ৰাত  শক্তিবৰ্ধক পানীয় গ্ৰহণ কৰাৰ বাবেই এনে ঘটনা ঘটিবলৈ পালে। ফলত সলোক জনৰ একাধিক মগজুৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হয়।  অস্ত্ৰোপচাৰ কৰাৰ ফলতে  অষ্টিনে তেওঁৰ লাওখোলাৰ  সন্মুখৰ অংশটো হেৰুৱাবলগীয়া হয়। । লোক জনে সম্পূৰ্ণৰূপে আৰোগ্য হ’বলৈ দীঘলীয়া সময়ৰ প্ৰয়োজন হ’ব বুলি চিকিৎসকে প্ৰকাশ কৰিছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস