--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ এখন ছাবমেৰিন আটলাণ্টিকৰ গভীৰ অংশত আবদ্ধ হৈ পৰিছে। টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ পৰ্যটকক কঢ়িয়াই আটলাণ্টিক মহাসাগৰত ডুব মাৰিছিল ছাবমেৰিন খনে। কিন্তু পানীৰ তলৰ পৰা কোনোপধ্যেই ওপৰলৈ উঠি আহিব পৰা নাই ছাব মেৰিন খন। 

পৰ্যটক কঢ়িয়াই নিয়া ছাবমেৰিন 'টাইটান' আটলাণ্টিক মহাসাগৰত এতিয়া যেন  হেৰাই যোৱাৰ উপক্ৰম ঘটিছে। ছাবমেৰিন খনত  পাঁচগৰাকী লোক আছিল। চাবমেৰিনৰ পাইলটৰ উপৰি 'টাইটান'ত চাৰিজন পৰ্যটক আছিল। তেওঁলোকে  সৈতে টাইটানিকৰ ধ্বংসাৱশেষ পৰি থকা সাগৰৰ গভীৰ অংশলৈ  যাত্ৰা কৰিছিল। ছাবমেৰিনখন  ২৪ ঘণ্টাতকৈ বেছি সময় ধৰি বিচাৰি পোৱা হোৱা নাই। 

এতিয়া যুদ্ধকালীন তৎপৰতাৰে চলি আছে উদ্ধাৰৰ চেষ্টা।ছাবমেৰিন টাইটানে নিউফাউণ্ডলেণ্ডৰ ছেইণ্ট জনছৰ পৰা যাত্ৰা কৰিছিল। ছাবমেৰিনখনত জৰুৰীকালীন অৱস্থাত প্ৰয়োজন হ’ব পৰাকৈ  ৯৬ ঘণ্টাৰ অক্সিজেন মজুত  আছিল। বিশেষজ্ঞসকলে ধাৰণা কৰিছে যে ইতিমধ্যে যথেষ্ট অক্সিজেন ব্যৱহাৰ  হৈছে। আনুমানিক ৭০ ঘণ্টাৰ অক্সিজেনহে ছাবমেৰিন খনত থাকিব পাৰে। অৰ্থাৎ ৭০ ঘণ্টাৰ আগতেই ছাবমেৰিনত খনত থকা লোকসকলক উদ্ধাৰ কৰিব নোৱাৰিলে তেওঁলোকৰ জীৱন বচোৱা সম্ভৱ নহ’ব।  ৫৯  বছৰীয়া ব্ৰিটিছ কোটিপতি ব্যৱসায়ী হামিশ হাৰ্ডিঙো ছাবমেৰিনখনত আছে।  

ছাবমেৰিন খনৰ  সন্ধান উলিয়াবলৈ পৰ্যটন কোম্পানী 'ভাংগেট'ৰ কৰ্মীসকলে আটলাণ্টিকত অভিযান আৰম্ভ কৰিছে। এই কোম্পানীটোৱেই ছাবমেৰিনৰ জড়িয়তে  টাইটানিকৰ অৱশিষ্ট দৰ্শনৰ ব্যৱস্থা কৰিছিল। উদ্ধাৰ অভিযানত  আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপকূলৰক্ষী বাহিনী আৰু কানাডাৰ সামৰিক বাহিনীয়েসহযোগিতা  কৰিছে। মাৰ্কিন বায়ু সেনাই আকাশী অনুসন্ধানত সহায় কৰি আছে। য'ত ছাবমেৰিনখনৰ  অনুসন্ধান আৰম্ভ কৰা হৈছে তাত তিনিৰ পৰা ছয় ফুট ওখ ঢৌ আছে। 

ঘন কুঁৱলীৰ বাবেও উদ্ধাৰকাৰীসকলে অসুবিধাৰ সন্মুখীন হৈছে।তথাপি সকলোৱে আশা কৰিছে ছাবমেৰিন খনত থকা লোকসকলক উদ্ধাৰ কৰিব পৰা যাব। উল্লেখ্য কিছু বছৰ আগতে ৰাছিয়াৰ এখন পাৰমাণৱিক শক্তিচালিত চাবমেৰিন সাগৰৰ গভীৰত আবদ্ধ হৈ পৰাত বহু লোকৰ মৃত্যু ঘটিছিল। ৰাছিয়াৰ আবদ্ধ হৈ পৰা ছাবমেৰিন খন আজিও সাগৰতলিতে পৰি ৰৈছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত