--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ এখন ছাবমেৰিন আটলাণ্টিকৰ গভীৰ অংশত আবদ্ধ হৈ পৰিছে। টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ পৰ্যটকক কঢ়িয়াই আটলাণ্টিক মহাসাগৰত ডুব মাৰিছিল ছাবমেৰিন খনে। কিন্তু পানীৰ তলৰ পৰা কোনোপধ্যেই ওপৰলৈ উঠি আহিব পৰা নাই ছাব মেৰিন খন। 

পৰ্যটক কঢ়িয়াই নিয়া ছাবমেৰিন 'টাইটান' আটলাণ্টিক মহাসাগৰত এতিয়া যেন  হেৰাই যোৱাৰ উপক্ৰম ঘটিছে। ছাবমেৰিন খনত  পাঁচগৰাকী লোক আছিল। চাবমেৰিনৰ পাইলটৰ উপৰি 'টাইটান'ত চাৰিজন পৰ্যটক আছিল। তেওঁলোকে  সৈতে টাইটানিকৰ ধ্বংসাৱশেষ পৰি থকা সাগৰৰ গভীৰ অংশলৈ  যাত্ৰা কৰিছিল। ছাবমেৰিনখন  ২৪ ঘণ্টাতকৈ বেছি সময় ধৰি বিচাৰি পোৱা হোৱা নাই। 

এতিয়া যুদ্ধকালীন তৎপৰতাৰে চলি আছে উদ্ধাৰৰ চেষ্টা।ছাবমেৰিন টাইটানে নিউফাউণ্ডলেণ্ডৰ ছেইণ্ট জনছৰ পৰা যাত্ৰা কৰিছিল। ছাবমেৰিনখনত জৰুৰীকালীন অৱস্থাত প্ৰয়োজন হ’ব পৰাকৈ  ৯৬ ঘণ্টাৰ অক্সিজেন মজুত  আছিল। বিশেষজ্ঞসকলে ধাৰণা কৰিছে যে ইতিমধ্যে যথেষ্ট অক্সিজেন ব্যৱহাৰ  হৈছে। আনুমানিক ৭০ ঘণ্টাৰ অক্সিজেনহে ছাবমেৰিন খনত থাকিব পাৰে। অৰ্থাৎ ৭০ ঘণ্টাৰ আগতেই ছাবমেৰিনত খনত থকা লোকসকলক উদ্ধাৰ কৰিব নোৱাৰিলে তেওঁলোকৰ জীৱন বচোৱা সম্ভৱ নহ’ব।  ৫৯  বছৰীয়া ব্ৰিটিছ কোটিপতি ব্যৱসায়ী হামিশ হাৰ্ডিঙো ছাবমেৰিনখনত আছে।  

ছাবমেৰিন খনৰ  সন্ধান উলিয়াবলৈ পৰ্যটন কোম্পানী 'ভাংগেট'ৰ কৰ্মীসকলে আটলাণ্টিকত অভিযান আৰম্ভ কৰিছে। এই কোম্পানীটোৱেই ছাবমেৰিনৰ জড়িয়তে  টাইটানিকৰ অৱশিষ্ট দৰ্শনৰ ব্যৱস্থা কৰিছিল। উদ্ধাৰ অভিযানত  আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপকূলৰক্ষী বাহিনী আৰু কানাডাৰ সামৰিক বাহিনীয়েসহযোগিতা  কৰিছে। মাৰ্কিন বায়ু সেনাই আকাশী অনুসন্ধানত সহায় কৰি আছে। য'ত ছাবমেৰিনখনৰ  অনুসন্ধান আৰম্ভ কৰা হৈছে তাত তিনিৰ পৰা ছয় ফুট ওখ ঢৌ আছে। 

ঘন কুঁৱলীৰ বাবেও উদ্ধাৰকাৰীসকলে অসুবিধাৰ সন্মুখীন হৈছে।তথাপি সকলোৱে আশা কৰিছে ছাবমেৰিন খনত থকা লোকসকলক উদ্ধাৰ কৰিব পৰা যাব। উল্লেখ্য কিছু বছৰ আগতে ৰাছিয়াৰ এখন পাৰমাণৱিক শক্তিচালিত চাবমেৰিন সাগৰৰ গভীৰত আবদ্ধ হৈ পৰাত বহু লোকৰ মৃত্যু ঘটিছিল। ৰাছিয়াৰ আবদ্ধ হৈ পৰা ছাবমেৰিন খন আজিও সাগৰতলিতে পৰি ৰৈছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
ৰাজ্যজুৰি মানুহ বিহুৰ উছাহ: জ্যেষ্ঠৰ আশীৰ্বাদেৰে নতুন বছৰক আদৰাৰ পৰম্পৰা