--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মাত্ৰ এটা মিনিটতে স্মাৰ্টফোন ব্যৱহাৰ কৰা ব্যক্তিজনৰ বিষয়ে বহু ব্যক্তিগত তথ্য দিব পাৰে। আনকি ব্যৱহাৰকাৰীৰ বয়স বা লিংগৰ তথ্যও দিব পাৰে। আমেৰিকাৰ জৰ্জিয়া ষ্টেট ইউনিভাৰ্চিটিৰ এজন গৱেষকে এই কথা দাবী কৰিছে। হয়, কাহিনী যেন লাগিলেও এয়াই বাস্তৱিক।

 আজিকালি প্ৰায় সকলো স্মাৰ্টফোনতে বিভিন্ন ধৰণৰ চেন্সৰ থাকে। চেন্সৰে ফোন ব্যৱহাৰকাৰীৰ বিষয়ে তথ্য অবিৰতভাৱে সংগ্ৰহ কৰে। সেই তথ্য বিশ্লেষণ কৰি ফোন ব্যৱহাৰকাৰীৰ একাধিক তথ্য দিব পাৰে।

বেছিভাগ জনপ্ৰিয় স্মাৰ্টফোনত 'এক্সেলেৰ'মিটাৰ', 'মেগনেট'মিটাৰ' আৰু 'জাইৰ'স্কোপ'ৰ দৰে কেইবাটাও চেন্সৰ থাকে। এই চেন্সৰবোৰে ব্যৱহাৰকাৰীৰ বিষয়ে বিভিন্ন ধৰণৰ তথ্য সংগ্ৰহ কৰে। ‘মেচিন লাৰ্নিং এলগৰিডম’ নামৰ পদ্ধতিৰে সেই তথ্য বিশ্লেষণ কৰি স্মাৰ্টফোনটোৱে বিভিন্ন কথা বুজিব পাৰে। লক্ষ্য কৰিলে দেখা যাব যে এপটোৱে ফোনত বিভিন্ন এপ ইনষ্টল কৰিবলৈ কিছু অনুমতি বিচাৰে। এই অনুমতি পোৱাৰ পাছৰে পৰা এপসমূহে বিভিন্ন ধৰণৰ ডাটা সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে।

 এই সন্দৰ্ভত অধ্যয়নৰ বাবে মুঠ ২৯জনীয়া এটা দলে অংশগ্ৰহণ কৰিছিল। গৱেষণা পত্ৰখনত দাবী কৰা হৈছে যে ব্যৱহাৰকাৰীজন সোঁহাতৰ হওক বা বাওঁহাতৰ হওক বা তেওঁ শুই থাকিলেও বা বহি থাকিলেও যিকোনো ইণ্টাৰনেট মাধ্যমেৰে এই সকলোবোৰ তথ্য স্মাৰ্টফোনটোৰ চেন্সৰে আবদ্ধ কৰি ৰাখে। বিভিন্ন সেৱা আগবঢ়োৱাৰ বাবে এই তথ্য সংগ্ৰহ কৰাটো অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু এনে তথ্য ৰাজহুৱা হ’লে সংশ্লিষ্ট ব্যক্তিজনৰ গোপনীয়তা ভংগ হ’ব পাৰে বুলি গৱেষকগৰাকীয়ে প্ৰকাশ কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
দৰভংগা আদালতত গ্ৰেপ্তাৰ বিখ্যাত অধিবক্তা অম্বাৰ ইমাম হাছমী
কানাডাৰ পৰা ভাৰত জ্বলোৱাৰ পৰিকল্পনা খালিস্তানীৰ
মণিপুৰৰ ফুটবল ফৰ চেইঞ্জ ছেমি ফাইনেলত
ৰাজ্যত কঠোৰভাৱে বলৱৎ হ'ব গো-সুৰক্ষা আইন
যুদ্ধত জড়িত হ'ব নে নহয় দুসপ্তাহত সিদ্ধান্ত ল'ব ট্রাম্পে
১০০০ ভাৰতীয়ক উদ্ধাৰৰ বাবে ইৰানে খুলি দিলে বন্ধ হৈ থকা আকাশমার্গ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত