--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মাত্ৰ এটা মিনিটতে স্মাৰ্টফোন ব্যৱহাৰ কৰা ব্যক্তিজনৰ বিষয়ে বহু ব্যক্তিগত তথ্য দিব পাৰে। আনকি ব্যৱহাৰকাৰীৰ বয়স বা লিংগৰ তথ্যও দিব পাৰে। আমেৰিকাৰ জৰ্জিয়া ষ্টেট ইউনিভাৰ্চিটিৰ এজন গৱেষকে এই কথা দাবী কৰিছে। হয়, কাহিনী যেন লাগিলেও এয়াই বাস্তৱিক।

 আজিকালি প্ৰায় সকলো স্মাৰ্টফোনতে বিভিন্ন ধৰণৰ চেন্সৰ থাকে। চেন্সৰে ফোন ব্যৱহাৰকাৰীৰ বিষয়ে তথ্য অবিৰতভাৱে সংগ্ৰহ কৰে। সেই তথ্য বিশ্লেষণ কৰি ফোন ব্যৱহাৰকাৰীৰ একাধিক তথ্য দিব পাৰে।

বেছিভাগ জনপ্ৰিয় স্মাৰ্টফোনত 'এক্সেলেৰ'মিটাৰ', 'মেগনেট'মিটাৰ' আৰু 'জাইৰ'স্কোপ'ৰ দৰে কেইবাটাও চেন্সৰ থাকে। এই চেন্সৰবোৰে ব্যৱহাৰকাৰীৰ বিষয়ে বিভিন্ন ধৰণৰ তথ্য সংগ্ৰহ কৰে। ‘মেচিন লাৰ্নিং এলগৰিডম’ নামৰ পদ্ধতিৰে সেই তথ্য বিশ্লেষণ কৰি স্মাৰ্টফোনটোৱে বিভিন্ন কথা বুজিব পাৰে। লক্ষ্য কৰিলে দেখা যাব যে এপটোৱে ফোনত বিভিন্ন এপ ইনষ্টল কৰিবলৈ কিছু অনুমতি বিচাৰে। এই অনুমতি পোৱাৰ পাছৰে পৰা এপসমূহে বিভিন্ন ধৰণৰ ডাটা সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে।

 এই সন্দৰ্ভত অধ্যয়নৰ বাবে মুঠ ২৯জনীয়া এটা দলে অংশগ্ৰহণ কৰিছিল। গৱেষণা পত্ৰখনত দাবী কৰা হৈছে যে ব্যৱহাৰকাৰীজন সোঁহাতৰ হওক বা বাওঁহাতৰ হওক বা তেওঁ শুই থাকিলেও বা বহি থাকিলেও যিকোনো ইণ্টাৰনেট মাধ্যমেৰে এই সকলোবোৰ তথ্য স্মাৰ্টফোনটোৰ চেন্সৰে আবদ্ধ কৰি ৰাখে। বিভিন্ন সেৱা আগবঢ়োৱাৰ বাবে এই তথ্য সংগ্ৰহ কৰাটো অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু এনে তথ্য ৰাজহুৱা হ’লে সংশ্লিষ্ট ব্যক্তিজনৰ গোপনীয়তা ভংগ হ’ব পাৰে বুলি গৱেষকগৰাকীয়ে প্ৰকাশ কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ