--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  টুথপেষ্ট এনে উপাদানৰ পৰা তৈয়াৰ কৰা হয় যিবোৰৰ পৰিষ্কাৰকৰণৰ গুণ আছে। আমাৰ দাঁত বগা কৰা টুথপেষ্টত এনে বহুতো উপাদান পোৱা যায় যিয়ে যিকোনো কঠিনতম দাগ সহজে আঁতৰাই পেলায়। টুথপেষ্ট ব্যৱহাৰ কৰি ঘৰৰ কি কি বস্তু চাফা কৰিব পাৰি জানো আহক।

১)ফোন কভাৰঃ আমাৰ ফোনটোৰ কভাৰত থকা দাগ আঁতৰোৱাটো কঠিন। টুথপেষ্ট ফোনৰ কভাৰ পৰিষ্কাৰ কৰাত ফলপ্ৰসূ। ফোনৰ কভাৰত ২-৩ মিনিট টুথপেষ্ট লগাই ৰাখিব আৰু তাৰপাছত গৰম পানীৰে ধুই পেলাব। এনে কৰিলে ফোনৰ কভাৰৰ দাগ আঁতৰি যায়।

২)লিপষ্টিকৰ দাগঃ কাপোৰত যদি লিপষ্টিকৰ দাগ লাগে, তেন্তে আঁতৰোৱাটো অতি কঠিন, যদি আমি আঁতৰাবলৈ চেষ্টা কৰো, তেন্তে কেতিয়াবা দেখা যায় যে দাগবোৰ বেছি ঠাইত বিয়পি পৰে। কাপোৰৰ য’ত দাগ আছে তাত টুথপেষ্ট লগাই কিছু সময় থৈ দিব, তাৰপাছত ব্ৰাছেৰে ঘঁহি পৰিষ্কাৰ কৰিলে লিপষ্টিকৰ দাগ আঁতৰি যাব।

৩)চাহৰ চিনঃ বহু সময়ত চাহ একাপ ৰখাৰ পাছত কাঁচৰ টেবুলত দাগ ৰৈ যায়। বেছি সময় পৰিষ্কাৰ নকৰিলে দাগটো আঁতৰোৱাত অসুবিধা হয়। টেবুলত থকা চাহৰ দাগবোৰ টুথপেষ্টেৰে পৰিষ্কাৰ কৰিলে সহজে আঁতৰি যায়। 

৪)গহনাৰ ক'লা দাগঃ ৰূপৰ অলংকাৰবোৰ পুৰণি হ’লে ক’লা হৈ পৰে। ইয়াক টুথপেষ্টেৰে পৰিষ্কাৰ কৰিব পাৰি। এই কৌশল মহিলাৰ বাবে অতি উপকাৰী। টুথপেষ্ট লগাই ৰূপৰ অলংকাৰৰ জিলিকনি ঘূৰাই আনিব পাৰি। ২০ মিনিটৰ বাবে গহনাত টুথপেষ্ট লগাই দিয়াৰ পিছত ব্ৰাছেৰে পৰিষ্কাৰ কৰিলে সকলো ক’লা ৰং আঁতৰি যাব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক