--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  টুথপেষ্ট এনে উপাদানৰ পৰা তৈয়াৰ কৰা হয় যিবোৰৰ পৰিষ্কাৰকৰণৰ গুণ আছে। আমাৰ দাঁত বগা কৰা টুথপেষ্টত এনে বহুতো উপাদান পোৱা যায় যিয়ে যিকোনো কঠিনতম দাগ সহজে আঁতৰাই পেলায়। টুথপেষ্ট ব্যৱহাৰ কৰি ঘৰৰ কি কি বস্তু চাফা কৰিব পাৰি জানো আহক।

১)ফোন কভাৰঃ আমাৰ ফোনটোৰ কভাৰত থকা দাগ আঁতৰোৱাটো কঠিন। টুথপেষ্ট ফোনৰ কভাৰ পৰিষ্কাৰ কৰাত ফলপ্ৰসূ। ফোনৰ কভাৰত ২-৩ মিনিট টুথপেষ্ট লগাই ৰাখিব আৰু তাৰপাছত গৰম পানীৰে ধুই পেলাব। এনে কৰিলে ফোনৰ কভাৰৰ দাগ আঁতৰি যায়।

২)লিপষ্টিকৰ দাগঃ কাপোৰত যদি লিপষ্টিকৰ দাগ লাগে, তেন্তে আঁতৰোৱাটো অতি কঠিন, যদি আমি আঁতৰাবলৈ চেষ্টা কৰো, তেন্তে কেতিয়াবা দেখা যায় যে দাগবোৰ বেছি ঠাইত বিয়পি পৰে। কাপোৰৰ য’ত দাগ আছে তাত টুথপেষ্ট লগাই কিছু সময় থৈ দিব, তাৰপাছত ব্ৰাছেৰে ঘঁহি পৰিষ্কাৰ কৰিলে লিপষ্টিকৰ দাগ আঁতৰি যাব।

৩)চাহৰ চিনঃ বহু সময়ত চাহ একাপ ৰখাৰ পাছত কাঁচৰ টেবুলত দাগ ৰৈ যায়। বেছি সময় পৰিষ্কাৰ নকৰিলে দাগটো আঁতৰোৱাত অসুবিধা হয়। টেবুলত থকা চাহৰ দাগবোৰ টুথপেষ্টেৰে পৰিষ্কাৰ কৰিলে সহজে আঁতৰি যায়। 

৪)গহনাৰ ক'লা দাগঃ ৰূপৰ অলংকাৰবোৰ পুৰণি হ’লে ক’লা হৈ পৰে। ইয়াক টুথপেষ্টেৰে পৰিষ্কাৰ কৰিব পাৰি। এই কৌশল মহিলাৰ বাবে অতি উপকাৰী। টুথপেষ্ট লগাই ৰূপৰ অলংকাৰৰ জিলিকনি ঘূৰাই আনিব পাৰি। ২০ মিনিটৰ বাবে গহনাত টুথপেষ্ট লগাই দিয়াৰ পিছত ব্ৰাছেৰে পৰিষ্কাৰ কৰিলে সকলো ক’লা ৰং আঁতৰি যাব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ