--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কিছুদিন পূৰ্বে পাকিস্তানৰ জনপ্ৰিয় সংগীতৰ অনুষ্ঠান ক’ক ষ্টুডিঅ’ৰ ১৪ সংখ্যক ছিজনত 'কানা য়াৰী' শীৰ্ষক এটি গানেৰে বিখ্যাত হৈ পৰিছিল এজন গায়ক। তেওঁৰ কণ্ঠ তথা গায়ন শৈলীয়ে মুহূৰ্তৰ ভিতৰতে অপাৰ জনপ্ৰিয়তা লাভ কৰিছিল, বিশ্বজুৰি তাৎক্ষণিকভাৱে সৃষ্টি হৈছিল তেওঁৰ অলেখ অনুৰাগী। তাৰ পূৰ্বেও ২০১৯ চনত অক্ষয় কুমাৰ অভিনীত বলীউডৰ চিনেমা ‘কেশৰী’ৰ ‘তেৰী মিট্টী’ শীৰ্ষক গানটো বেলুচ ভাষাত পৰিৱেশন কৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ এই গায়কগৰাকী। এই গায়কগৰাকীৰ নাম আছিল ৱাহাব আলী বুগতি। 

মূলত: বেলুচ লোক সংগীতৰ সাধক বুগতিয়ে স্থানীয়ভাৱে অনুষ্ঠিত হোৱা অনুষ্ঠানত সংগীত পৰিৱেশন কৰি আহিছিল যদিও ক’ক ষ্টুডিঅ’ৰ বিশেষ গানটোৰ পিছত অভুতপূৰ্ব জনপ্ৰিয়তা অৰ্জন কৰিছিল। পিছে জনপ্ৰিয়তা অৰ্জন কৰিলেও বুগতিৰ নাছিল তেনে কোনো বিশাল সা-সম্পত্তি কিম্বা বসবাবৰ বাবে বিয়াগোম অট্টালিকা। এটা সৰু মাটিৰে নিৰ্মিত গৃহত পৰিয়ালৰ সৈতে বাস কৰা বুগতি সম্প্ৰতি পৰিছে তীব্ৰ সংকটত। 

বেলুচিস্তানত সৃষ্টি হোৱা প্ৰলয়ংকাৰী বানে আন অলেখ লোকৰ দৰে ক্ষতিগ্ৰস্ত কৰিছে বুগতিকো। উটুৱাই নিছে বাসগৃহ। আৰু তাৰ পিছতে গৃহহীন হৈ পৰা বুগতিয়ে পৰিয়ালৰ সৈতে কটাইছে পথৰ ওপৰত বা কোনো ওখ আশ্ৰয়স্থলীত। বানত সৰ্বশ্ৰান্ত হোৱা বুগতিৰ এই পশোকাৱহ পৰিস্থিতিক তুলি ধৰা খবৰ ইতিমধ্যে বিশ্বজুৰি বিয়পি পৰিছে, ভাইৰেল হৈছে তেওঁৰ এই অৱস্থাৰ দৃশ্য প্ৰতিফলিত কৰা ফটো।  

বুগতিৰ এই অৱস্থাত দুখ প্ৰকাশ কৰি তেওঁৰ অলেখ অনুৰাগীয়ে সামাজিতক মাধ্যমত শ্বেয়াৰ কৰিছে বহু ফটো। তাৰ পিছতেই বেলুচিস্তান বান সাহায্য পেজে টুইটাৰত এই খবৰ নিশ্চিত কৰে আৰু তেওঁ এতিয়াও এনে পৰিস্থিতিতে আৱদ্ধ হৈ আছে বুলি সদৰী কৰে। টুইটটোত লগতে বুগতিৰ এটা বেংক একাউন্ট নম্বৰ সংযোগ কৰি বুগতিৰ বাবে আৰ্থিক সাহায্যৰ বাবেও আহ্বান জনায়। 

বেলুচ গায়ক গৰাকীৰ এই অৱস্থাৰ বিষয়ে জানিব পৰাৰ পিছতে সামাজিক মাধ্যমত তেওঁৰ অসংখ্য অনুৰাগীয়ে সহায়ৰ হাত আগবঢ়াইছে। প্ৰতিভাশালী গায়কগৰাকীক সহায় কৰিবলৈ পাকিস্তান প্ৰশাসনকো আহ্বান জনাইছে অনুৰাগীসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু