--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কিছুদিন পূৰ্বে পাকিস্তানৰ জনপ্ৰিয় সংগীতৰ অনুষ্ঠান ক’ক ষ্টুডিঅ’ৰ ১৪ সংখ্যক ছিজনত 'কানা য়াৰী' শীৰ্ষক এটি গানেৰে বিখ্যাত হৈ পৰিছিল এজন গায়ক। তেওঁৰ কণ্ঠ তথা গায়ন শৈলীয়ে মুহূৰ্তৰ ভিতৰতে অপাৰ জনপ্ৰিয়তা লাভ কৰিছিল, বিশ্বজুৰি তাৎক্ষণিকভাৱে সৃষ্টি হৈছিল তেওঁৰ অলেখ অনুৰাগী। তাৰ পূৰ্বেও ২০১৯ চনত অক্ষয় কুমাৰ অভিনীত বলীউডৰ চিনেমা ‘কেশৰী’ৰ ‘তেৰী মিট্টী’ শীৰ্ষক গানটো বেলুচ ভাষাত পৰিৱেশন কৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ এই গায়কগৰাকী। এই গায়কগৰাকীৰ নাম আছিল ৱাহাব আলী বুগতি। 

মূলত: বেলুচ লোক সংগীতৰ সাধক বুগতিয়ে স্থানীয়ভাৱে অনুষ্ঠিত হোৱা অনুষ্ঠানত সংগীত পৰিৱেশন কৰি আহিছিল যদিও ক’ক ষ্টুডিঅ’ৰ বিশেষ গানটোৰ পিছত অভুতপূৰ্ব জনপ্ৰিয়তা অৰ্জন কৰিছিল। পিছে জনপ্ৰিয়তা অৰ্জন কৰিলেও বুগতিৰ নাছিল তেনে কোনো বিশাল সা-সম্পত্তি কিম্বা বসবাবৰ বাবে বিয়াগোম অট্টালিকা। এটা সৰু মাটিৰে নিৰ্মিত গৃহত পৰিয়ালৰ সৈতে বাস কৰা বুগতি সম্প্ৰতি পৰিছে তীব্ৰ সংকটত। 

বেলুচিস্তানত সৃষ্টি হোৱা প্ৰলয়ংকাৰী বানে আন অলেখ লোকৰ দৰে ক্ষতিগ্ৰস্ত কৰিছে বুগতিকো। উটুৱাই নিছে বাসগৃহ। আৰু তাৰ পিছতে গৃহহীন হৈ পৰা বুগতিয়ে পৰিয়ালৰ সৈতে কটাইছে পথৰ ওপৰত বা কোনো ওখ আশ্ৰয়স্থলীত। বানত সৰ্বশ্ৰান্ত হোৱা বুগতিৰ এই পশোকাৱহ পৰিস্থিতিক তুলি ধৰা খবৰ ইতিমধ্যে বিশ্বজুৰি বিয়পি পৰিছে, ভাইৰেল হৈছে তেওঁৰ এই অৱস্থাৰ দৃশ্য প্ৰতিফলিত কৰা ফটো।  

বুগতিৰ এই অৱস্থাত দুখ প্ৰকাশ কৰি তেওঁৰ অলেখ অনুৰাগীয়ে সামাজিতক মাধ্যমত শ্বেয়াৰ কৰিছে বহু ফটো। তাৰ পিছতেই বেলুচিস্তান বান সাহায্য পেজে টুইটাৰত এই খবৰ নিশ্চিত কৰে আৰু তেওঁ এতিয়াও এনে পৰিস্থিতিতে আৱদ্ধ হৈ আছে বুলি সদৰী কৰে। টুইটটোত লগতে বুগতিৰ এটা বেংক একাউন্ট নম্বৰ সংযোগ কৰি বুগতিৰ বাবে আৰ্থিক সাহায্যৰ বাবেও আহ্বান জনায়। 

বেলুচ গায়ক গৰাকীৰ এই অৱস্থাৰ বিষয়ে জানিব পৰাৰ পিছতে সামাজিক মাধ্যমত তেওঁৰ অসংখ্য অনুৰাগীয়ে সহায়ৰ হাত আগবঢ়াইছে। প্ৰতিভাশালী গায়কগৰাকীক সহায় কৰিবলৈ পাকিস্তান প্ৰশাসনকো আহ্বান জনাইছে অনুৰাগীসকলে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাৱৰ ১১৪ বছৰীয়া কিংবদন্তী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দুৰ্ঘটনাত কৰুণ মৃত্যু
ছমাহত ৩৭১টা মার্কিন কোম্পানী দেউলীয়া ; ট্রাম্পৰ শুল্ক নীতিয়ে আমেৰিকাৰ অৰ্থনীতিলৈ আনিছে প্রত্যাহ্বান
'প্ৰাগে দৈনিক জনমভূমিৰ দৰে ঐতিহ্যমণ্ডিত কাকতৰ দায়িত্ব লোৱাটো এক সোণসেৰীয়া অধ্যায়'
প্ৰাগ নিউজৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
পৰ্ণ জগতত ভৰি দিয়া নাই অর্চিতা ফুকনে
অসমীয়া সাহিত্যৰ বিশ্বমুখী যাত্রা, 'বুঢ়ী আইৰ সাধু'ৰ ওড়িয়া সংস্কৰণ উন্মোচন
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে