--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ উপ মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰী মনীষ চিছোদিয়াৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰিছে। মানহানি সম্পৰ্কীয়  গোচৰটো কামৰূপ গ্ৰাম্য জিলাৰ চিজেএম আদালতত ৩০ জুনত দাখিল কৰা হৈছে। দৰাচলতে, মনীষ চিছোদিয়াই ৪ জুনত এখন সংবাদমেলৰ আয়োজন কৰিছিল আৰু মুখ্যমন্ত্ৰী শৰ্মাৰ পত্নীৰ বিৰুদ্ধে বহুতো গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল লগতে  মুখ্যমন্ত্ৰী শৰ্মাৰ সৈতে সংযুক্ত কৰিছিল।

যোৱা ৪ জুনত দিল্লীৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলযোগে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ভ্ৰষ্টাচাৰৰ অভিযোগ তুলিছিল। আৰু এই অভিযোগক মিছা আখ্যা দি হিমন্তই তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। ইতিমধ্যে গোচৰৰ শুনানি লৈ আদালতে চিছোদিয়ালৈ জাননী জাৰি কৰা বুলিও জানিব পৰা গৈছে। উল্লেখ্য যে, ক’ভিডৰ সময়ত মুখ্যমন্ত্ৰী হিমন্তই তেওঁৰ পৰিয়ালৰ কোম্পানীক পিপিই কীটৰ ঠিকা দিয়া বুলি সংবাদমেলখনত অভিযোগ উত্থাপন কৰিছিল চিছোদিয়াই।
ইফালে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ এই সকলো অভিযোগক ভিত্তিহীন আখ্যা দি অসম চৰকাৰৰ মহাধিবক্তা দেৱজিত শইকীয়াই সংবাদমেলত কয়, ‘জেচিবি ইণ্ডাষ্ট্ৰিজে এন এইচ্চ এমৰ পৰা কোনো ধৰণৰ টকা লোৱা নাছিল। ঠিকাৰ বাবে আবেদনো কৰা নাছিল। দিল্লীৰ উপ-মুখ্যমন্ত্ৰীয়ে অপবাদ দিছে মুখ্যমন্ত্ৰীৰ পৰিয়ালক’।


উপ মুখ্যমন্ত্ৰী চিছোদিয়াই অভিযোগ কৰিছিল যে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন জেচিবি কোম্পানীবোৰে কভিডৰ সময়ত পিপিই কিটৰ নিবিদা প্ৰক্ৰিয়াত খেলিমেলি কৰিছিল। গোচৰটো ৩০ জুনত পঞ্জীয়ন কৰা হৈছিল। উল্লেখ্য যে, মানহানিকৰ বুলি প্ৰমাণিত হ'লে চিছোদিয়াই ২ বছৰলৈকে শাস্তিৰ সন্মুখীন হ'ব লাগিব।

ইয়াৰ পূৰ্বে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিঙ্কি ভূঞা শৰ্মাই পিপিই কিট ক্ৰয় গোচৰত জালিয়াতিৰ অভিযোগত আপ নেতা তথা দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক