--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ উপ মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰী মনীষ চিছোদিয়াৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰিছে। মানহানি সম্পৰ্কীয়  গোচৰটো কামৰূপ গ্ৰাম্য জিলাৰ চিজেএম আদালতত ৩০ জুনত দাখিল কৰা হৈছে। দৰাচলতে, মনীষ চিছোদিয়াই ৪ জুনত এখন সংবাদমেলৰ আয়োজন কৰিছিল আৰু মুখ্যমন্ত্ৰী শৰ্মাৰ পত্নীৰ বিৰুদ্ধে বহুতো গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল লগতে  মুখ্যমন্ত্ৰী শৰ্মাৰ সৈতে সংযুক্ত কৰিছিল।

যোৱা ৪ জুনত দিল্লীৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলযোগে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ভ্ৰষ্টাচাৰৰ অভিযোগ তুলিছিল। আৰু এই অভিযোগক মিছা আখ্যা দি হিমন্তই তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। ইতিমধ্যে গোচৰৰ শুনানি লৈ আদালতে চিছোদিয়ালৈ জাননী জাৰি কৰা বুলিও জানিব পৰা গৈছে। উল্লেখ্য যে, ক’ভিডৰ সময়ত মুখ্যমন্ত্ৰী হিমন্তই তেওঁৰ পৰিয়ালৰ কোম্পানীক পিপিই কীটৰ ঠিকা দিয়া বুলি সংবাদমেলখনত অভিযোগ উত্থাপন কৰিছিল চিছোদিয়াই।
ইফালে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ এই সকলো অভিযোগক ভিত্তিহীন আখ্যা দি অসম চৰকাৰৰ মহাধিবক্তা দেৱজিত শইকীয়াই সংবাদমেলত কয়, ‘জেচিবি ইণ্ডাষ্ট্ৰিজে এন এইচ্চ এমৰ পৰা কোনো ধৰণৰ টকা লোৱা নাছিল। ঠিকাৰ বাবে আবেদনো কৰা নাছিল। দিল্লীৰ উপ-মুখ্যমন্ত্ৰীয়ে অপবাদ দিছে মুখ্যমন্ত্ৰীৰ পৰিয়ালক’।


উপ মুখ্যমন্ত্ৰী চিছোদিয়াই অভিযোগ কৰিছিল যে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন জেচিবি কোম্পানীবোৰে কভিডৰ সময়ত পিপিই কিটৰ নিবিদা প্ৰক্ৰিয়াত খেলিমেলি কৰিছিল। গোচৰটো ৩০ জুনত পঞ্জীয়ন কৰা হৈছিল। উল্লেখ্য যে, মানহানিকৰ বুলি প্ৰমাণিত হ'লে চিছোদিয়াই ২ বছৰলৈকে শাস্তিৰ সন্মুখীন হ'ব লাগিব।

ইয়াৰ পূৰ্বে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিঙ্কি ভূঞা শৰ্মাই পিপিই কিট ক্ৰয় গোচৰত জালিয়াতিৰ অভিযোগত আপ নেতা তথা দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ