--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ 'মোডীৰ শাসন কালত দেশত নাথাকিব এজনো নিবনুৱা'-২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহৰ এইটোৱেই আছিল বিজেপিৰ অন্যতম প্ৰতিশ্ৰুতি। কিন্তু প্ৰকৃতাৰ্থত দেশৰ নিবনুৱা সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হল মোডী চৰকাৰ। নিৱনুৱা সমস্যা দূৰ কৰাটো যে মোডীৰ কেৱল এক নিৰ্বাচনী প্ৰতিশ্ৰুতিহে আছিল বিগত বছৰকেইটাত তাকেই প্ৰমাণ হ'ল।

 দেশৰ বিভিন্ন প্ৰান্তত বহু যুৱক-যুৱতীয়ে এতিয়া এটা চাকৰি বা সংস্থাপনৰ বাবে হাহাকাৰ কৰি আছে। কৃষি কৰ্মত নিয়োজিত হব পৰাকৈ বহুতৰে খেতি মাটি নাই। আনহাতে চৰকাৰী লোনৰ সুবিধা লাভ কৰিবলৈ নাই মডগেজ হিচাপে বিঘাই বিঘাই মাটি। আনহাতে দেশৰ অধিকসংখ্যক চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান মোডী চৰকাৰে ব্যক্তিগত খণ্ডৰ হাতত চমজাই দিয়াত হ্ৰাস পাইছে চৰকাৰী চাকৰিৰ সংখ্যা। যাৰ ফলত ব্যক্তিগত খণ্ডৰ স্বত্বাধিকাৰসকলে নিজৰ লাভৰ স্বাৰ্থত কম লোকেৰে অধিক কাম কৰাই আহিছে। এনে পৰিপ্ৰেক্ষিতত ব্যক্তিগত খণ্ডৰ খালী পদৰ সংখ্যাও হ্ৰাস পাইছে। ফলত উচ্চ শিক্ষা লাভ কৰিও ঘৰতে বহি থাকি হতাশাত ভূগিছে যুৱ প্ৰজন্ম।এনে সময়তে নিবনুৱা জীৱনৰ প্ৰতি ভাৰাক্ৰান্ত হৈ আত্মহত্যাৰ দৰে পথ বাছি লৈছে বহু যুৱক-যুৱতীয়ে।

 ইফালে শেহতীয়াকৈ বিজেপি দলৰে সাংসদ বৰুণ গান্ধীয়ে উদঙালে নিজ দলৰেই ফোপোলা স্বৰূপ । বিজেপিৰ সাংসদ বৰুণ গান্ধীয়ে আকৌ এবাৰ নিজ দলৰ চৰকাৰকে নিবনুৱা সমস্যাক লৈ জবাবদিহি কৰিলে। বিজেপিৰ সাংসদজনৰ মতে ২০১৮ৰ পৰা ২০২০ বৰ্ষৰ সময়ছোৱাত ভাৰতত কর্মসংস্থাপনহীনতাত ভুগি ২৫ হেজাৰ যুৱক যুৱতীয়ে আত্মহত্যা কৰিলে,এইক্ষেত্ৰত যুৱ প্ৰজন্মক সংস্থাপন প্ৰদান কৰাটো চৰকাৰৰ কৰ্তব্য ।টুইটাৰ যোগে বৰুণ গান্ধীয়ে শীঘ্ৰেই খালী থকা চৰকাৰী পদত নিযুক্তিৰ দাবী উত্থাপন কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ