--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ 'মোডীৰ শাসন কালত দেশত নাথাকিব এজনো নিবনুৱা'-২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহৰ এইটোৱেই আছিল বিজেপিৰ অন্যতম প্ৰতিশ্ৰুতি। কিন্তু প্ৰকৃতাৰ্থত দেশৰ নিবনুৱা সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হল মোডী চৰকাৰ। নিৱনুৱা সমস্যা দূৰ কৰাটো যে মোডীৰ কেৱল এক নিৰ্বাচনী প্ৰতিশ্ৰুতিহে আছিল বিগত বছৰকেইটাত তাকেই প্ৰমাণ হ'ল।

 দেশৰ বিভিন্ন প্ৰান্তত বহু যুৱক-যুৱতীয়ে এতিয়া এটা চাকৰি বা সংস্থাপনৰ বাবে হাহাকাৰ কৰি আছে। কৃষি কৰ্মত নিয়োজিত হব পৰাকৈ বহুতৰে খেতি মাটি নাই। আনহাতে চৰকাৰী লোনৰ সুবিধা লাভ কৰিবলৈ নাই মডগেজ হিচাপে বিঘাই বিঘাই মাটি। আনহাতে দেশৰ অধিকসংখ্যক চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান মোডী চৰকাৰে ব্যক্তিগত খণ্ডৰ হাতত চমজাই দিয়াত হ্ৰাস পাইছে চৰকাৰী চাকৰিৰ সংখ্যা। যাৰ ফলত ব্যক্তিগত খণ্ডৰ স্বত্বাধিকাৰসকলে নিজৰ লাভৰ স্বাৰ্থত কম লোকেৰে অধিক কাম কৰাই আহিছে। এনে পৰিপ্ৰেক্ষিতত ব্যক্তিগত খণ্ডৰ খালী পদৰ সংখ্যাও হ্ৰাস পাইছে। ফলত উচ্চ শিক্ষা লাভ কৰিও ঘৰতে বহি থাকি হতাশাত ভূগিছে যুৱ প্ৰজন্ম।এনে সময়তে নিবনুৱা জীৱনৰ প্ৰতি ভাৰাক্ৰান্ত হৈ আত্মহত্যাৰ দৰে পথ বাছি লৈছে বহু যুৱক-যুৱতীয়ে।

 ইফালে শেহতীয়াকৈ বিজেপি দলৰে সাংসদ বৰুণ গান্ধীয়ে উদঙালে নিজ দলৰেই ফোপোলা স্বৰূপ । বিজেপিৰ সাংসদ বৰুণ গান্ধীয়ে আকৌ এবাৰ নিজ দলৰ চৰকাৰকে নিবনুৱা সমস্যাক লৈ জবাবদিহি কৰিলে। বিজেপিৰ সাংসদজনৰ মতে ২০১৮ৰ পৰা ২০২০ বৰ্ষৰ সময়ছোৱাত ভাৰতত কর্মসংস্থাপনহীনতাত ভুগি ২৫ হেজাৰ যুৱক যুৱতীয়ে আত্মহত্যা কৰিলে,এইক্ষেত্ৰত যুৱ প্ৰজন্মক সংস্থাপন প্ৰদান কৰাটো চৰকাৰৰ কৰ্তব্য ।টুইটাৰ যোগে বৰুণ গান্ধীয়ে শীঘ্ৰেই খালী থকা চৰকাৰী পদত নিযুক্তিৰ দাবী উত্থাপন কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক