--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাক্ষ্য দিবলৈ আদালতলৈ অনা হৈছিল। কিন্তু ভিৰৰ সুযোগ লৈ এটি বান্দৰ পোৱালি পলাই গ’ল। আৰু পাকিস্তানৰ কৰাচীৰ আদালত চৌহদত সেই সৰু বান্দৰটোক লৈ যথেষ্ট হুলস্থুলৰ সৃষ্টি হয়।

জানিব পৰা মতে, ১৪টা বান্দৰৰ পোৱালিক লৈ চোৰাং সৰবৰাহ কৰি থকা অৱস্থাত দুজন লোকক আৰক্ষীয়ে ধৰিছিল। আদালতত হাজিৰ হ’বলৈ অনা হৈছিল পোৱালিকেইটা। কিন্তু সাক্ষ্য দিয়াৰ সলনি এটি বান্দৰ পোৱালিয়ে পুলিচ আৰু আদালতৰ কৰ্মীৰ চকুত ধূলী দি পলায় যায়।

যোৱা বৃহস্পতিবাৰে আৰক্ষীয়ে কৰাচীৰ উপকণ্ঠ অঞ্চলৰ পৰা ১৪টা বান্দৰৰ পোৱালি সৰবৰাহ কৰাৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰিছিল। শুকুৰবাৰে কৰাচী আদালতত হাজিৰ কৰোৱা হয় দুয়োকে। সেই সময়ত জব্দ কৰা বান্দৰৰ পোৱালিবোৰো অনা হৈছিল।

তাৰ মাজৰে এটা বান্দৰৰ পোৱালি পলায়ন কৰে। আদালত স্তম্ভিত হৈ পৰিল। বান্দৰৰ পোৱালিটোৱে বেৰৰ ওপৰেৰে, ছাদৰ সিপাৰে আৰু গছ এজোপাৰ ওপৰেৰে জপিয়াই পলায় যায়।

উল্লেখ্য যে বন্যপ্ৰাণী ৰখাটো পাকিস্তানত অবৈধ। কিন্তু আইনক বুঢ়া আঙুলি দেখুৱাই বন্যপ্ৰাণী সৰবৰাহ চলি আছে। প্ৰশ্নোত্তৰ শুনানিৰ অন্তত শুকুৰবাৰে আদালতে  গ্ৰেপ্তাৰ হোৱা লোক দুজনক এক লাখ টকাৰ জৰিমনা বিহে। আদালতে বান্দৰৰ পোৱালিকেইটা কৰাচী চিৰিয়াখানা কৰ্তৃপক্ষক গতাই দিবলৈও নিৰ্দেশ দিয়ে।

অৱশ্যে আদালতৰ এই নিৰ্দেশক সমালোচনা কৰিছে পাকিস্তানৰ পশুপ্ৰেমীসকলে। তেওঁলোকে দাবী কৰে যে পাকিস্তানৰ চিৰিয়াখানাসমূহৰ অৱস্থা দুখজনক। তাত ৰাখিলে বান্দৰৰ মৃত্যু নিশ্চিত। ইছলামবাগ চিৰিয়াখানাখনো অপব্যৱস্থাপনাৰ বাবে ২০২০ চনত বন্ধ কৰাৰ নিৰ্দেশ দিয়ে আদালতে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে