--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাক্ষ্য দিবলৈ আদালতলৈ অনা হৈছিল। কিন্তু ভিৰৰ সুযোগ লৈ এটি বান্দৰ পোৱালি পলাই গ’ল। আৰু পাকিস্তানৰ কৰাচীৰ আদালত চৌহদত সেই সৰু বান্দৰটোক লৈ যথেষ্ট হুলস্থুলৰ সৃষ্টি হয়।

জানিব পৰা মতে, ১৪টা বান্দৰৰ পোৱালিক লৈ চোৰাং সৰবৰাহ কৰি থকা অৱস্থাত দুজন লোকক আৰক্ষীয়ে ধৰিছিল। আদালতত হাজিৰ হ’বলৈ অনা হৈছিল পোৱালিকেইটা। কিন্তু সাক্ষ্য দিয়াৰ সলনি এটি বান্দৰ পোৱালিয়ে পুলিচ আৰু আদালতৰ কৰ্মীৰ চকুত ধূলী দি পলায় যায়।

যোৱা বৃহস্পতিবাৰে আৰক্ষীয়ে কৰাচীৰ উপকণ্ঠ অঞ্চলৰ পৰা ১৪টা বান্দৰৰ পোৱালি সৰবৰাহ কৰাৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰিছিল। শুকুৰবাৰে কৰাচী আদালতত হাজিৰ কৰোৱা হয় দুয়োকে। সেই সময়ত জব্দ কৰা বান্দৰৰ পোৱালিবোৰো অনা হৈছিল।

তাৰ মাজৰে এটা বান্দৰৰ পোৱালি পলায়ন কৰে। আদালত স্তম্ভিত হৈ পৰিল। বান্দৰৰ পোৱালিটোৱে বেৰৰ ওপৰেৰে, ছাদৰ সিপাৰে আৰু গছ এজোপাৰ ওপৰেৰে জপিয়াই পলায় যায়।

উল্লেখ্য যে বন্যপ্ৰাণী ৰখাটো পাকিস্তানত অবৈধ। কিন্তু আইনক বুঢ়া আঙুলি দেখুৱাই বন্যপ্ৰাণী সৰবৰাহ চলি আছে। প্ৰশ্নোত্তৰ শুনানিৰ অন্তত শুকুৰবাৰে আদালতে  গ্ৰেপ্তাৰ হোৱা লোক দুজনক এক লাখ টকাৰ জৰিমনা বিহে। আদালতে বান্দৰৰ পোৱালিকেইটা কৰাচী চিৰিয়াখানা কৰ্তৃপক্ষক গতাই দিবলৈও নিৰ্দেশ দিয়ে।

অৱশ্যে আদালতৰ এই নিৰ্দেশক সমালোচনা কৰিছে পাকিস্তানৰ পশুপ্ৰেমীসকলে। তেওঁলোকে দাবী কৰে যে পাকিস্তানৰ চিৰিয়াখানাসমূহৰ অৱস্থা দুখজনক। তাত ৰাখিলে বান্দৰৰ মৃত্যু নিশ্চিত। ইছলামবাগ চিৰিয়াখানাখনো অপব্যৱস্থাপনাৰ বাবে ২০২০ চনত বন্ধ কৰাৰ নিৰ্দেশ দিয়ে আদালতে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস