--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টুইটাৰৰ নীলা চৰাইটো বিশ্বৰ প্ৰায়ভাগ লোকৰেই চিনাকি। কিন্তু এই নীলা চৰাইটো হয়তো আৰু বেছিদিন টুইটাৰত লগো হিচাবে ব্যৱহাৰ হৈ নাথাকিব।টুইটাৰৰ নীলা চৰাইটো আঁতৰ কৰাৰ এক ইংগিত পোৱা গৈছে।  জনপ্ৰিয় মাইক্ৰ'ব্লগিং ছাইটটোৰ পৰা নীলা চৰাইৰ লগো আঁতৰ কৰাৰ ইংগিত দিছে খোদ টুইটাৰৰ গৰাকী ইলন মাস্কেই। 

 টেছলাৰ কাৰ্যবাহীগৰাকীৰ  টুইটক লৈ যথেষ্ট চৰ্চা হোৱা পৰিলক্ষিত হৈছে। তেওঁ প্ৰকৃততে টুইটত কি লিখিছে? তেওঁ লিখিছে , "আমি অতি সোনকালেই টুইটাৰ ব্ৰেণ্ডক বিদায় দিম। লাহে লাহে, সকলো চৰাই।" তেওঁৰ পোষ্টৰ পিছত, প্ৰশ্ন  উত্থাপন হৈছে  মাস্কে কেনে ধৰণৰ পৰিৱৰ্তন ক’ব বিচাৰিছে? আনকি বহুতে এই বুলিও সন্দেহ কৰিছে যে টুইটাৰ বন্ধ কৰা হ'ব নেকি? কিন্তু মাস্কে  সম্ভৱতঃ টুইটাৰ বন্ধ কৰাৰ কথা কোৱা নাই। তেওঁ প্ৰকৃততে টুইটাৰৰ ৰিব্ৰেণ্ড কৰিবলৈ গৈ আছে। তেওঁৰ টুইটটোৰ পৰা বুজিব পাৰি যে  টুইটাৰৰ নীলা চৰাইৰ প্ৰস্থান হোৱাটো হয়তো নিশ্চিত।


মন কৰিবলগীয়া কথাটো হ’ল  চিনাকি নীলা চৰাইটো পূৰ্বে  টুইটাৰৰ হোমপেজৰ পৰা আঁতৰ কৰা হৈছিল। ইয়াৰ ঠাইত এটা কুকুৰৰ ছবি দিয়া হৈছিল। অৱশ্যে, কেইদিনমানৰ ভিতৰতে নীলা চৰাইৰ লগোটো  পুনৰ ঘূৰাই অনা হৈছিল।যোৱা বছৰ টুইটাৰ কোটিপতি মাস্কে ক্ৰয় কৰিছিল। তেতিয়াৰে  পৰা তেওঁ টুইটাৰত কেইবাটাও পৰিৱৰ্তন আনিছে। বহু কৰ্মচাৰীক হিদায় দিয়া  হৈছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে