--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টুইটাৰৰ নীলা চৰাইটো বিশ্বৰ প্ৰায়ভাগ লোকৰেই চিনাকি। কিন্তু এই নীলা চৰাইটো হয়তো আৰু বেছিদিন টুইটাৰত লগো হিচাবে ব্যৱহাৰ হৈ নাথাকিব।টুইটাৰৰ নীলা চৰাইটো আঁতৰ কৰাৰ এক ইংগিত পোৱা গৈছে।  জনপ্ৰিয় মাইক্ৰ'ব্লগিং ছাইটটোৰ পৰা নীলা চৰাইৰ লগো আঁতৰ কৰাৰ ইংগিত দিছে খোদ টুইটাৰৰ গৰাকী ইলন মাস্কেই। 

 টেছলাৰ কাৰ্যবাহীগৰাকীৰ  টুইটক লৈ যথেষ্ট চৰ্চা হোৱা পৰিলক্ষিত হৈছে। তেওঁ প্ৰকৃততে টুইটত কি লিখিছে? তেওঁ লিখিছে , "আমি অতি সোনকালেই টুইটাৰ ব্ৰেণ্ডক বিদায় দিম। লাহে লাহে, সকলো চৰাই।" তেওঁৰ পোষ্টৰ পিছত, প্ৰশ্ন  উত্থাপন হৈছে  মাস্কে কেনে ধৰণৰ পৰিৱৰ্তন ক’ব বিচাৰিছে? আনকি বহুতে এই বুলিও সন্দেহ কৰিছে যে টুইটাৰ বন্ধ কৰা হ'ব নেকি? কিন্তু মাস্কে  সম্ভৱতঃ টুইটাৰ বন্ধ কৰাৰ কথা কোৱা নাই। তেওঁ প্ৰকৃততে টুইটাৰৰ ৰিব্ৰেণ্ড কৰিবলৈ গৈ আছে। তেওঁৰ টুইটটোৰ পৰা বুজিব পাৰি যে  টুইটাৰৰ নীলা চৰাইৰ প্ৰস্থান হোৱাটো হয়তো নিশ্চিত।


মন কৰিবলগীয়া কথাটো হ’ল  চিনাকি নীলা চৰাইটো পূৰ্বে  টুইটাৰৰ হোমপেজৰ পৰা আঁতৰ কৰা হৈছিল। ইয়াৰ ঠাইত এটা কুকুৰৰ ছবি দিয়া হৈছিল। অৱশ্যে, কেইদিনমানৰ ভিতৰতে নীলা চৰাইৰ লগোটো  পুনৰ ঘূৰাই অনা হৈছিল।যোৱা বছৰ টুইটাৰ কোটিপতি মাস্কে ক্ৰয় কৰিছিল। তেতিয়াৰে  পৰা তেওঁ টুইটাৰত কেইবাটাও পৰিৱৰ্তন আনিছে। বহু কৰ্মচাৰীক হিদায় দিয়া  হৈছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস