--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ বষ্টনৰ বাসিন্দা বেকী টেংগাৰে হাঁহিলে সকলোৱে আপ্লুত হোৱাটো বিচাৰিছিল। বাস্তৱত বেকিৰ মুখত হাঁহিলে কোনো টোল নপৰে। অৱশ্যে অৱশেষত অস্ত্ৰোপচাৰৰ অন্তত ২৯ বছৰীয়া বেকীয়ে নিজৰ সপোন পূৰণ কৰিলে। এই অস্ত্ৰোপচাৰৰ বাবে তেওঁৰ ১৫০০ ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ১ লাখ ২২ হাজাৰ টকা) খৰচ হৈছিল।

বেকীৰ সৰুৰে পৰাই এনেকুৱা এটা সপোন আছিল। ১৭ বছৰ বয়সত বেকীৰ এজন বন্ধুৱে তাইক গালত পিয়েৰ্চিং কৰাবলৈ ধাৰণা দিছিল। সেইবাৰ দুয়োখন গালত পিয়েৰ্চিং কৰাও হৈছিল।  কিন্তু তিনি মাহ পিছত তেওঁ পিয়েৰ্চিং খুলি দিলে।

ডাঙৰ হৈ অহাৰ লগে লগে বেকীৰ সেই চখ আকৌ বাঢ়ি আহিল। তেওঁৰ এজন বন্ধুৰ পৰা গম পাইছিল যে অস্ত্ৰোপচাৰ কৰি গালত ভুৱা টোল আনিব পাৰি। বেকিয়ে এই বিষয়ে সোধা-পোছা কৰিবলৈ ধৰিলে। বেকীয়ে ইণ্টাৰনেটত সন্ধান কৰি চায় কোনবোৰ তাৰকাৰ এই অস্ত্ৰোপচাৰ কৰা হৈছে। বহু গৱেষণাৰ অন্তত বেকিয়ে গম পায় যে অস্ত্ৰোপচাৰটো যথেষ্ট নিৰাপদ, আৰু এই অস্ত্ৰোপচাৰ কৰি ধুনীয়া হোৱা বহু লোক আছে।

চলিত বৰ্ষৰ জানুৱাৰী মাহত বেকীৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। ২০ মিনিট ধৰি চলিছিল এই অস্ত্ৰোপচাৰ। মূলতঃ গালৰ পেশীবোৰ চিলাই কৰা হয়। অস্ত্ৰোপচাৰৰ পিছত বেকী সুখী নাছিল। কাৰণটো হৈছে কৃত্ৰিম টোল অতি স্পষ্ট হৈ পৰিছিল। কিন্তু কিছুদিনৰ পাছত তেওঁ নিজক দেখি ভাল পালে।

বেকীয়ে কয়- ''অস্ত্ৰোপচাৰৰ পিছত দুদিন ধৰি মোৰ গাল দুখন ফুলি উঠিছিল। খাই বা কথা পাতি থাকোতে কোনো বিষ নাছিল যদিও বেছি জোৰেৰে হাঁহিলে বিষ হৈছিল। এন্টিবায়টিকৰ এটা কোৰ্চ তিনিদিনীয়া হয়। ইয়াৰ পিছত ক্ৰমান্বয়ে বিষটো কমি আহিল।''

কিন্তু বেকীৰ গালত  টোলটো বেছি দিন নাথাকিল। কৃত্ৰিম টোল কেইদিনমানৰ ভিতৰতে ম্লান হৈ পৰে। অৱশ্যে ডাক্তৰে সেই কথা বেকিক আগতেই কৈছিল। এতিয়া আকৌ গালৰ অস্ত্ৰোপচাৰৰ কথা ভাবিছে বেকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ