--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইজৰাইল আৰু হামাছৰ যুদ্ধই সমগ্ৰ বিশ্বৰ বিনিয়োগকাৰীসকলৰ উদ্বেগ বৃদ্ধি কৰিছে। ইয়াৰ প্ৰভাৱ এতিয়া আদানী গ্ৰুপৰ কোম্পানী আদানী বন্দৰতো দেখা গৈছে। সোমবাৰে আদানী গ্ৰুপৰ এই কোম্পানীটোত বৃহৎ হ্ৰাস পোৱা গৈছে। এই কোম্পানীটোৱে মাত্ৰ ৬ ঘন্টাত ৮,৫৬১ কোটি টকা লোকচানৰ সন্মুখীন হৈছে।

ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ইজৰাইলৰ ওপৰত হামাছে ইটোৰ পাছত সিটো ব্যাপক আক্ৰমণ চলোৱাৰ পাছত দুয়োখন দেশৰ মাজত বিষয়টো অধিক উত্তপ্ত হৈ পৰিছে। ইফালে হামাছৰ আক্ৰমণত ইজৰাইলক সমৰ্থন কৰিছে ভাৰতে। একে সময়তে ইজৰাইল আৰু হামাছৰ যুদ্ধৰ বাবে ভাৰতৰ আগশাৰীৰ ব্যৱসায়ী গৌতম আদানীয়ে বৃহৎ লোকচানৰ সন্মুখীন হৈছে।

দৰাচলতে আদানী গ্ৰুপৰ এটা কোম্পানী আদানী বন্দৰৰ ইজৰাইলতো ব্যৱসায় আছে। সোমবাৰে আদানী গ্ৰুপৰ এই কোম্পানীটোৰ শ্বেয়াৰত বৃহৎ পৰিমাণৰ পতন ঘটিছিল। শ্বেয়াৰৰ এই হ্ৰাসৰ বাবে কোম্পানীটোৰ মাৰ্কেট কেপ বিপুলভাৱে হ্ৰাস পাইছে। এই হ্ৰাসৰ বাবেই আদানী বন্দৰ আৰু ছেইজেডৰ বজাৰ মূল্যত ৮৫৬১ কোটি টকা হ্ৰাস পোৱা গৈছে।

সোমবাৰে আদানী গ্ৰুপৰ কোম্পানী আদানি প’ৰ্টছ আৰু এছ ই জেডৰ শ্বেয়াৰ ৪.৮৫ শতাংশ হ্ৰাস পায়। আদানীৰ কোম্পানীটোৰ শ্বেয়াৰ প্ৰায় ৪০ পইণ্ট হ্ৰাস পাই ৭৯০.৪৫ টকাত উপনীত হয়। শুকুৰবাৰে যেতিয়া শ্বেয়াৰ বজাৰ বন্ধ হৈছিল তেতিয়া এই কোম্পানীটোৰ শ্বেয়াৰ আছিল ৮৩০.৫০ পইচা। কিন্তু সোমবাৰে বজাৰখন খোলাৰ লগে লগে আদানী বন্দৰৰ শ্বেয়াৰৰ তীব্ৰ হ্ৰাস দেখা দিয়ে। সোমবাৰে পুৱা ৯.৩০ বজাত এই শ্বেয়াৰ ৮০১ টকাৰ স্তৰলৈ আহিছিল আৰু বজাৰ বন্ধ হোৱাৰ সময়লৈকে এই শ্বেয়াৰ পুৱা ৩.১১ বজাত ৭৯০ টকাৰ স্তৰলৈ আহিছিল। এই পতনৰ পাছত কোম্পানীটোৱে মাত্ৰ ৬ ঘণ্টাৰ ভিতৰতে ৮৫৬১ কোটি টকা লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল।

দৰাচলতে দেশখনৰ প্ৰবীণ ব্যৱসায়ী গৌতম আদানীয়ে ইজৰাইলত যথেষ্ট বিনিয়োগ কৰিছে। ইজৰাইলৰ কোম্পানী গডোটৰ সহযোগত ইজৰাইলত ১.১৮ বিলিয়ন টকা বিনিয়োগ কৰিছে আদানী গ্ৰুপৰ কোম্পানী আদানী পৰ্টছ এণ্ড এছেজে। ইজৰাইলৰ সৰ্ববৃহৎ বন্দৰ হাইফা বন্দৰৰ বাবে এই দুয়োটা কোম্পানীৰ মাজত চুক্তি হৈছে। এতিয়া ইজৰাইলৰ বেয়া পৰিৱেশৰ বাবে ভাৰতীয় শ্বেয়াৰ বজাৰতো হ্ৰাস পাইছে। শ্বেয়াৰ বজাৰত হ্ৰাস পোৱাৰ প্ৰভাৱ আদানী বন্দৰতো দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি