--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইজৰাইল আৰু হামাছৰ যুদ্ধই সমগ্ৰ বিশ্বৰ বিনিয়োগকাৰীসকলৰ উদ্বেগ বৃদ্ধি কৰিছে। ইয়াৰ প্ৰভাৱ এতিয়া আদানী গ্ৰুপৰ কোম্পানী আদানী বন্দৰতো দেখা গৈছে। সোমবাৰে আদানী গ্ৰুপৰ এই কোম্পানীটোত বৃহৎ হ্ৰাস পোৱা গৈছে। এই কোম্পানীটোৱে মাত্ৰ ৬ ঘন্টাত ৮,৫৬১ কোটি টকা লোকচানৰ সন্মুখীন হৈছে।

ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ইজৰাইলৰ ওপৰত হামাছে ইটোৰ পাছত সিটো ব্যাপক আক্ৰমণ চলোৱাৰ পাছত দুয়োখন দেশৰ মাজত বিষয়টো অধিক উত্তপ্ত হৈ পৰিছে। ইফালে হামাছৰ আক্ৰমণত ইজৰাইলক সমৰ্থন কৰিছে ভাৰতে। একে সময়তে ইজৰাইল আৰু হামাছৰ যুদ্ধৰ বাবে ভাৰতৰ আগশাৰীৰ ব্যৱসায়ী গৌতম আদানীয়ে বৃহৎ লোকচানৰ সন্মুখীন হৈছে।

দৰাচলতে আদানী গ্ৰুপৰ এটা কোম্পানী আদানী বন্দৰৰ ইজৰাইলতো ব্যৱসায় আছে। সোমবাৰে আদানী গ্ৰুপৰ এই কোম্পানীটোৰ শ্বেয়াৰত বৃহৎ পৰিমাণৰ পতন ঘটিছিল। শ্বেয়াৰৰ এই হ্ৰাসৰ বাবে কোম্পানীটোৰ মাৰ্কেট কেপ বিপুলভাৱে হ্ৰাস পাইছে। এই হ্ৰাসৰ বাবেই আদানী বন্দৰ আৰু ছেইজেডৰ বজাৰ মূল্যত ৮৫৬১ কোটি টকা হ্ৰাস পোৱা গৈছে।

সোমবাৰে আদানী গ্ৰুপৰ কোম্পানী আদানি প’ৰ্টছ আৰু এছ ই জেডৰ শ্বেয়াৰ ৪.৮৫ শতাংশ হ্ৰাস পায়। আদানীৰ কোম্পানীটোৰ শ্বেয়াৰ প্ৰায় ৪০ পইণ্ট হ্ৰাস পাই ৭৯০.৪৫ টকাত উপনীত হয়। শুকুৰবাৰে যেতিয়া শ্বেয়াৰ বজাৰ বন্ধ হৈছিল তেতিয়া এই কোম্পানীটোৰ শ্বেয়াৰ আছিল ৮৩০.৫০ পইচা। কিন্তু সোমবাৰে বজাৰখন খোলাৰ লগে লগে আদানী বন্দৰৰ শ্বেয়াৰৰ তীব্ৰ হ্ৰাস দেখা দিয়ে। সোমবাৰে পুৱা ৯.৩০ বজাত এই শ্বেয়াৰ ৮০১ টকাৰ স্তৰলৈ আহিছিল আৰু বজাৰ বন্ধ হোৱাৰ সময়লৈকে এই শ্বেয়াৰ পুৱা ৩.১১ বজাত ৭৯০ টকাৰ স্তৰলৈ আহিছিল। এই পতনৰ পাছত কোম্পানীটোৱে মাত্ৰ ৬ ঘণ্টাৰ ভিতৰতে ৮৫৬১ কোটি টকা লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল।

দৰাচলতে দেশখনৰ প্ৰবীণ ব্যৱসায়ী গৌতম আদানীয়ে ইজৰাইলত যথেষ্ট বিনিয়োগ কৰিছে। ইজৰাইলৰ কোম্পানী গডোটৰ সহযোগত ইজৰাইলত ১.১৮ বিলিয়ন টকা বিনিয়োগ কৰিছে আদানী গ্ৰুপৰ কোম্পানী আদানী পৰ্টছ এণ্ড এছেজে। ইজৰাইলৰ সৰ্ববৃহৎ বন্দৰ হাইফা বন্দৰৰ বাবে এই দুয়োটা কোম্পানীৰ মাজত চুক্তি হৈছে। এতিয়া ইজৰাইলৰ বেয়া পৰিৱেশৰ বাবে ভাৰতীয় শ্বেয়াৰ বজাৰতো হ্ৰাস পাইছে। শ্বেয়াৰ বজাৰত হ্ৰাস পোৱাৰ প্ৰভাৱ আদানী বন্দৰতো দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল