--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানত বৰ্তমান মহিলাই নৃত্য কৰাক লৈ কোনো বিতৰ্ক নহয়। কিন্তু মাত্ৰ আগৰ দশকত দেশখনত মহিলাৰ নৃত্য গীতৰ ভিডিঅ’ৰ বাবে হাড় কঁপোৱা হত্যাকাণ্ড সংঘটিত হৈছিল।

২০১২ চন। এটা বিয়াৰ ভিডিঅ’ পোহৰলৈ আহিছিল। ভিডিঅ’টোত ৫ গৰাকী মহিলাই গান গাই হাত চাপৰি বজোৱা দেখা গৈছিল। এজন যুৱকেও নাচি থকা দেখা গ’ল। আৰু আন এজন যুৱকে কেমেৰাত ধৰিলে নৃত্য-গীতৰ মুহূৰ্ত।
 
কিন্তু এই ভিডিঅ'টো অঞ্চলটোৰ বয়োজ্যেষ্ঠসকলে বৰ ভালকৈ লোৱা নাছিল। অভিযোগ উত্থাপন হৈছিল যে ৫ গৰাকী মহিলাক ‘সন্মান’ৰ বাবে হত্যা কৰিব লাগে। এই ঘটনাই পাকিস্তানক জোকাৰি গ’ল। যিটোক ‘কোহিস্তান ভিডিঅ’ কেছ’ বুলি জনা যায়।

কোহিস্তান পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ অংশ। য’ত সেই সময়ত চৰকাৰী আইন প্ৰযোজ্য নাছিল। অঞ্চলটোৰ বয়োজ্যেষ্ঠসকলেই নিয়মাৱলী প্ৰণয়ন কৰে।

আফজল কোহিস্তানী তাৰেই বাসিন্দা আছিল। আফজালৰ ৮ জন ভাতৃ। তেওঁ এখন দৰ্জীৰ দোকান চলাইছিল। যুৱকজনে আজৰি সময়ত আইন অধ্যয়ন কৰিছিল।

২০১০ চনৰ কথা। সেই সময়ত তেওঁ পত্নী আৰু দুজন ভাতৃৰ সৈতে মানচেহৰাত বাস কৰিছিল। তেওঁৰ দুই ভাতৃ বিন ইয়াছিৰ আৰু গুল নাজৰ নিজৰ গাঁও ঘদৰলৈ গৈছিল। গাঁৱত বিয়া এখন আছিল। আফজলৰ সেই দুজন ভাতৃ তালৈ গ’ল।

বিয়াঘৰত নাচ-বাগ চলি আছিল। তাত ৫ গৰাকী মহিলাই নাচি আছিল। আফজলৰ এজন ভাতৃয়ে তাৰ মাজত সোমাই পৰিল। আফজলৰ আন এজন ভাতৃয়ে নৃত্য গীতৰ ভিডিঅ’ শ্বুটিং কৰি আছিল। ভিডিঅ’টোত ৪ গৰাকী মহিলাক স্পষ্টকৈ দেখা গ’ল। অৱশ্যে পঞ্চমগৰাকী মহিলাৰ মুখখন দেখা পোৱা নগ’ল।

২০১২ চনত ২বছৰৰ পাছত হঠাৎ ইণ্টাৰনেটত এই ভিডিঅ’টো ফাদিল হৈছিল। আৰু তাৰ পিছত সেই অঞ্চলত ভিডিঅ’টোক কেন্দ্ৰ কৰি তীব্ৰ বিতৰ্ক আৰম্ভ হ’ল। ভিডিঅ'টোত মহিলাসকলে নাচিছে। তেওঁলোকৰ লগত এজন যুৱক। যিটো অঞ্চলটোৰ মাতাবাৰবোৰে একেবাৰে ভাল নাপালে। স্থানীয় পঞ্চায়তৰ 'জিৰ্গা' অসন্তুষ্ট হ’ল।

ভিডিঅ’টোত দেখা ৫ গৰাকী মহিলাক হত্যাৰ নিৰ্দেশ দিয়া হয়। তদুপৰি ভিডিঅ’টোৰ সৈতে জড়িত যুৱক দুজনকো হত্যা কৰাৰ নিৰ্দেশ দিয়ে পঞ্চায়তখনে।

২০১২ চনৰ জুন মাহত খবৰ বিয়পি পৰিছিল যে সেই ৫ গৰাকী মহিলাক পৰিয়ালৰ সন্মান ৰক্ষাৰ বাবে পিতৃ আৰু ভাতৃয়ে নিৰ্মমভাৱে হত্যা কৰিছিল। অভিযোগ অনুসৰি হত্যাকাণ্ডৰ পিছতে মৃতদেহ চুৰি হৈছিল। বাজীঘা, ছাৰিন জান, বেগম জান, আমিনা আৰু শ্বাহীন নামৰ সেই ৫ গৰাকী মহিলাৰ হত্যাৰ কথা আফজালে জানিবলৈ পালে।

আফজালে গম পালে যে তেওঁৰ এজন ভায়েকে ভিডিঅ’টো লৈছে। আৰু সেই ভিডিঅ’টোত আন এজন ভাইটিয়ে নাচিছিল। ইয়াৰ পিছতে আইনৰ ছাত্ৰ আফজালে আৰক্ষীৰ কাষ চাপিল। কিন্তু প্ৰথমে আৰক্ষীয়ে আফজালৰ অভিযোগ ল’ব বিচৰা নাছিল। কাৰণ তেতিয়া আৰক্ষীৰ ভূমিকা নামমাত্ৰহে আছিল। আইন প্ৰণয়ন আচলতে খাপ পঞ্চায়তৰ হাতত আছিল। আৰক্ষীয়ে ৫ গৰাকী মহিলা জীয়াই থকা বুলিও দাবী কৰে।

আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ পিছতো হাৰ নামানিল আফজালে। গাঁৱৰ পৰা চহৰলৈ গ’ল। বিভিন্ন বাতৰি কাকত আৰু টেলিভিছন চেনেলৰ কাৰ্যালয় পৰিদৰ্শন কৰে। গোটেই ঘটনাটোৰ কথা তেওঁ ক’লে। ২০১২ চনৰ জুন মাহত এই ঘটনাৰ খবৰ প্ৰথম পাকিস্তানী বাতৰি কাকতত প্ৰকাশ পাইছিল।

ইয়াৰ পিছত আফজালে পাকিস্তানৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে নিজা উদ্যোগত এই গোচৰটো আৰম্ভ কৰিছিল। এখন তদন্ত সমিতি গঠন কৰা হ’ল। ৫ গৰাকী মহিলা জীয়াই আছে নে নাই সেই বিষয়ে জানিবলৈ কমিটীখন কোহিস্তানলৈ যায়।

৫ গৰাকী মহিলাক তদন্ত সমিতিৰ সন্মুখত দেখুৱাই দিয়া হয়। কমিটীৰ সদস্যসকলে ৫ গৰাকী মহিলা জীয়াই থকা বুলি কয়। এই কথা আদালতত খবৰ দিয়া হয়। কিন্তু কমিটীৰ সদস্য ফৰ্জানা বাৰীৰ সন্দেহ হয়। তেওঁৰ দাবী যে দেখুওৱা ৫ গৰাকী মহিলা ভিডিঅ’টোত থকা ৫ গৰাকী মহিলা নহয়।

ফাৰ্জানাই দাবী কৰে যে এই ভিডিঅ’টো ২০১০ চনত নিৰ্মাণ কৰা হৈছিল। তাত দেখা মহিলাসকলৰ বয়স আৰু তদন্ত সমিতিলৈ দেখুওৱা ৫ গৰাকী মহিলাৰ বয়স বহুত বেলেগ। এই ক্ষেত্ৰত আফজালেও ফাৰ্জানাৰ লগত একমত হৈছিল। কিন্তু কোনো প্ৰমাণ দাখিল কৰিব নোৱাৰাৰ বাবে আদালতে গোচৰ খাৰিজ কৰে।

মহিলা হত্যা সন্দৰ্ভত আফজালৰ সক্ৰিয়তাক স্থানীয় নেতাসকলে ভালদৰে গ্ৰহণ কৰা নাছিল। কিন্তু আফজলক দমন কৰিব পৰা নগ’ল। এই গোচৰৰ পুনৰ তদন্তৰ বাবে আফজালে আদালতৰ কাষ চাপিছিল।

ইফালে ২০১৩ চনত আন এক হত্যাকাণ্ড সংঘটিত হয়। গাদাৰ এলেকাত আফজালৰ ৩ ভাতৃক গুলীয়াই হত্যা কৰা হয়। আফজলৰ ঘৰ জ্বলাই দিলে। সেই সময়ত আফজল সেই ঘৰত নাছিল।

উচ্চতম ন্যায়ালয়ে পুনৰ গঠন কৰিলে এখন কমিটী। আনহাতে, ৫ গৰাকী মহিলাক আদালতত হাজিৰ হ’ব লাগে বুলিও আদালতে কয়। তেতিয়াহে স্পষ্ট হ’ব যে তেওঁলোক জীয়াই আছে নে নাই। কিন্তু, বিৰোধী অধিবক্তাই কয় যে সেই অঞ্চলৰ মহিলাক আদালতলৈ অনাটো সঠিক নহ’ব। এনেদৰে ৰাজহুৱা স্থানত নাৰীক প্ৰদৰ্শন কৰাটো স্থানীয় ৰীতি-নীতিৰ বিৰুদ্ধে। বিৰোধী অধিবক্তাৰ কথাত আদালতে সন্মতি প্ৰকাশ কৰে।

২০১৬ চনত পুনৰ উচচতম ন্যায়ালয়ৰ তদন্ত সমিতিয়ে অঞ্চলটোত উপস্থিত হয়। আকৌ ৫ গৰাকী মহিলাক দেখুওৱা হৈছে। ফাৰ্জানাৰো একেই সন্দেহ হয়। তদন্ত সমিতিৰ সন্মুখত দেখুওৱা ৫ গৰাকী মহিলাৰ ছবি ফাৰ্জানাই সেই সময়ত ৰয়টাৰৰ এজন সাংবাদিকক দিছিল।

২০১০ চনৰ ভিডিঅ’টোত ৫ গৰাকী মহিলাৰ ছবি আৰু তদন্ত সমিতিৰ সন্মুখত দেখুওৱা ৫ গৰাকী মহিলাৰ ছবি একে নে নহয় সেইটো পৰীক্ষা কৰিবলৈ সাংবাদিকগৰাকীয়ে ‘ডিজিটেল বেৰিয়াৰছ’ নামৰ ব্ৰিটিছ সংস্থা এটাৰ সহায় লৈছিল। ইয়াৰ পিছত স্পষ্ট হৈ পৰিল যে ভিডিঅ’টোত দেখা মহিলা আৰু তদন্ত সমিতিৰ সন্মুখত উপস্থাপন কৰা মহিলাসকল একে নহয়।

এই প্ৰতিবেদন উচ্চতম ন্যায়ালয়ত দাখিল কৰে ফাৰ্জানাই। ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ২০১৮ চনৰ আগষ্ট মাহত কোহিস্তান আৰক্ষীয়ে এফআইআৰ দাখিল কৰে। তদন্তৰ অন্তত আৰক্ষীয়ে জনোৱা মতে, ছিৰাণ জান, বেগম জান আৰু বাজীঘাক হত্যা কৰা হৈছে। কিন্তু বাকী ২ গৰাকী মহিলা আমিনা আৰু শ্বাহীন জীয়াই আছে। অৱশ্যে তেওঁলোকৰ জীয়াই থকাৰ কোনো প্ৰমাণ দাখিল কৰিব নোৱাৰিলে আৰক্ষীয়ে।

আৰক্ষীৰ প্ৰতিবেদন অনুসৰি বাজীঘা, ছাৰিনাৰ পিতৃ আৰু বেগমৰ ভাতৃক গ্ৰেপ্তাৰ কৰা হয়। গৌৰৱেৰে স্বীকাৰ কৰিলে হত্যাকাণ্ড। ইফালে ২০১৪ চনত আফজালৰ তিনিজন ভাতৃক হত্যা কৰাৰ অপৰাধত এজন ব্যক্তিক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল। বাকী ৫ জন লোকক ২৫ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে আদালতে।

হত্যাকাণ্ডৰ ন্যায় বিচাৰি কৰা সংগ্ৰামৰ ফলত আফজাল স্থানীয় গুণ্ডাবাহিনীৰ ক্ৰোধৰ বলি হৈছিল। গতিকে সেই অঞ্চললৈ যাব নোৱাৰিলে। সেই সময়ত তেওঁ এবটাবাদলৈ গুচি যায়। সি তাতেই থাকি আছিল। আৰু তাত আৰু এটা হত্যাকাণ্ড সংঘটিত হ’ল।

২০১৯ চনৰ ৬ মাৰ্চত আফজালক গুলীয়াই হত্যা কৰা হৈছিল। ‘অনাৰ কিলিং’ৰ বিচাৰৰ বাবে যুঁজ দিয়া যুৱকজনে নিজৰ প্ৰাণ দিব লগা হ’ল। সেই বছৰৰ ছেপ্টেম্বৰ মাহত আদালতে ছাৰিনাৰ পিতৃ বাজিঘা আৰু বেগমৰ ভাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। এই ঘটনাত গ্ৰেপ্তাৰ হোৱা আৰু ৫ জন লোকক দোষমুক্ত কৰা হয়।

অৱশ্যে আফজালে এয়া চাব পৰা নাছিল। তাৰ আগতে তেওঁক হত্যা কৰা হৈছিল। যদিও সন্মানজনক হত্যাৰ শাস্তি ঘোষণা কৰা হ’ল, তথাপিও শ্বাহীন আৰু আমিনাক লৈ থকা ৰহস্যৰ সমাধান নহ’ল। তেওঁলোকৰ বিষয়ে আন একো জনা নাযায়।
FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যত কঠোৰভাৱে বলৱৎ হ'ব গো-সুৰক্ষা আইন
যুদ্ধত জড়িত হ'ব নে নহয় দুসপ্তাহত সিদ্ধান্ত ল'ব ট্রাম্পে
১০০০ ভাৰতীয়ক উদ্ধাৰৰ বাবে ইৰানে খুলি দিলে বন্ধ হৈ থকা আকাশমার্গ
ইজৰাইলৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ
যোৰহাটত ড্ৰাগছ আসক্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত দুজন
আজি বিশ্ব সংগীত দিৱস ; জানেনে সংগীত দিৱস কিয় বিশেষ?
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত