--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আদানীৰ শ্বেয়াৰত থকা ৬ টাকৈ কোম্পানীৰ ব্যৱসায়ত অনিয়মৰ গোন্ধ পাইছে উচ্চতম ন্যায়ালয়ে। শেহতীয়াকৈ আদানী বিষয়ত উচ্চতম ন্যায়ালয়ে গঠন কৰা কমিটীৰ প্ৰতিবেদন ৰাজহুৱা কৰা হৈছে।

প্ৰাৰম্ভিক প্ৰতিবেদনত ইংগিত পোৱা গৈছে যে আদানীৰ কোনো অনিয়মৰ কোনো প্ৰমাণ এতিয়াও পোৱা হোৱা নাই। কিন্তু একেটা প্ৰতিবেদনতে দাবী কৰা হৈছে যে আদানীৰ শ্বেয়াৰৰ সন্দেহজনক ব্যৱসায়ৰ সৈতে ৬টা কোম্পানী জড়িত হ’ব পাৰে।

উচ্চতম ন্যায়ালয়ৰ কমিটিৰ প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি ৪টা বিদেশী বিনিয়োগ কোম্পানীকে ধৰি মুঠ ৬টা কোম্পানীয়ে আদানীৰ শ্বেয়াৰত সন্দেহজনকভাৱে ব্যৱসায় কৰিছিল। এই সন্দেহজনক ব্যৱসায় হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদন প্ৰকাশৰ পূৰ্বেই হৈছিল।

প্ৰতিবেদন অনুসৰি, ২৪ জানুৱাৰীত হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদন প্ৰকাশৰ পূৰ্বে আদানীৰ শ্বেয়াৰত ‘শ্বৰ্ট পজিচন’ৰ সৃষ্টি কৰা হৈছিল। এই পৰিৱেশত আদানীৰ বিৰুদ্ধে আৰম্ভ হোৱা তদন্ত এতিয়া হিণ্ডেনবাৰ্গৰ বিৰুদ্ধে ঘূৰিছে বুলি বহুতৰ মত।

আদানী গোটৰ ওপৰত হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতে দেশৰ বাণিজ্যিক ক্ষেত্ৰখনত তোলপাৰ লাগিছিল। শ্বেয়াৰ বজাৰত আদানী গ্ৰুপৰ শ্বেয়াৰ হ্ৰাস পায়। এনে পৰিস্থিতিত আদানীৰ গোচৰ উচ্চতম ন্যায়ালয়ত দাখিল হয়। তাৰ পিছতে উচ্চতম ন্যায়ালয়ে বিষয়টো চোৱাচিতা কৰিবলৈ এখন বিশেষজ্ঞ সমিতি গঠন কৰে। শেহতীয়াকৈ সেই সমিতিৰ প্ৰতিবেদন ওলাল।

উল্লেখ্য যে হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত দাবী কৰা হৈছিল যে আদানী গোটে বিদেশত বেনামি কোম্পানী খুলি নিজৰ শ্বেয়াৰ ক্ৰয় কৰিছিল। এইদৰে বজাৰত ভুৱা চাহিদাৰ সৃষ্টি কৰি শ্বেয়াৰৰ মূল্য বঢ়াই তোলা হৈছিল। অৱশ্যে এই দাবীক আদানী গোটে সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে। কিন্তু তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিষয়টো উচ্চতম ন্যায়ালয়ত উত্থাপিত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব মিজোৰামৰ নতুন ৰে'লপথ
ডুৰাণ্ড কাপত নৰ্থ-ইষ্ট ইউনাইটেডৰ অভিলেখ
দুদিনীয়া ভ্রমণসূচীৰে বাংলাদেশত পাকিস্তানৰ উপ-প্রধানমন্ত্রী
৯০% মছজিদৰ ইমাম 'অচিনাকি' মানুহ, ৰাজ্যিক বিজেপিৰ মুখপাত্র মমিনুল আৱালৰ বিস্ফোৰণ
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ