--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আদানীৰ শ্বেয়াৰত থকা ৬ টাকৈ কোম্পানীৰ ব্যৱসায়ত অনিয়মৰ গোন্ধ পাইছে উচ্চতম ন্যায়ালয়ে। শেহতীয়াকৈ আদানী বিষয়ত উচ্চতম ন্যায়ালয়ে গঠন কৰা কমিটীৰ প্ৰতিবেদন ৰাজহুৱা কৰা হৈছে।

প্ৰাৰম্ভিক প্ৰতিবেদনত ইংগিত পোৱা গৈছে যে আদানীৰ কোনো অনিয়মৰ কোনো প্ৰমাণ এতিয়াও পোৱা হোৱা নাই। কিন্তু একেটা প্ৰতিবেদনতে দাবী কৰা হৈছে যে আদানীৰ শ্বেয়াৰৰ সন্দেহজনক ব্যৱসায়ৰ সৈতে ৬টা কোম্পানী জড়িত হ’ব পাৰে।

উচ্চতম ন্যায়ালয়ৰ কমিটিৰ প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি ৪টা বিদেশী বিনিয়োগ কোম্পানীকে ধৰি মুঠ ৬টা কোম্পানীয়ে আদানীৰ শ্বেয়াৰত সন্দেহজনকভাৱে ব্যৱসায় কৰিছিল। এই সন্দেহজনক ব্যৱসায় হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদন প্ৰকাশৰ পূৰ্বেই হৈছিল।

প্ৰতিবেদন অনুসৰি, ২৪ জানুৱাৰীত হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদন প্ৰকাশৰ পূৰ্বে আদানীৰ শ্বেয়াৰত ‘শ্বৰ্ট পজিচন’ৰ সৃষ্টি কৰা হৈছিল। এই পৰিৱেশত আদানীৰ বিৰুদ্ধে আৰম্ভ হোৱা তদন্ত এতিয়া হিণ্ডেনবাৰ্গৰ বিৰুদ্ধে ঘূৰিছে বুলি বহুতৰ মত।

আদানী গোটৰ ওপৰত হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতে দেশৰ বাণিজ্যিক ক্ষেত্ৰখনত তোলপাৰ লাগিছিল। শ্বেয়াৰ বজাৰত আদানী গ্ৰুপৰ শ্বেয়াৰ হ্ৰাস পায়। এনে পৰিস্থিতিত আদানীৰ গোচৰ উচ্চতম ন্যায়ালয়ত দাখিল হয়। তাৰ পিছতে উচ্চতম ন্যায়ালয়ে বিষয়টো চোৱাচিতা কৰিবলৈ এখন বিশেষজ্ঞ সমিতি গঠন কৰে। শেহতীয়াকৈ সেই সমিতিৰ প্ৰতিবেদন ওলাল।

উল্লেখ্য যে হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত দাবী কৰা হৈছিল যে আদানী গোটে বিদেশত বেনামি কোম্পানী খুলি নিজৰ শ্বেয়াৰ ক্ৰয় কৰিছিল। এইদৰে বজাৰত ভুৱা চাহিদাৰ সৃষ্টি কৰি শ্বেয়াৰৰ মূল্য বঢ়াই তোলা হৈছিল। অৱশ্যে এই দাবীক আদানী গোটে সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে। কিন্তু তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিষয়টো উচ্চতম ন্যায়ালয়ত উত্থাপিত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস