--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াৰ প্ৰস্তুতি পূৰ্ণ গতিত চলিছিল। এগৰাকী কইনাই  বিয়াৰ দিনা কইনাৰ সাজ  পিন্ধিবলৈ বিউটি পাৰ্লাৰলৈ গৈছিল। কিন্তু তেনেতে বিউটি পাৰ্লাৰত উপস্থিত হয় এজন আৰক্ষীৰ লোক।  আৰক্ষীৰ লোকজনে কোনো কথাৰ অৱতাৰণা নকৰাকৈয়ে কইনাৰ দেহলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰিবলৈ ধৰে। ফলত কইনাৰ সাজ পিন্ধা অৱস্থাতে ঢলি পৰে যুৱতীগৰাকী। 

 কইনালৈ গুলীচালনা কৰাৰ পিছত  আৰক্ষীৰ লোক জনে আত্মহত্যা কৰিবলৈ চেষ্টা কৰে। কিন্তু তেওঁ বাচি যায়। ইপিনে গুৰুতৰ ভাবে আহত কইনাগৰাকীক স্থানীয়  এখন চিকিৎসালয়লৈ লৈ যোৱা হয় ।  তাত তেওঁক  চিকিৎসাধীন কৰোৱা হয়। বিহাৰৰ মুংগেৰত সংঘটিত ঘটনাটোৱে সমগ্ৰ এলেকাটোকে জোকাৰি গৈছে। জানিব পৰা মতে ২৬ বছৰীয়া অপূৰ্ব কুমাৰীৰ বিয়া আছিল  দেওবাৰে । 

তেওঁ পুৱা   কইনাৰ সাজ পিন্ধিবলৈ এখন বিউটি পাৰ্লাৰলৈ গৈছিল। পাৰ্লাৰৰ কৰ্মচাৰীসকলে জনোৱা অনুসৰি অভিযুক্ত আৰক্ষী অমন কুমাৰে ছোৱালীজনী সেই ঠাইলৈ যোৱাৰ পিছতে তাত  উপস্থিত হয় । বৰ্তমান পাটনাত কৰ্মৰত অমন কুমাৰে বিউতিপাৰ্লাৰত প্ৰৱেশ কৰিয়েই কইনালৈ গুলী চলায়।

 অমন কুমাৰে চলোৱা গুলী কইনাৰ কান্ধত লাগি বুকুৰ সোঁপিনেৰে ওলাই গৈছে। কি কাৰণত অমন কুমাৰে কইনাক গুলীয়ালে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। বহুতে সন্দেহ কৰা অনুসৰি  প্ৰেমজনিত কোনো কাৰণৰ বাবেই অমনে কইনাগৰাকীক গুলীয়াব পাৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস