--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুছলমান যুৱকৰ সৈতে বিজেপি নেতাৰ কন্যাৰ বিয়াক লৈ প্ৰতিবাদ আৰম্ভ হৈছে! উত্তৰাখণ্ডৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতা যশপাল বেনামৰ কন্যাৰ বিবাহ ঠিক হৈছে এজন মুছলমান যুৱকৰ সৈতে। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই বিবাহৰ কাৰ্ড।

হিন্দুত্ববাদী সংগঠনসমূহে এই বিবাহৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পিছতে যশপালে খৰখেদাকৈ কন্যাৰ বিয়াৰ অনুষ্ঠান স্থগিত কৰে।

উত্তৰাখণ্ডৰ বিজেপি নেতাগৰাকীয়ে নিজৰ কন্যাৰ বিয়াৰ ব্যৱস্থা কৰে কন্যাৰ প্ৰেমিকৰ লগত। অৱশেষত জীয়েকৰ বিবাহ ভংগ কৰিবলৈ বাধ্য হ’ল নেতাগৰাকী।

নেতাগৰাকীয়ে কয়- “এজন জনপ্ৰতিনিধি হিচাপে মানুহৰ অনুভুতিক মই সন্মান কৰো।” তদুপৰি জনায় যে দৰাৰ পৰিয়ালৰ সৈতে ‘পাৰস্পৰিক সন্মতি’ত ছোৱালীজনীৰ বিবাহ বাতিল কৰা হৈছে।

অহা ২৮ মে’ত বিজেপি নেতাৰ কন্যাৰ বিবাহৰ কথা আছিল। শনিবাৰে সাংবাদিকৰ আগত বিজেপি নেতাগৰাকীয়ে কয় যে ২৮ মে’ত হ’বলগীয়া এই বিবাহ এতিয়া বাতিল কৰা হৈছে। অৱশ্যে পৰিয়াল আৰু শুভাকাংক্ষীসকলৰ সৈতে আলোচনা কৰি পৰৱৰ্তী সিদ্ধান্ত লোৱা হ’ব বুলিও তেওঁ কয়।

উল্লেখ্য যে পাউৰি গড়ৱালৰ পৌৰসভাৰ অধ্যক্ষ পদত আছে বিজেপি নেতাগৰাকী। শুকুৰবাৰে হিন্দুত্ববাদী সংগঠনসমূহে বিজেপি নেতা যশপালৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনসমূহে তেওঁৰ প্ৰতিমূৰ্তিও জ্বলাই দিয়ে। এই প্ৰতিবাদত বিশ্ব হিন্দু পৰিষদ, ভৈৰৱ সেনা আৰু বজৰং দলে অংশগ্ৰহণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব মিজোৰামৰ নতুন ৰে'লপথ
ডুৰাণ্ড কাপত নৰ্থ-ইষ্ট ইউনাইটেডৰ অভিলেখ
দুদিনীয়া ভ্রমণসূচীৰে বাংলাদেশত পাকিস্তানৰ উপ-প্রধানমন্ত্রী
৯০% মছজিদৰ ইমাম 'অচিনাকি' মানুহ, ৰাজ্যিক বিজেপিৰ মুখপাত্র মমিনুল আৱালৰ বিস্ফোৰণ
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ