--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুছলমান যুৱকৰ সৈতে বিজেপি নেতাৰ কন্যাৰ বিয়াক লৈ প্ৰতিবাদ আৰম্ভ হৈছে! উত্তৰাখণ্ডৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতা যশপাল বেনামৰ কন্যাৰ বিবাহ ঠিক হৈছে এজন মুছলমান যুৱকৰ সৈতে। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই বিবাহৰ কাৰ্ড।

হিন্দুত্ববাদী সংগঠনসমূহে এই বিবাহৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পিছতে যশপালে খৰখেদাকৈ কন্যাৰ বিয়াৰ অনুষ্ঠান স্থগিত কৰে।

উত্তৰাখণ্ডৰ বিজেপি নেতাগৰাকীয়ে নিজৰ কন্যাৰ বিয়াৰ ব্যৱস্থা কৰে কন্যাৰ প্ৰেমিকৰ লগত। অৱশেষত জীয়েকৰ বিবাহ ভংগ কৰিবলৈ বাধ্য হ’ল নেতাগৰাকী।

নেতাগৰাকীয়ে কয়- “এজন জনপ্ৰতিনিধি হিচাপে মানুহৰ অনুভুতিক মই সন্মান কৰো।” তদুপৰি জনায় যে দৰাৰ পৰিয়ালৰ সৈতে ‘পাৰস্পৰিক সন্মতি’ত ছোৱালীজনীৰ বিবাহ বাতিল কৰা হৈছে।

অহা ২৮ মে’ত বিজেপি নেতাৰ কন্যাৰ বিবাহৰ কথা আছিল। শনিবাৰে সাংবাদিকৰ আগত বিজেপি নেতাগৰাকীয়ে কয় যে ২৮ মে’ত হ’বলগীয়া এই বিবাহ এতিয়া বাতিল কৰা হৈছে। অৱশ্যে পৰিয়াল আৰু শুভাকাংক্ষীসকলৰ সৈতে আলোচনা কৰি পৰৱৰ্তী সিদ্ধান্ত লোৱা হ’ব বুলিও তেওঁ কয়।

উল্লেখ্য যে পাউৰি গড়ৱালৰ পৌৰসভাৰ অধ্যক্ষ পদত আছে বিজেপি নেতাগৰাকী। শুকুৰবাৰে হিন্দুত্ববাদী সংগঠনসমূহে বিজেপি নেতা যশপালৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনসমূহে তেওঁৰ প্ৰতিমূৰ্তিও জ্বলাই দিয়ে। এই প্ৰতিবাদত বিশ্ব হিন্দু পৰিষদ, ভৈৰৱ সেনা আৰু বজৰং দলে অংশগ্ৰহণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস