--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ডিমা হাছাও জিলাৰ উমৰাংছুত প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰি এটাৰ পাছত আনটো চিমেন্ট কাৰখানা স্থাপনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আম আদমী পাৰ্টি। চৰকাৰ খনৰ জন বিৰোধী কাৰ্যকলাপক তীব্ৰ গৰিহণা দি দলটোৱে গুৱাহাটীৰ গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত এখন সংবাদমেলত অনুষ্ঠিত কৰে৷

সংবাদমেল সম্বোধন কৰি আপৰ মুখপাত্ৰ পুনম গগৈয়ে কয় যে ‘বৰ্তমানৰ চৰকাৰে ডিমা হাছাও জিলাৰ খিলঞ্জীয়া জনসাধাৰণক নিজৰ ভেটি মাটিৰ পৰা উচ্ছেদ কৰি সেই মাটি পুঁজিপতিক গতাই দিব বিচাৰিছে। উমৰাংছুৰ ৯ হাজাৰ বিঘা মাটি গুজৰাটৰ ব্যৱসায়ী গৌতম আদানিৰ চিমেন্ট কাৰখানা স্থাপনৰ বাবে আবন্টন দিছে। উমৰাংছু অঞ্চলৰ ডিমাছা, কুকি, কাৰ্বি আদি জনগোষ্ঠীৰ শ শ পৰিয়ালক উচ্ছেদ কৰি পুঁজিপতিৰ স্বাৰ্থ সিদ্ধি কৰিব বিচাৰিছে। এটা কথাত বিজেপিৰ ঘনিষ্ঠ গুজৰাটী বনিয়াৰ হাতত বিজেপি চৰকাৰে খিলঞ্জীয়াৰ জাতি-মাটি-ভেটি বিক্ৰী কৰিবলৈ ওলাইছে। আমি আম আদমী পাৰ্টিয়ে চৰকাৰৰ খিলঞ্জীয়া বিৰোধী পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰিছোঁ।’
 
সংবাদমেলত পুনম গগৈয়ে ডিমা হাছাও জিলাক উত্তৰ পূৰ্বাঞ্চলৰ ছুইজাৰলেণ্ড বুলি অভিহিত কৰি অঞ্চলটোৰ মনোমোহা প্ৰাকৃতিক পৰিবেশৰ ওপৰত ভিত্তি কৰি পৰ্যটন উদ্যোগ গঢ়ি তুলিবলৈ দাবী জনায়। আনহাতে, অসমৰ ভূগৰ্ভত থকা প্ৰাকৃতিক গেছ উদ্ঘাটন আৰু তেল খননৰ বাবে হোলোঙাপাৰ গিবন অভয়াৰণ্য বেদান্ত গ্ৰুপক গতাই দিয়াৰ বিৰুদ্ধেও সৰৱ হয় আপৰ নেত্ৰী গৰাকী। প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ স্বাৰ্থত দুষ্প্ৰাপ্য হলৌ বান্দৰৰ বাসভূমি গিবন অভয়াৰণ্যত খননৰ পৰিকল্পনা প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। 

ইপিনে, ৰাজ্য চৰকাৰে হকে-বিহকে চলোৱা উচ্ছেদ অভিযানৰো তীব্ৰ বিৰোধিতা কৰে পুনম গগৈয়ে। শেহতীয়া ভাৱে উচ্ছেদৰ বলি হোৱা সোণাপুৰৰ কচুতলীৰ ৪৭ টা পৰিয়ালে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ ভিত্তিত ন্যায়ালয়ে অসম চৰকাৰলৈ আদালত অৱমাননাৰ জাননী প্ৰেৰণ কৰিছে। এই সন্দৰ্ভত আপৰ নেত্ৰী গৰাকীয়ে চৰকাৰৰ উচ্ছেদৰ ৰাজনীতিৰ বিৰোধিতা কৰি কয় যে কোনো ধৰণৰ পুনৰসংস্থাপনৰ ব্যৱস্থা নকৰাকৈ চৰকাৰে উচ্ছেদ বন্ধ কৰা উচিত। উল্লেখযোগ্য যে সংবাদমেলত আপৰ নেত্ৰী মিতালী গগৈ আৰু যুৱ নেতা লক্ষ্যজিৎ গগৈয়ো উপস্থিত থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু